Logo
image

গীতানগৰত অম্বিকাগিৰীৰ মাটিয়েই নাই, দখল কেনেকৈ?

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৮ ডিচেম্বৰঃ অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ পৰিয়ালৰ ভূমি বেদখলৰ খবৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ সময়তে প্ৰয়াত বৰেণ্য কবি-সাহিত্যিকগৰাকীৰ নাতিয়েকে আনিছে এক বিস্ফোৰক অভিযোগ৷ অম্বিকাগিৰী ৰায়চৌধুৰীৰ পৰিয়ালৰ গুৱাহাটীৰ গীতা নগৰ থানাৰ অন্তৰ্গত অম্বিকাগিৰী নগৰত থকা মাটি ভূ-মাফিয়াই দখল কৰা বুলি প্ৰচাৰ চলালেও অম্বিকাগিৰী ৰায়চৌধুৰীৰ কোনো ভূমি-সম্পত্তি গীতানগৰ অঞ্চলত নাই বুলি স্পষ্ট কৰি দিছে প্ৰয়াত কবিগৰাকীৰ নাতিয়ে৷ অম্বিকাগিৰী ৰায়চৌধুৰীৰ নাম অপব্যৱহাৰ কৰি আন কোনো ব্যক্তিকে চৰকাৰ-প্ৰশাসনৰ পৰা নিজৰ সুবিধা আদায় কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিছে অম্বিকাগিৰীৰ পো-নাতি ৰত্নমগিৰী ৰায়চৌধুৰীয়ে৷ অসম কেশৰী ৰায়চৌধুৰীৰ নিজস্ব ভূমি-সম্পত্তি একমাত্ৰ গুৱাহাটীৰ শিলপুখুৰীত থকা বুলিও সদৰী কৰিছে নাতি ৰত্নমগিৰী ৰায়চৌধুৰীয়ে৷ উল্লেখ্য, অম্বিকাগিৰী ৰায়চৌধুৰীৰ পৰিয়ালৰ গীতানগৰত থকা মাটি ভূ-মাফিয়াৰ কবলত পৰাৰ এটা অভিযোগ লাভ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ এই অভিযোগৰ পাছতেই মুখ্যমন্ত্ৰীয়ে গুৱাহাটী আৰক্ষীক অম্বিকাগিৰী ৰায়চৌধুৰীৰ পৰিয়ালৰ গীতানগৰত থকা ভূমি মাফিয়া চক্ৰৰ পৰা উদ্ধাৰ কৰিবলৈ নিৰ্দেশ দিছিল৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতেই নিজকে অম্বিকাগিৰী ৰায়চৌধুৰী পৰিয়ালৰ বংশধৰ বুলি দাবী কৰা কৌমুদী ৰায়চৌধুৰী নামৰ এগৰাকী ব্যক্তিয়ে গীতানগৰ থানাৰ লগতে গুৱাহাটী আৰক্ষীৰ ক্ৰাইম ব্ৰান্সকো ভূমি বে-দখলৰ এজাহাৰ দাখিল কৰিছিল৷ এই এজাহাৰৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে ভূ-মাফিয়া চক্ৰটোক গ্ৰেপ্তাৰ কৰি দখলকৃত ভূমি উদ্ধাৰ কৰি এজাহাৰকাৰীক চমজাই দিছিল৷ কিন্তু অম্বিকাগিৰী ৰায়চৌধুৰী পৰিয়ালৰ গীতানগৰৰ ভূমি বেদখল হোৱা বুলি প্ৰচাৰিত বাতৰিৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম কেশৰী ৰায়চৌধুৰীৰ নাতি ৰত্নমগিৰী ৰায়চৌধুৰীয়ে৷ এই সন্দৰ্ভত ‘আমাৰ অসম’ৰ আগত ৰত্নমগিৰী ৰায়চৌধুৰীয়ে কয়– অম্বিকাগিৰী ৰায়চৌধুৰীৰ পৰিয়ালৰ কোনো মাটি সম্পত্তি গুৱাহাটীৰ গীতানগৰ অঞ্চলত নাই৷ গীতানগৰত মাটি নথকাকৈ বে-দখল হ’ল কেনেকৈ? অম্বিকাগিৰীৰ স্মৃতিবিজড়িত ভেটি আছে মহানগৰীৰ শিলপুখুৰী অঞ্চলতহে৷ ৰায়চৌধুৰীয়ে শিলপুখুৰী ঘৰতেই জীৱন পাৰ কৰিছিল৷ অম্বিকাগিৰীৰ নিজা পৰিয়ালৰ শিলপুখুৰীৰ নিজা ঘৰৰ মাটিৰ বাহিৰে আন কোনো ঠাইত মাটি নাই৷ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ দৰে গীতানগৰ অঞ্চলত কোনো মাটি নাই৷ অম্বিকাগিৰী ৰায়চৌধুৰীৰ দুজন পুত্ৰ আছিল৷ এজন মোৰ পিতৃ প্ৰয়াত ভগগিৰী ৰায়চৌধুৰী আৰু আনজন মোৰ খুড়া প্ৰয়াত ভাৰ্গৱগিৰী ৰায়চৌধুৰী৷ মোৰ প্ৰয়াত খুড়া ভাৰ্গৱগিৰী ৰায়চৌধুৰীয়ে সংসাৰ কৰা নাছিল৷ সেয়েহে অম্বিকাগিৰী ৰায়চৌধুৰী  পৰিয়ালৰ কেৱল শিলপুখুৰীতহে ভূমি আছে৷ গীতানগৰত ৰায়চৌধুৰী বংশৰ আন কোনো সদস্যৰ মাটি সম্পত্তি থাকিব পাৰে৷ সেই বুলি অম্বিকাগিৰী ৰায়চৌধুৰীৰ নিজৰ পৰিয়ালৰ ভূমি বুলি প্ৰচাৰ কৰি মুনাফা আদায় কৰাটো দুৰ্ভাগ্যজনক৷