Logo
image

ঋণ লোৱাটো ৰাজ্যৰ অৰ্থনীতিৰ বাবে নেতিবাচক নেকি? ভিন্নমত বিশিষ্টজনৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ ডিচেম্বৰঃ  চৰকাৰে আৰ্থিক নাটনিৰ জোৰা মাৰিবলৈ নিজৰ চিকিউৰিটী বণ্ডৰ বিনিময়ত পুনৰ ৫০০ কোটি টকাৰ ঋণ ল’বলৈ সাজু হোৱাক লৈ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সৰ্বস্তৰৰ ৰাইজে চৰকাৰখনে পুনৰ ঋণ ল’বলৈ প্ৰস্তুতি চলোৱাক লৈ আশংকা প্ৰকাশ কৰিছে৷ ১২ ডিচেম্বৰত হিমন্ত বিশ্ব শৰ্মা  নেতৃত্বাধীন চৰকাৰখনে ৰিজাৰ্ভ বেংকৰ জৰিয়তে মুকলি বজাৰৰ পৰা এহাজাৰ কোটি টকাৰ ঋণ লোৱাৰ এসপ্তাহৰ ভিতৰত অৰ্থাৎ ১৯ ডিচেম্বৰত পুনৰ ৫০০ কোটি টকা ঋণ ল’বলৈ সাজু হোৱাৰ পৰিপ্ৰেক্ষিততে প্ৰশ্ন উত্থাপিত হৈছে ৰাজ্য এখনৰ কল্যানৰ বাবে ইমানেই প্ৰয়োজন নে ঋণৰ? এখন ৰাজ্যৰ উন্নয়ন কৰিবলৈ হ’লে ঋণৰ প্ৰয়োজন আছেনে? ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি পঞ্জাৱৰ ঋণৰ হাৰ ৫৬.২৭ শতাংশ৷ পশ্চিমবংগৰ ঋণৰ হাৰ ৬৩.৯৪ শতাংশ৷ ইয়াৰ বিপৰীতে ৰাজস্থানৰ ঋণৰ হাৰ ৯০.৬৫ শতাংশ, অসমৰ ঋণৰ হাৰ ১৮৮.৩৪ শতাংশ৷ অৰ্থাৎ অসমৰ ঋণৰ হাৰ ৰাজস্থানতকৈ দুগুণে বেছি৷ ঋণ লোৱাক লৈ বিভিন্ন পক্ষই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– ‘মোৰ মূৰত ধাৰৰ বোজা নাই৷ আপোনাৰ মূৰত যদি ধাৰৰ বোজা আছে, তেতিয়াহ’লে আপুনিয়েই সেই ধাৰৰ বোজা মাৰিব লাগিব৷ ধাৰক লৈ মোৰ কোনো টেনছন নাই৷ চৰকাৰে লোৱা ঋণৰ বাবে কাৰো মূৰৰ ওপৰত বোজা নাই৷ এইবিলাক সাহিত্যিকে লিখা কথা৷ নিজেই বেংকৰ পৰা লোৱাখিনিহে নিজৰ বোজা৷ চৰকাৰে লোৱা ঋণৰ বোজা চৰকাৰৰ আৰু তাক চৰকাৰে পৰিশোধ কৰি থাকিব৷ এনে প্ৰচাৰ কৰি নিজৰ জাতিটোক ক্ষতি কৰে নেকি? এনে কথা প্ৰকাশ পোৱাৰ লগে লগে অসমলৈ আহিবলগীয়া বিনিয়োগকাৰী হ্ৰাস পাব৷’ ঋণক লৈ ব্যাপক ৰাজ্যত তীব্ৰ বিতৰ্কৰ সৃষ্টি হোৱাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয়– ‘অৰ্থনীতিৰ অলপ হ’লেও ধাৰণা থকা লোকে ভালদৰে জানে যে উন্নয়নৰ লগত ঋণৰ অভিন্ন সম্পৰ্ক৷ আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, জাৰ্মানী, অষ্ট্ৰেলিয়াৰ দৰে উন্নত দেশৰো ঋণ আছে৷ মূল কথাটো সেইটোহে ঋণৰ টকাৰ সদব্যৱহাৰ হৈছেনে নাই? ঋণে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ সীমা অতিক্ৰম কৰিছে নেকি! ৰিজাৰ্ভ বেংকে বিগত ১৪ ডিচেম্বৰত প্ৰকাশ কৰা সৰ্বাধিক ঋণগ্ৰস্ত ৰাজ্যৰ তালিকাত দূৰ দূৰণিলৈ কিন্তু অসমৰ নাম নাই৷ সৰ্বাধিক ঋণ লোৱা, বিপদজনক হৈ উঠা ৰাজ্যেৰ তালিকাত আছে সৌ সিদিনালৈকে কংগ্ৰেছৰ শাসন থকা ৰাজস্থান, পশ্চিমবংগ, বিহাৰ, কেৰালা, পাঞ্জাৱ, হিমাচল প্ৰদেশৰ দৰে ৰাজ্য৷ ৰিজাৰ্ভ বেংকৰ তথ্যমতেই অসমতকৈ সৰু ৰাজ্য পঞ্জাৱৰ ঋণ হৈছে ৩ লাখ ১২ হাজাৰ কোটি, অসমতকৈ সৰু ৰাজ্য কেৰালাত ৩লাখ ৫৭ হাজাৰ কোটি, চুবুৰীয়া পশ্চিম বংগত প্ত লাখ ৯০ হাজাৰ কোটি, ৰাজস্থানত ৫ লাখ ৩৮ হাজাৰ কোটি হোৱাৰ বিপৰীতে অসমৰ ঋণ ১ লাখ ৩৫ হাজাৰ কোটি টকা৷ ঋণ লোৱাটো স্বাভাৱিক প্ৰক্ৰিয়া৷ অসমেও লৈছে, কিন্তু বেলেগ ৰাজ্যৰ তুলনাত কম ঋণগ্ৰস্ত হৈয়েই আছে অসম৷ অসমে ঋণ লোৱা আৰু সময়মতে ঘূৰাই দিয়াৰ ৰিজাৰ্ভ বেংকৰ সতৰ্কতাৰ সকলো চৰ্ত পূৰণ কৰা ৰাজ্যৰ তালিকাতহে সন্মানেৰে আছে৷ অসম চৰকাৰে আজিও ঋণ ল’ব পৰা হৈ আছে কাৰণ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ঋণ লৈ সদব্যৱহাৰ কৰা নাছিল, উন্নয়নত গুৰুত্ব দিয়া নাছিল৷ হিমন্ত বিশ্ব শৰ্মাৰ ঋণৰ প্ৰতিটো টকা জনতাৰ সেৱা আৰু উন্নয়নত উৎসৰ্গিত৷ সেই দিনো আহি আছে সোনকালে যে উন্নয়নৰ এই যাত্ৰাই ৰাজ্যত ঋণৰ প্ৰয়োজনেই নোহোৱা কৰিব৷ অপপ্ৰচাৰ চলোৱাই চলাই থাকিব, কিন্তু কোনো কাৰণতে সুদীৰ্ঘ বছৰৰ মূৰত আৰম্ভ হোৱা উন্নয়নৰ এই অনন্য যাত্ৰা আমি স্তব্ধ হ’বলৈ নিদিওঁ৷ ৰাজ্য চৰকাৰে পুনৰ ঋণ লোৱা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়–‘ডাবল ইঞ্জিনৰ চৰকাৰ বিফল হ’ল নেকি? বণ্ড বন্ধকত থৈ অৰ্থাৎ অসমীয়া মানুহৰ মুৰ বন্ধকত থৈ, অসমীয়া জাতিৰ সম্পত্তি বন্ধকত থৈ অসমৰ মুখ্যমন্ত্ৰীয়ে ঋণ ল’বলৈ সাজু হৈছে৷ বেংকৰ দুৱাৰে দুৱাৰে ভিক্ষাৰীৰ দৰে ঘূৰি ফুৰিছে৷ ‘ডাবল ইঞ্জিন’ৰ চৰকাৰ ‘ট্ৰাবল ইঞ্জিন’ৰ চৰকাৰ হ’ল৷ আজি ইঞ্জিন বন্ধ নকৰিলে গোটেই জাতি ধবংস হৈ যাব৷ জাতিক ধাৰৰ পৰা বচাবলৈ বিজেপিক শাসনলৈ আনিছিল অসমৰ জনগনে৷ বিজেপিৰ যিটো প্ৰতিশ্ৰুতি আছিল শৰাইঘাটৰ যুদ্ধ তাৰ অৰ্থ এয়ে নেকি যে ৫০০ কোটি টকাৰ ঋণ ল’বলৈ জাতিক বন্ধকত থব লাগিব৷ ৰাজ্য চৰকাৰে উপৰ্যুপৰি ঋণ লোৱাক লৈ অৰ্থনীতিবিদ ড॰ সুস্মিতা প্ৰিয়দৰ্শিনীয়ে কয়–বণ্ডৰ দৰে বিত্তীয় আহিলা জৰিয়তে হোৱা আয়েৰে ব্যয় পৰিপূৰণ কৰাটো চৰকাৰী বিত্তৰ স্বীকৃত উপায়৷ এই ক্ষেত্ৰত দুটা কথালৈ মন কৰা দৰকাৰ৷ এইদৰে লোৱা ঋণৰ বৃদ্ধি যাতে ক্ৰমবৰ্ধমান হাৰত নহয় আৰু উন্নয়নমূলক কামত ঋণৰ ব্যৱহাৰ এনেদৰে হয় যে তাৰ পৰা পোৱা উচ্চ প্ৰতিদানৰ বাবে এনে ঋনে জনসাধাৰণৰ মূৰত অতিৰিক্ত বিত্তীয় বোজা জাপি নিদিয়ে৷ ৰাজ্য চৰকাৰে পুনৰ ৫০০ কোটি টকা ঋণ ল’বলৈ  সাজু হোৱা সন্দৰ্ভত গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ ড॰ হোমেশ্বৰ  কলিতাই কয়– চৰকাৰৰ বিত্তীয় ব্যৱস্থাৰে অৰ্থ আহৰণ কৰাৰ মাধ্যম ঋণ৷ ঋণ নোলোৱাকৈ থাকিব পৰাটো ভাল৷ কিন্তু উন্নয়নৰ কামৰ কাৰণে চৰকাৰে ঋণ ল’বলৈ বাধ্য হৈ যায়৷ দেশৰ অৰ্থনীতিৰ অগ্ৰসৰৰ বাবে ঋণৰ ভূমিকাও থাকে৷ চৰকাৰে পৰিশোধ কৰিব পৰাকৈ ঋণ লোৱা উচিত৷ চৰকাৰৰ আয়ক উৎস কিমান মজবুত কৰিছে সেয়াও পৰ্যালোচনাৰ বিষয়৷ যদি মূলধন আন্তঃগাঁথনি গঢ়িবলৈ ঋণ লয় সেয়া নেতিবাচক কথা নহয়৷ তেনে ঋণৰ জৰিয়তো ব্যক্তি বা  চৰকাৰৰ আয়ৰ উৎস সবল হয়৷ এয়া এটা স্বাভাৱিক প্ৰক্ৰিয়া৷ চৰকাৰে ঋণৰ পৰা লোৱা ধন ক’ত খৰচ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰে৷ একে বিষয় সন্দৰ্ভ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক মনজিৎ দাসে কয়– চৰকাৰ এখনে লোৱা ঋণ ভাল নে বেয়া সেয়া নিৰ্ভৰ কৰিব ঋণ গ্ৰহণৰ উদ্দেশ্যৰ ওপৰত৷ যদি এই ধন মূলধনী ব্যয়ত খৰছ কৰা হয় তেনেহ’লে সেয়া ইতিবাচক কথা৷ কিয়নো কেৱল চৰকাৰখনে নিজৰ উৎসৱৰ পৰা আহৰণ কৰা ৰাজহৰ জৰিয়তে উন্নয়ন মূলক কাম কৰিব নোৱাৰে৷ চৰকাৰে পুনৰ ৫০০ কোটি টকা ঋণ ল’বলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰা সন্দৰ্ভত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড॰ পৰাগ বৰ্মনে কয়– এটা বিত্তীয় প্ৰতিষ্ঠানে ঋণ কাক দিব, যিয়ে পৰিশোধ কৰিব পাৰিব তাকহে ঋণ দিব৷ ৰাজ্যখনৰ যেতিয়া ঋণ ল’ব পৰা ক্ষমতা আহি যায় তেতিয়া ঋণ পায়৷ অৰ্থাৎ ৰাজ্যখন বিভিন্ন ক্ষেত্ৰত যেতিয়া অগ্ৰসৰ হৈ থাকে তেতিয়াহে ৰাজ্যখনে ঋণ ল’ব পৰা হয়৷ ৰাজ্যখনৰ পুনৰ উন্নয়নৰ  স্বাৰ্থত সীমাৰ ভিতৰত লোৱা ঋণে ৰাজ্যখনৰ উন্নয়নত সহায় কৰে৷ ঋণৰ ঘূৰাই দিয়াৰ ক্ষমতা থকা লোক বা অনুষ্ঠানকহে ঋণ দিয়ে একোটা বিত্তীয় অনুষ্ঠান৷