Logo
image

বিগ্ৰহ নিৰ্মাণ সম্পূৰ্ণ কৰাত ব্যস্ত জামালুদ্দিন আৰু পুত্ৰ বিট্টু

অযোধ্যা, ১৮ ডিচেম্বৰঃ ৯০০ কোটি টকাৰে নিৰ্মাণ কৰা ৰাম মন্দিৰৰ কাম এতিয়া প্ৰায় সম্পূৰ্ণ৷ অহা ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্দিৰটোৰ দ্বাৰ উদঘাটন কৰিব৷ ইয়াৰ পাছতে মন্দিৰটোত প্ৰতিষ্ঠা হ’ব ভগৱান শ্ৰীৰামচন্দ্ৰৰ মূৰ্তি৷ সমগ্ৰ দেশবাসী এতিয়া সেই শুভ মুহূৰ্তৰ সাক্ষী হ’বলৈ ৰৈ আছে৷ উল্লেখ্য, মন্দিৰটোৰ আয়তন তথা অভ্যন্তৰৰ কাৰু-কাৰ্য চকুত লগা হৈ উঠিছে৷ মন্দিৰটোৰ শিল্পকৰ্মৰ উপৰি মূল বিগ্ৰহ ভগৱান শ্ৰীৰামচন্দ্ৰৰ মূৰ্তি নিৰ্মাণো সম্পূৰ্ণ হোৱাৰ পথত৷ মূৰ্তিটোৰ নিৰ্মাণ কাৰ্যত এতিয়া দিনে-নিশাই ব্যস্ত পশ্চিমবংগৰ দুজন মুছলিম শিল্পী৷ সম্পৰ্কত দুয়ো পিতা-পুত্ৰ৷ এই দুই মুছলমান শিল্পীৰ হাতত প্ৰাণ পাই উঠা ভগৱান শ্ৰীৰামচন্দ্ৰৰ মূৰ্তিটো প্ৰতিষ্ঠা কৰা হ’ব মূল মন্দিৰৰ ভিতৰত৷

উল্লেখ্য যে সমগ্ৰ দেশত যি সময়ত সাম্প্ৰদায়িক অসহিষ্ণুতাই মূৰ দাঙি উঠিছে, সেই একে সময়তে দুজন মুছলমান শিল্পীয়ে ৰাম মন্দিৰৰ মূল বিগ্ৰহ নিৰ্মাণ কৰি থকাটো স্বাভাৱিকতে তাৎপৰ্যপূৰ্ণ হৈ পৰিছে৷ জানিব পৰা মতে মূৰ্তি নিৰ্মাণ কৰাটো পশ্চিম বংগৰ উত্তৰ চব্বিশ পৰগনাৰ খনিকৰ জামালউদ্দিন আৰু তেওঁৰ পুত্ৰ বিট্টুৰ পেছা৷ পিতা-পুত্ৰৰ হাতৰ পৰশত ইতিমধ্যেই দেশৰ বিভিন্ন প্ৰান্তত নিৰ্মাণ হৈছে শিলত কটা বহু প্ৰতিমূৰ্তি৷ ভগৱান শ্ৰীৰামচন্দ্ৰৰ মূৰ্তি নিৰ্মাণতো দুয়োৱে দিন-ৰাতিক একাকাৰ কৰি তুলিছে৷ এটা সূত্ৰই প্ৰকাশ কৰা মতে জামাল উদ্দিন আৰু তেওঁৰ পুত্ৰ বিট্টুৰ শিল্পকৰ্মসমূহ অনলাইনৰ জৰিয়তে প্ৰত্যক্ষ কৰি ৰাম মন্দিৰ নিৰ্মাণ সমিতিয়ে তেওঁলোকক মন্দিৰটোৰ মূল বিগ্ৰহটো নিৰ্মাণৰ দায়িত্ব অৰ্পন কৰে৷ইপিনে, ইছলামধৰ্মীৰ লোক হৈয়ো ৰাম মন্দিৰৰ মূল বিগ্ৰহটোৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰাত তেওঁ কোনো চিন্তাত পৰিছিল নেকি বুলি সাংবাদিকে সোধাত খনিকৰ জামালুদ্দিনে কয়–‘ধৰ্ম হৈছে ব্যক্তিগত বিষয়৷ আমাৰ দেশত বিভিন্ন সম্প্ৰদায় তথা বিভিন্ন ধৰ্মৰ লোকে বাস কৰে৷ কিন্তু শিল্পীয়ে কেতিয়াও ধৰ্মৰ বাছ বিচাৰ নকৰে৷ তেওঁলোকে ৰাম মন্দিৰৰ মূল বিগ্ৰহটোৰ নিৰ্মাণৰ দায়িত্ব পাই খুবেই সুখী বুলি প্ৰকাশ কৰে৷

অহা ২২ জানুৱাৰীত ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৪০০০ সাধু-সন্যাসী তথা সমাজৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰায় আঢ়ৈ হাজাৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷ বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছে ক্ৰীড়াক্ষেত্ৰৰ লগতে চলচ্ছিত্ৰ তথা শিক্ষাজগতৰ সৈতে জড়িত আৰু পুৰষ্কাৰপ্ৰাপ্ত ব্যক্তিসকল৷