Logo
image

বিজেপিমুখী প্ৰাক্তন সতীৰ্থক বিশ্বাসঘাতক আখ্যা লুৰীণৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ ডিচেম্বৰঃ আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথে বিজেপিলৈ যাবলৈ সাজু হোৱা বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছত  নাথক একালৰ সতীৰ্থ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে বিশ্বাসঘাতক আখ্যা দিছে৷ জাতীয় সংগঠন এটাৰ পৰা গৈ পূৰ্বে বিৰোধিতা কৰা দল বিজেপিলৈ যোৱাটো জাতিৰ প্ৰতি প্ৰতাৰণা আখ্যা দিছে গগৈয়ে৷ স্মৰ্তব্য, আছুৰ প্ৰাক্তন নেতাজন বিজেপিলৈ যাবলৈ সাজু হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰপাছতো কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই দীপাংক কুমাৰ নাথে৷ আছুৰ প্ৰাক্তন সভাপতিজনক অসম জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিবসলৈ নিমন্ত্ৰণ জনোৱাৰ পাছতো তেওঁ কোনো সঁহাৰি নজনোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়–“আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথক অসম জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱসলৈ মই আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ জনাইছিলোঁ৷ এতিয়া সংবাদ মাধ্যমত ওলাইছে যে তেওঁ আগতে যিটো দলৰ বিৰোধিতা কৰিছিল সেই দলটোলৈ যাবলৈ ওলাইছে৷ জাতিটোক বিশ্বাসঘাটকতা, প্ৰতাৰণা কৰাটো বিভিন্ন ধৰণে চলিব৷ জাতিটোৰ প্ৰতি আমাৰ আদৰ্শগত স্থিতি অলৰ-অচৰ৷ বিভিন্নজনে জাতিটোক বিশ্বাসঘাটকতা কৰিব, ঠগিব, দালালি কৰিব৷ চৰকাৰী পক্ষত থাকি সুবিধা ল’ব৷ এনে ছবি অসমৰ ৰাইজে দেখিব৷ জাতিটোক কৰা প্ৰতাৰণা, বিশ্বাসঘাটকতা আৰু দালালি কৰা সকলক জনতাই চাই আছে৷ জনতাৰ শাও অথলে নাযায়৷ অসমৰ ৰাইজ মুৰ্খও নহয়, বুৰ্বকো নহয়৷ কোনে কি কৰিছে, কি কৰা নাই সকলো দেখি আছে৷ যিসকলে জাতিক অন্যায় কৰিছে, তেওঁলোকৰ বেয়া দিন আহিবই৷ আজি হয়তো গদগদ হৈ আছে৷ আঞ্চলিক ৰাজনীতিৰ নামত কৰা প্ৰতাৰণা সন্দৰ্ভত অসমৰ জনতাক সজাগ কৰি বিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিলে আমি সফল হোৱাটো নিশ্চিত৷’