Logo
image

আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰথম এদিনীয়া

জোহানেছবাৰ্গ, ১৭ ডিচেম্বৰঃ বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সন্মুখীন হোৱা পৰাজয়ৰ পাছত আজি নতুন উদ্যমেৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত অভিযান আৰম্ভ কৰিব ভাৰতীয় ক্ৰিকেট দলে৷ তিনিখনীয়া মেচৰ শৃংখলাৰ প্ৰথম এদিনীয়াখন অনুষ্ঠিত হ’ব জোহানেছবাৰ্গৰ ৱাণ্ডাৰাৰ্ছ ষ্টেডিয়ামত৷ সন্মুখত আছে টি-টুৱেণ্টী বিশ্বকাপ৷ সেই দিশৰ পৰা এদিনীয়া শৃংখলাটোৰ প্ৰসাংগিকতাক লৈ প্ৰশ্ন উঠিব পাৰে৷ কিন্তু ২০২৫ চনত অনুষ্ঠিত হ’ব লগা চেম্পিয়নছ ট্ৰফীৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত আৰু দক্ষিণ আফ্ৰিকা উভয় দলেই নতুন খেলুৱৈক এই শৃংখলাটোৰ যোগেদিয়েই সাজু কৰাৰ সুযোগ পাব৷ যোৱা ১৫ বছৰত বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই বগা বলৰ ফৰ্মেটক বিশেষ মাত্ৰা দিছে৷ কিন্তু তেওঁলোকৰ কেৰিয়াৰ যৱনিকা পৰাৰ দিশত গতি কৰাৰ সময়ত দলৰ ধাৰা ধৰি ৰখাৰ দায়িত্ব আহি পৰিছে তৰুণ প্ৰজন্মৰ ওপৰত৷ এদিনীয়া শৃংখলাটোত ভাৰতীয় দলক নেতৃত্ব দিব কে এল ৰাহুলে৷ তেওঁ পূৰ্বেও ভাৰতীয় দলক নেতৃত্ব দিছে৷ কিন্তু দক্ষিণ আফ্ৰিকাত ভাৰতীয় দলক জয়ত নেতৃত্ব দিব পাৰিলে তেওঁ এই পদত দীঘলীয়াকৈ থকাৰ সুযোগ পাব পাৰে৷ চলিত বৰ্ষত টি-টুৱেণ্টী ক্ৰিকেটত কৰা প্ৰদৰ্শনেৰে ভাৰতীয় এদিনীয়া দলত স্থান পাবলৈ সক্ষম হৈছে ৰিংকু সিঙে৷ বাঁওহতীয়া খেলুৱৈজনৰ দেওবাৰে এদিনীয়াত অভিষেক ঘটাৰ সম্ভাৱনা আছে৷ তেওঁৰ দৰে তিলক বাৰ্মা, ৰজট পাটিদাৰ আদিও সুযোগৰ অপেক্ষাত আছে৷ জ্যেষ্ঠ খেলুৱৈৰ অনুপস্থিতিত ভাৰতীয় বেগী বলিং বিভাগৰ দায়িত্ব ল’ব লাগিব অভেশ খান, মুকেশ কুমাৰ আৰু অৰ্শদীপ সিঙে৷ জোহানেছবাৰ্গৰ তৃতীয় টি-টুৱেণ্টীত স্পিনাৰে সহায় পাইছিল৷ সেই দিশলৈ লক্ষ্য ৰাখি দেওবাৰে প্ৰথম এদিনীয়াত দলত স্থান পাব পাৰে কুলদীপ যাদৱ, অক্ষৰ পেটেল আৰু যুজবেন্দ্ৰ চাহলে৷ টপ অৰ্ডাৰতো বেট ধৰিব পৰা ৱাশ্বিংটন সুন্দৰকো সুযোগ দিয়াৰ কথা ভাবিব পাৰে ভাৰতীয় টীম মেনেজমেণ্টে৷ সুযোগ পালে চাহলে ভাৰতীয় নিৰ্বাচকক প্ৰভাৱিত কৰাৰ প্ৰয়াস চলাব৷