Logo
image

শুক্ৰাচাৰ্য নাই, তথাপিও শালবনৰ তলত সফল বাদুংদুপ্পা নাট উৎসৱ

ৰামপুৰৰ পৰা নীলমণি শৰ্মা আৰু দেৱদত্ত ৰাভা, আমাৰ অসমঃ ব্যতিক্ৰমী নাট্যশৈলীৰে বিশ্ববাসীৰ আগত বাদুংদুপ্পাক প্ৰতিষ্ঠা  কৰিবলৈ সক্ষম হোৱা প্ৰয়াত নাট্যশিল্পী তথা পৰিচালক শুক্ৰাচাৰ্য ৰাভাৰ সপোনৰ আণ্ডাৰ দ্য শাল ট্ৰী আজি নিজম পৰিল৷ বিগত ১৫ডিচেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত আণ্ডাৰ শাল ট্ৰী নাট সমাৰোহৰ প্ৰতিটো দিনে দেশ-বিদেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অহা শতাধিক নাট্যপ্ৰেমীৰে উখল-মাখল হৈ আছিল বাদুংদুপ্পা শালনীবাৰী৷ প্ৰাকৃতিৰ সান্নিধ্য এৰি আণ্ডাৰ দ্য শাল ট্ৰীৰ পৰা সকলো এতিয়া ঘৰমুখী৷ নাট্য সমাৰোহৰ আন্তিমখন নাট অনুষ্ঠিত হয় পুৱা ১০বজাত৷ ভূপালৰ নয়া থিয়েটাৰে বিশিষ্ট নাট্যকাৰ প্ৰয়াত হাবিব তনভিৰ জন্ম শতবাৰ্ষিকী উপলক্ষে প্ৰদৰ্শন কৰে ‘চৰণ দাস  চোৰ’৷ নাটকখনত এজন চোৰৰ সততাৰ কাহিনী নাট্যকাৰে সুন্দৰভাৱে প্ৰকাশ কৰে৷ মিছাৰে তথা নজনাকৈয়ে বহুতে চোৰ কৰে, কিন্তু চৰণ দাস চোৰ ব্যতিক্ৰম৷ জীৱন-জীৱিকাৰ সম্বল হিচাবে চুৰিকাৰ্য একমাত্ৰ সম্বল হিচাবে লৈছিল যদিও চাৰণ দাসৰ চুৰিকাৰ্যত লুকাই আছিল সততা৷ মানৱতা আছিল তেওঁ অনন্যা গুণ৷ চুৰিকাৰ্যৰে সহায় কৰিছিল দুখীয়া-দৰিদ্ৰক৷ মিছা মাতিব নোৱৰা বাবে এদিন ৰজাৰ হাতত প্ৰাণ গ’ল চৰন দাসৰ৷ ছত্তিশগড়ী হিন্দী ভাষাৰ এই নাট চাবলৈ আজি অভাৱনীয় ভিৰ হয় বাদুংদুপ্পাৰ শালনীবাৰীত৷ বাদুংদুপ্পাৰ শালনিবাৰীত নাটক যেনেকৈ ব্যতিক্ৰমী ইয়াৰ সকলো কাম-কাজো তেনে ব্যতিক্ৰমী৷ বিগত ১৪বছৰৰ পৰাই বাদুংদুপ্পাই এই পৰম্পৰা লগত লৈয়ে ফুৰিছে, এৰা নাই পৰম্পৰা৷ নাট মঞ্চস্থ কৰা সময় দুটা, এখন পুৱা ১০ বজাত আনখন বিয়লি ২.৩০ত৷ পাৰ্থক্য এইখিনিতে যে বাদুংদুপ্পাৰ নাটক মানে সঠিক সময়ৰ, এক ছেকেণ্ড হেৰফেৰ নহয়, সেয়ে সময়তকৈ আগতে আহিব লাগে দৰ্শক৷ প্ৰতিখন নাটক চাবলৈ দেনিক একেলগে প্ৰায় ৬শ লোকৰ আগমন ঘটে, পিছে এই নাট পৰিৱেশ¸নৰ সময়ত ব্যৱহাৰ নহয় মাইকৰ৷ নাটক চলি থকাৰ সময়ত নিস্তব্ধ হৈ পৰে বাদুংদুপ্পাৰ আণ্ডাৰ দ্য শাল ট্ৰী৷ কেৱল বাজি থাকিল নাটকৰ সংলাপ৷ এই পৰিৱেশ নেদেখিলে অনুধাৱন কৰাটো বহুতৰ বাবেই কঠিন৷ সেইবাবে বহুতে ডিচেম্বৰৰ ১৫তাৰিখ আহিলে ধাপলি মেলে বাদুংদুপ্পাৰ শালনীবাৰীলৈ৷ প্ৰত্যেকদিনাই নাটৰ সামৰণিত বাদুংদুপ্পা কলা কেন্দ্ৰৰ সভানেত্ৰী তথা প্ৰয়াত বিশিষ্ট নাট্যকাৰ শুক্ৰাচাৰ্য ৰাভা সহধৰ্মিনী চিনা ৰাভা, সঞ্চালক মদন ৰাভাই ৰাভা জাতীয় পাজা আৰু স্মাৰক বাদুংদুপ্পাৰে সম্বোধন জ্ঞাপন কৰে৷