Logo
image

বিহপান কৰি মুমূৰ্ষু ডাউদ ইব্ৰাহিম! কি কয় জাভেদ মিঞাদাদ, চোটা শ্বাকিলে

কৰাচী, ১৯ ডিচেম্বৰঃ পাকিস্তানত আত্মগোপন কৰি থকা ভাৰতৰ অন্ধকাৰৰ জগতৰ ড’ন ডাউদ ইব্ৰাহিমৰ অৱস্থা সংকটজনক! কৰাচীৰ এখন চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে অন্ধকাৰ জগতৰ কুখ্যাত ‘নায়ক’জনে৷ দেওবাৰে নিশাৰ পৰা প্ৰচাৰ হোৱা এই বাতৰিয়ে দেশজুৰি তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে৷ পাক সংবাদ মাধ্যমৰ উদ্ধৃতি দি প্ৰচাৰ হোৱা বাতৰি সমূহত ডাউদক বিহ খুৱাই হত্যাৰ চেষ্টা চলোৱা হৈছিল বুলি কোৱা হৈছে৷ যাৰ বাবে গুৰুতৰভাৱে অসুস্থ হৈ পৰে ভাৰতৰ পৰা পলাই গৈ পাকিস্তানত আত্মগোপন কৰি থকা কুখ্যাত অপৰাধীজন৷ ইপিনে ডাউদ সম্পৰ্কে প্ৰচাৰ হোৱা বাতৰি সমূহৰ পাছত মুম্বাই আৰক্ষীয়েও তেওঁৰ স্বাস্থ্যৰ বিষয়ে খা-খবৰ লোৱাৰ চেষ্টা চলাইছে৷ তেওঁলোকে ডাউদৰ আত্মীয় স্বজনৰ সৈতেও যোগাযোগ কৰা বুলি জানিব পৰা গৈছে৷ পাক সংবাদ মাধ্যম সমূহৰ মতে কৰাচীৰ এখন চিকিৎসালয়ত কঠোৰ নিৰাপত্তাৰ মাজত ৰখা হৈছে ডাউদক৷ চিকিৎসালয় খনৰ যিটো ৱাৰ্ডত ডাউদক ৰখা হৈছে তাত আন কোনো ৰোগীক ৰখা নাই৷ তদুপৰি নিৰাপত্তাৰক্ষী আৰু নিৰ্দিষ্ট কেইজনমান চিকিৎসক-নাৰ্ছৰ বাহিৰে আন কাকো ৱাৰ্ডটোত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই বুলি প্ৰচাৰিত বাতৰিসমূহত কোৱা হৈছে৷ এক সূত্ৰৰ উদ্ধৃতি দি বাতৰিসমূহত দাবী কৰা মতে যোৱা দুদিন ধৰি চিকিৎসালয়খনত আছে ডাউদ ইব্ৰাহিম৷

উল্লেখ্য যে আৰজু কাজমী নামৰ এজন পাক সাংবাদিকে ডাউদক বিহ পান কৰাই হত্যাৰ চেষ্টা চলোৱা বুলি দাবী কৰি বাতৰি পৰিৱেশন কৰাৰ পাছতে উক্ত বাতৰিটো ভাইৰেল হৈ পৰে৷ ইপিনে বাতৰিটো ভাইৰেল হৈ পৰাৰ পাছতে পাকিস্তানৰ একাধিক এলেকাত ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন হৈ পৰে৷ ইয়াৰ ফলত এক্স, ফেচবুক আৰু ইনষ্টাগ্ৰামৰ দৰে সামাজিক মাধ্যমক সমূহ অচল হৈ পৰে৷ ডাউদ সম্পৰ্কে গোপনীয়তা ৰক্ষা কৰাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে নেকি তাক লৈও চৰ্চা আৰম্ভ হয়৷

আনহাতে, ডাউদ ইব্ৰাহিমৰ সম্বন্ধীয় প্ৰাক্তন পাক ক্ৰিকেটাৰ জাভেদ মিঞাদাদক গৃহবন্দী কৰি ৰখা বুলি একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰাত সেই বাতৰি অস্বীকাৰ কৰিছে ক্ৰিকেটাৰজনে৷ তেওঁ লগতে ডাউদৰ অসুস্থতাক লৈ প্ৰচাৰ হোৱা বাতৰি সন্দৰ্ভতো নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে উক্তা বাতৰিৰ সত্যতা সম্পৰ্কে সন্দেহ প্ৰকাশ কৰে৷ তেওঁ কয় ডাউদ সম্পৰ্কে যি ক’বলগীয়া আছে, সেয়া পাক চৰকাৰে ক’ব৷ একেদৰে ডাউদৰ সোঁহাত স্বৰূপ আন এজন অন্ধকাৰ জগতৰ ডন ছোটা শ্বাকিলে ডাউদৰ অসুস্থতাৰ বাতৰি ভুৱা বুলি উল্লেখ কৰিছে৷ তেওঁক এই সম্পৰ্কত সংবাদ চি এন এনৰ আগত কয় যে ডাউদ ইব্ৰাহীম সম্পূৰ্ণ সুস্থ অৱস্থাত আছে৷ তেওঁৰ অসুস্থতা সম্পৰ্কীয় বাতৰি সম্পূৰ্ণ মিছা বুলি উল্লেখ কৰে ছোটা শ্বাকিলে৷

স্মৰ্তব্য যে, মুম্বাইৰ এজন আৰক্ষী কনিষ্টবলৰ পুত্ৰ ডাউদ ইব্ৰাহিমে আশীৰ দশকত ভাৰতৰ পৰা ডুবাইলৈ পলাই যায়৷ তাৰ পৰাই পাকিস্তানৰ সৈতে তেওঁৰ যোগাযোগ হয় আৰু পৰৱৰ্তী সময়ত পাকিস্তানতে থাকিবলৈ লয়৷ এটা সূত্ৰৰ মতে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে জড়িত হৈ আছিল ডাউদ৷ স্মৰ্তব্য যে ১৯৯৩ চনৰ ১২ মাৰ্চত সংঘটিত মুম্বাইৰ ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ ‘মাষ্টাৰ মাইণ্ড’ আছিল ডাউদ ইব্ৰাহিম৷ অল কাইদা আৰু তালিবানৰ সৈতেও সম্পৰ্ক থকা ডাউদে ওছামা বিন লাডেনৰ সৈতেও কাম কৰিছিল৷ তদুপৰি বিশ্বজুৰি নিষিদ্ধ মাদক দ্ৰব্য সৰবৰাহত জড়িত ডাউদ৷ সন্ত্ৰাসবাদীৰ নেটৱৰ্ক ব্যৱহাৰ কৰি অন্ধকাৰ জগতৰ কুখ্যাত ন্যায়কজনে চলাইছিল এই অবৈধ ব্যৱসায়৷