Logo
image

উজনিত তৎপৰ ‘নিয়া’, যোৰহাটত ৰিভিউ বৈঠকত বহিল মুখ্যমন্ত্ৰীও

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু কাকপথাৰৰ প্ৰতিবেদক, ১৮ ডিচেম্বৰঃ উজনিত আলফা স্বাধীনে ধাৰাবাহিকভাৱে গ্ৰেণেড বিস্ফোৰণ ঘটোৱাৰ পাছতে তৎপৰ হৈছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ ‘নিয়া’৷ উল্লেখ্য, যোৱা বৃহস্পতিবাৰে সন্ধিয়া যোৰহাটৰ লিচুবাৰীস্থিত সেনা বাহিনীৰ ৪১ নং চাব এৰিয়াৰ চৌহদত আলফা স্বাধীনে এক গ্ৰেণেড বিস্ফোৰণ ঘটাইছিল৷ এই ঘটনাৰ তদন্ত কৰিবলৈ শনিবাৰে কলকতাৰ পৰা এটা নিয়াৰ দল আহি যোৰহাটত উপস্থিত হয়৷ নিয়াৰ দলটোৱে কালি দিনৰ ১১.৪৫ বজাৰ পৰা বিয়লি ৩.৫০ বজালৈ সেনা চৌহদত উপস্থিত থাকি তন্নতন্নকৈ সকলো দিশপৰ্যবেক্ষণ কৰে৷ আজি নিয়াৰ দলটো ডিৰাকৰ সেনা চাউনিত উপস্থিত হৈ গ্ৰেণেড বিস্ফোৰণস্থলী পৰিদৰ্শন কৰে৷ বিগত এটা পষেকৰ ভিতৰত তিনিখন জিলাৰ তিনিটা স্থানত আলফাই গ্ৰেণেড বিস্ফোৰণ ঘটোৱাৰ পিচৰে পৰা সষ্টম হৈ পৰিছে নিৰাপত্তা বাহিনী সমূহ৷ বিশেষকৈ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ মাজত চলি থকা বাক যুদ্ধই পৰিস্থিতি অধিক স্পৰ্শকাতৰ কৰি তুলিছে৷ বিগত ২৩ নৱেম্বৰত কাকপথাৰ অঞ্চলৰ ডিৰাক কপাহতলিস্থিত সেনা চাউনিৰ কাষতে সন্দেহযুক্ত আলফা স্বাধীনৰ সদস্যই গ্ৰেণেড বিস্ফোৰণ ঘটোৱাৰ পিচত পুনৰ ৪ ডিচেম্বৰত সেনা চাউনিটোৰ কাষতে থকা কণ্ঠেশ্বৰ চেতিয়াৰ গেৰেজ ঘৰৰ ওপৰৰ পৰা গ্ৰেণেড উদ্ধাৰ হোৱা ঘটনাৰ তদন্ত কৰিবলৈ আজি দিনৰ ভাগত এন আই এৰ এটা দলে তিনিচুকীয়া আৰক্ষী প্ৰশাসনৰ উচ্ছপদস্থ বিষয়াক লগত লৈ কপাহতলিস্থ সেনা চাউনিত উপস্থিত হৈ ঘটনাৰ শুংসূত্ৰ বিচাৰি তদন্ত চলায়৷ এন আই এৰ দলটোৱে সেনা চাউনিৰ কাষতে থকা কণ্ঠেশ্বৰ চেতিয়া নামৰ লোকজনকো সোধপোছ কৰা বুলি জানিব পৰা গৈছে৷  ইফালে, নিয়াৰ তৎপৰতাৰ মাজতে উন্নয়নৰ বাৰ্তালৈ আজি যোৰহাটত ৰিভিউ বৈঠকত বহিল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাট আৱৰ্ত ভৱনত অনুষ্ঠিত এখন বৈঠকত জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়৷ বৈঠকত মুখ্যমন্ত্ৰীয়ে হোলোঙাপাৰত জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদামস্থলীত সুবিশাল প্ৰতিমূৰ্তিসহ নিৰ্মাণ হৈ থকা বৃহৎ প্ৰকল্পটোৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিবলগীয়া এই প্ৰকল্পটোৰ কাম-কাজ নিদ্ধৰ্াৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ তেওঁ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে লগতে এই বৈঠকত সংহত জিলা আয়ুক্ত কাৰ্যালয়, জিলা ক্ৰীড়া ষ্টেডিয়াম কমপ্লেক্স, যোৰহাট কাৰাগাৰ পৰিসৰৰ ভূমিত স্বাধীনতা সংগ্ৰাম উদ্যান, যোৰহাট নগৰৰ পানী যোগান প্ৰকল্প, দক্ষতা বিকাশ কেন্দ্ৰ, যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহৰ আধুনিকীকৰণ, ললিতিত ব্ৰহ্মপুত্ৰৰ মথাউৰি নিৰ্মাণ, একাধিক নতুন দলং নিৰ্মাণ আদিকে ধৰি সৰু-বৰ প্ৰতিটো প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়৷ মুখ্যমন্ত্ৰীয়ে বৈঠকত কয় যে ৰাজ্য চৰকাৰে এই প্ৰকল্পসমূহ দ্ৰুত গতিৰে সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ স্মৰ্তব্য যে ২০২২ চনৰ ১৫ ডিচেম্বৰত যোৰহাটত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত যোৰহাটকেন্দ্ৰিক কেইবাটাও উন্নয়নমূলক আঁচনি গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছিল৷ তদুপৰি ড॰ শৰ্মাই বিভিন্ন সময়ত যোৰহাট ভ্ৰমণকালত ৰাজহুৱা সভাত অংশগ্ৰহণৰ সময়তো অঞ্চলটোৰ দ্ৰুত উন্নয়নৰ অৰ্থে একাধিক আঁচনি তথা প্ৰকল্প ঘোষণা কৰিছিল৷ মুখ্যমন্ত্ৰীয়ে এই প্ৰতিটো প্ৰকল্পৰে ৰূপায়ণৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাৱলীৰ পৰ্যালোচনা কৰে৷ বৈঠকত সংশ্লিষ্ট বিভাগসমূহে প্ৰেজেণ্টেশ্যনৰ জৰিয়তে যোৰহাটত ৰূপায়ণ হৈ থকা প্ৰকল্পসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ সম্পৰ্কত মুখ্যমন্ত্ৰীক অৱগত কৰে৷ বৈঠকত জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা, জনস্বাস্থ্য কৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাংসদ তপন কুমাৰ গগৈ, বিধায়ক মানৱ ডেকাৰ উপৰি জিলা আয়ুক্ত পুলক মহন্তসহ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে৷