Logo
image

মেট্ৰ’ জিলা আয়ুক্তৰ বাবে বিশেষ নিৰ্দেশ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ ডিচেম্বৰঃ মুখ্যমন্ত্ৰীৰ অনুমতি অবিহনে এতিয়াৰে পৰা কামৰূপ (মহানগৰ)ৰ জিলা আয়ুক্তই কোনো ধৰণৰ ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত উপস্থিত থাকিব নোৱাৰিব৷ জিলা আয়ুক্তই কাৰ্যালয়ৰ নিয়মীয়া কাম-কাজ পৰিচালনা কৰিব লাগিব৷ ৰাজ্যৰ মুখ্য সচিব পবন বৰঠাকুৰে অলপতে কামৰূপ (মহানগৰ) জিলা আয়ুক্তৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা   জাৰি কৰে৷ এই ৫ দফীয়া নিৰ্দেশনাত স্পষ্টহৈ আছে জিলা আয়ুক্তৰ দায়িত্ব আৰু কৰ্তব্য৷ নিৰ্দেশনাৰ মতে এতিয়াৰে পৰা জিলা আয়ুক্তই গুৱাহাটী বিমান বন্দৰত কেৱল দেশৰ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, লোকসভাৰ অধ্যক্ষ আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আদৰণি জনাব পাৰিব৷ অন্য অতিথিসকলক বিমানবন্দৰত অতিৰিক্ত জিলা আয়ুক্তই আদৰণি জনাব৷ যদি মুখ্যমন্ত্ৰী তিনিদিনতকৈ বেছি সময়ৰ কাৰ্যসূচীৰে ৰাজ্যৰ বাহিৰলৈ যায় তেন্তে কামৰূপ (মহানগৰ)ৰ জিলা আয়ুক্তই তেওঁক বিমান বন্দৰত সাক্ষাৎ কৰি প্ৰয়োজনীয় নীতি-নিৰ্দেশনা গ্ৰহণ কৰিব লাগিব৷ মুখ্যমন্ত্ৰী উভতি অহাৰ পিছতো বিমানবন্দৰত জিলা আয়ুক্তই আদৰণি জনাব৷ তিনিদিন বা তিনি দিনতকৈ কম সময়ৰ বাবে মুখ্যমন্ত্ৰী যদি অসমৰ অন্য ঠাইলৈ বা উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যলৈ যায় তেতিয়া বিমান বন্দৰত জিলা আয়ুক্ত উপস্থিত থাকিব নালাগে৷ প্ৰটকলৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত মুখ্যমন্ত্ৰী অহা আৰু যোৱাৰ সময়ত বিমানবন্দৰত উপস্থিত থাকিব৷ জিলা আয়ুক্ত উপস্থিত থাকিবলগীয়া ৰাজ্যিক পৰ্যায়ৰ যিকোনো সভাত জিলা আয়ুক্তই বিভাগীয় দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্তক প্ৰেৰণ কৰিব৷ অতিৰিক্ত জিলা আয়ুক্তই এই সভাৰ পৰা উভতি আহি জিলা আয়ুক্তক সবিশেষ প্ৰতিবেদন দাখিল কৰিব লাগিব৷ জ্যেষ্ঠ আমোলা আৰু মন্ত্ৰী উপস্থিত থকা ভিডিঅ’ কনফাৰেন্স যোগে অনুষ্ঠিত সভাত জিলা আয়ুক্ত উপস্থিত থাকিব লাগিব৷ অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত কামৰূপ (মহানগৰ) জিলা আয়ুক্ত উপস্থিত থাকিব লাগিব৷ মুখ্য সচিবৰ দ্বাৰা অতি জৰুৰী বুলি বিবেচিত বৈঠকত জিলা আয়ুক্ত উপস্থিত থাকিব লাগিব৷ গুৱাহাটীৰ কৃত্ৰিম বানৰ দৰে গুৰুত্বপূৰ্ণ বিষয় সমূহ আলোচনাৰ বাবে নগৰ উন্নয়ন বিভাগে অনুষ্ঠিত কৰা সভাত জিলা আয়ুক্ত উপস্থিত থাকিব লাগিব৷ জিলা আয়ুক্তই তেওঁৰ অধীনস্থ সকলো বিভাগৰ বৈঠক তেওঁৰ কাৰ্যালয়ত নিয়মীয়াভাৱে অনুষ্ঠিত কৰিব লাগিব৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ অনুমতি অবিহনে কামৰূপ [মহানগৰ]ৰ জিলা আয়ুক্তই কোনো অনুষ্ঠানৰ মুখ্য অতিথি বা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব নোৱাৰিব৷ পৰিয়ালৰ ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ ঘৰত আয়োজিত নৈশ বা দুপৰীয়াৰ আহাৰৰ বাহিৰে জিলা আয়ুক্তই অন্য সামাজিক অনুষ্ঠান এৰাই চলিব লাগিব৷ জিলা আয়ুক্তই নিজে বা তেওঁৰ তলতীয়া বিষয়াই নিয়মীয়াভাৱে দৰ্শনাৰ্থীক সাক্ষাৎ দিব লাগিব৷ জিলা পৰ্যায়ৰ কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু চলি থকা উন্নয়নমূলক কাম-কাজ নিয়মীয়াভাৱে পৰ্যবেক্ষণ কৰাটো অতি জৰুৰী৷ কামৰূপ (মহানগৰ) জিলা আয়ুক্তৰ কাৰ্যালয়ত মধ্যভোগীৰ প্ৰৱেশ সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰিব লাগিব৷ হতাশ হৈ যাতে কোনো দৰ্শনাৰ্থী উভতি যাবলগীয়া নহয় সেই মতে জিলা আয়ুক্তই অন্য বিষয়াক বিভাগীয় কামত সাক্ষাতৰ সময় নিৰ্ধাৰণ কৰিব লাগিব৷ এতিয়াৰে পৰা কামৰূপ (মহানগৰ)ৰ জিলা আয়ুক্তই কেৱল জিলা আয়ুক্ত হিচাপে কাৰ্য নিৰ্বাহ কৰিব আৰু কাৰ্যালয়ত নিয়মীয়াভাৱে উপস্থিত থাকিব লাগিব৷