Logo
image

বিৰোধীশূন্য সংসদত একাধিক বিতৰ্কিত বিল

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২০ ডিচেম্বৰঃ দীৰ্ঘদিন শাসকীয় পক্ষৰ গুৰুতৰ অভিযোগ আছিল, বিৰোধী দলে সংসদৰ অধিৱেশন বাধাগ্ৰস্ত কৰি চৰকাৰক কাৰ্যক্ৰমণিকা আগবঢ়োৱাৰ পৰা বিৰত কৰি ৰাখিছে৷ ফলত দেশৰ উন্নয়নৰ স্বাৰ্থত সিদ্ধান্ত গ্ৰহণৰ পৰা বঞ্চিত হৈ ৰৈছে চৰকাৰ৷ এইবাৰ সংসদৰ পূৰ্ণকালীন অধিৱেশনত সম্পূৰ্ণ বিপৰীত ঘটনা সংঘটিত হ’ল৷ শাসকীয় পক্ষৰ কাম-কাজৰ বিৰোধিতা কৰাৰ লগে লগে নিলম্বিত কৰা হ’ল বিৰোধী দলৰ সাংসদক৷ এনেকৈ সংসদৰ চলিত অধিৱেশনত চৰকাৰী পক্ষই কঠোৰ মনোভাৱ প্ৰদৰ্শন কৰাৰ ফলত এই পৰ্যন্ত ১৪১জন বিৰোধী দলৰ সাংসদ নিলম্বিত হ’ল৷ সন্দেহ নাই, এয়া দেশৰ সংসদীয় ইতিহাসত অভূতপূৰ্ব ঘটনা৷ কিয়নো, ইয়াৰ পূৰ্বে সংসদৰ এখন অধিৱেশনত ১৪১জন বিৰোধী দলৰ সাংসদক নিলম্বিত কৰাৰ উদাহৰণ নাই৷ সোমবাৰে ৰাজ্যসভা আৰু লোকসভাৰ মুঠ ৭৮জন সাংসদক নিলম্বিত কৰাৰ পাছত আজি মঙলবাৰে কেৱল লোকসভাৰ পৰাই নিলম্বিত কৰা হ’ল ৪৯জন বিৰোধী দলৰ সাংসদক৷ মঙলবাৰে নিলম্বিত কৰা সাংসদৰ ভিতৰত আছে কংগ্ৰেছৰ শশী থাৰুৰ, মনীষ তিৱাৰী, কাৰ্তি চিদাম্বৰম, এনচিপিৰ সুপ্ৰিয়া সুলে, সমাজবাদী পাৰ্টীৰ ডিম্পল যাদৱ, এনচিপিৰ ফাৰুক আব্দুল্লা, ডিএমকেৰ চেন্থিল কুমাৰ, আপৰ সুশীল কুমাৰ ৰিংকু, তৃণমূল কংগ্ৰেছৰ সুদীপ বেনাৰ্জী আদি৷ শাসকীয় পক্ষৰ অভিযোগ, বিধি ভংগ কৰি বিৰোধী দলৰ সাংসদে অধিৱেশন চলি থকা অৱস্থাত সদনলৈ প্লেকাৰ্ড আনিছে৷ মঙলবাৰ এই অভিযোগত ৪৯জন সাংসদক নিলম্বিত কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে৷ সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয়, সদনৰ ভিতৰত প্লেকাৰ্ড প্ৰদৰ্শন কৰিব নোৱাৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷ সেই সিদ্ধান্ত উপেক্ষা কৰাৰ বাবেই তেওঁলোকক নিলম্বিত কৰা হৈছে৷

শাসকীয় পক্ষই এনে অভিযোগ উত্থাপন কৰি বিৰোধী দলৰ ১৪১জনকৈ  সাংসদক নিলম্বিত কৰাৰ ক্ষেত্ৰত আত্মপক্ষ সমৰ্থন কৰিলেও বিৰোধীয়ে চৰকাৰৰ প্ৰতি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ বিৰোধীৰ দাবী, সদন বিৰোধীশূন্য কৰি লৈ চৰকাৰীপক্ষই কেতবোৰ বিতৰ্কিত বিধেয়ক গৃহীত কৰোৱাৰ ফন্দি পাতিছে৷ ইতিমধ্যে চৰকাৰে সংসদৰ দুই-তৃতীয়াংশ বিৰোধী সদস্যক নিলম্বিত কৰিছে৷ অহা কেইদিনত বাকী থকা এক শতাংশ বিৰোধীকে নিলম্বিত কৰিব পাৰে৷ তেনে পৰিস্থিতিত চৰকাৰে তেনেই বাধাহীনভাৱে একাধিক বিতৰ্কিত বিধেয়ক গৃহীত কৰি ল’ব৷ যিহেতু মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালত এইখনেই সংসদৰ অন্তিম পূৰ্ণকালীন অধিৱেশন হ’ব আৰু সেয়ে চৰকাৰী ‘এজেণ্ডা’ সম্পূৰ্ণ কৰাৰ বাবে এই অধিৱেশনেই হ’ব শেষ সুযোগ৷ কিয়নো সাধাৰণ নিৰ্বাচনৰ বাবে অহা ফেব্ৰুৱাৰীত বাজেট অধিৱেশনৰ পৰিৱৰ্তে ‘ভোট অন একাউণ্ট’ দাখিল কৰিব লাগিব, য’ত এনেধৰণৰ বিধেয়ক দাখিলৰ সুযোগ নাথাকিব৷ সেয়ে চৰকাৰী পক্ষই সামান্য অজুহাততে বিৰোধী দলৰ সাংসদক নিলম্বিত কৰি সদন বিৰোধীশূণ্য কৰি লৈছে, যাতে বিধেয়ক গৃহীত কৰাত সামান্যতম বাধাও নাথাকে৷ তাৎপৰ্যপূৰ্ণভাৱে, বিৰোধী সাংসদক কোনো উদণ্ড প্ৰতিবাদৰ বাবে বা কাৰ্যক্ৰমনিকা সম্পূৰ্ণৰূপে বাধাদান কৰাৰ বাবে নিলম্বিত কৰা নাই৷ বিৰোধী সাংসদে তেনে আগ্ৰাসী প্ৰতিবাদ সাব্যস্ত কৰা নাই৷ নিলম্বিত কৰা হৈছে প্লে-কাৰ্ড লৈ সদনত প্ৰৱেশ কৰাৰ বাবে, যি এক অজুহাতৰ বাহিৰে আন একো নহয়৷

 বিৰোধী দলৰ আশংকা সত্যত পৰিণত কৰি মোদী চৰকাৰে মঙলবাৰে লোকসভাত দণ্ড সংহিতা বিধেয়ক দাখিল কৰিছে৷ ১৮৬০ চনৰ ভাৰতীয় দণ্ডবিধিৰ পৰিৱৰ্তে নতুন আইন বলবৎ কৰাৰ বিষয়ে ঘোষণা কৰি বিগত ১১ আগষ্টত বৰ্ষাকালীন অধিৱেশনত অন্তিম দিনটোত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তিনিখন বিধেয়ক লোকসভাত দাখিল কৰিছিল৷ ‘ইণ্ডিয়ান পেনেল ক’ড’ৰ (ভাৰতীয় দণ্ডবিধি) ঠাইত ভাৰতীয় ন্যায় সংহিতা, ১৮৯৮ চনৰ ‘ক্ৰিমিনেল প্ৰচিডিঅ’ৰ এক্ট’ৰ (ফৌজদাৰী দণ্ডবিধি) ঠাইত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ‘ইণ্ডিয়ান এভিডেন্স এক্ট’ৰ (ভাৰতীয় সাক্ষ্য আইন) ঠাইত ভাৰতীয় সাক্ষ্য বিধেয়ক দাখিল কৰিছিল৷ সেইক্ষেত্ৰত সকলো বিৰোধী দলেই নিজৰ মত দাঙি ধৰি কৈছিল, আইন সলনিৰ এই পদক্ষেপে ভাৰতীয় জনজীৱনক প্ৰভাৱিত কৰিব পাৰে৷ সেয়ে চূড়ান্ত সতৰ্কতা ৰক্ষা কৰি এইক্ষেত্ৰত পদক্ষেপ ল’ব লাগে৷ তদুপৰি চৰকাৰৰ শেষ পূৰ্ণাংগ অধিৱেশন অৰ্থাৎ শীতকালীন অধিৱেশনতে যাতে চৰকাৰে দৌৰাদৌৰিকৈ এই বিধেয়ক গৃহীত কৰাৰ চেষ্টা নকৰে৷ অন্ততঃ এই সন্দৰ্ভত সদনত বিশদ আলোচনা হওঁক৷ পিছে চৰকাৰে বিৰোধীক আলোচনাৰ সুযোগ নিদিয়াকৈ, সদন বিৰোধীশূন্য কৰি আজি মঙলবাৰে সেই তিনিখন বিধেয়ক লোকসভাত দাখিল কৰিছে৷ ইতিপূৰ্বে তিনিওখন বিধেয়ক সদনৰ ষ্টেণ্ডিং কমিটীৰ ওচৰলৈ পঠিওৱা হৈছিল আৰু সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীক আইন সলনিৰ বিষয়ে পত্ৰ দি জনাইছিল৷ কিন্তু বিৰোধী দলৰ পৰামৰ্শ বিবেচনা কৰাৰ সম্ভাৱনা শূন্য কৰি চলিত লোকসভাৰ শেষ পূৰ্ণাংগ অধিৱেশনতে মোদী চৰকাৰে এই তিনিখন বিধেয়ক গৃহীত কৰাৰ পৰিকল্পনা কৰা বুলি ধাৰণা কৰা হৈছে, য’ত বিৰোধীৰ আপত্তি নাথাকিব আৰু তাৰ বাবেই এই ১৪১ সাংসদক নিলম্বন৷