Logo
image

পুনৰ শুনা গ’ল ডাউদৰ কণ্ঠ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২০ ডিচেম্বৰঃ মুম্বাইত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত কৰি পলাই গৈ পাকিস্তানত আইএছআইৰ আতিথ্যত থকা মাফিয়া ডন ডাউদ ইব্ৰাহিমক বিহ খুৱাই মৰা বুলি এটা বাতৰি প্ৰচাৰ হোৱাৰ পাছতে এইবাৰ মাফিয়া ডনৰ এটা অডিঅ’ টেপ ভাইৰেল হৈ পৰিছে৷ সেই অডিঅ’ত ডাউদে তেওঁৰ এজন সংগীক জেড্ডাৰ পৰা জোতা কিনাৰ বাবে নিৰ্দেশ দিছে৷ ইতিমধ্যে ডাউদৰ মৃত্যুৰ খবৰ উৰাবাতৰি বুলি সকলো পক্ষই একপ্ৰকাৰ নিশ্চিত হৈছে৷ ডাউদৰ সোঁহাত চোটা ছাকিলে সোমবাৰে ভাৰতীয় সংবাদ মাধ্যমক ডাউদৰ মৃত্যুৰ খবৰ ভূৱা বুলি জনাইছে৷ ভাৰতীয় চোৰাংচোৰা সংস্থায়ো এয়া উৰাবাতৰি বুলি নিশ্চিত কৰিছে৷ 

তেনে সময়তে ইণ্টাৰনেটত ভাইৰেল হৈছে ডাউদৰ এটা ফোনৰ বাৰ্তালাপৰ অডিঅ’৷ অডিঅ’ ক্লিপটোত শুনা মতে ডাউদে তেওঁৰ এজন সংগী ফাৰুকক জেড্ডাৰ পৰা তেওঁলৈ এজোৰ প্ৰখ্যাত ব্ৰেণ্ড ‘লুই বুটন’ৰ জোতা অনাৰ নিৰ্দেশ দিছে৷ কথোপকথনত ফাৰুকে কৈছে, তেওঁ প্ৰত্যেকবাৰ নামাজতে ডাউদৰ সুস্বাস্থ্যৰ কামনা কৰে৷ ফাৰুকে কয়–‘কাইলৈ জুম্মা নামাজৰ পাছতে মই মক্কালৈ যাম৷ তাত মই উমৰাহত ভাগ ল’ম৷ তাৰ পাছতে মই পাকিস্তানলৈ গৈ আপোনাক সাক্ষাৎ কৰিম৷’ তেওঁ ডাউদক সোধে–‘মই আপোনালৈ কি লৈ যাম কওঁক৷’ তেতিয়া ডাউদে কয়–‘তুমি জেড্ডালৈ যাবানে? তোমাৰ সেই দোকানখন মনত আছেনে, য’ৰ পৰা মই জোতা কিনো? ফাৰুকে কয়–‘সেইখন দোকান বন্ধ হৈ গ’ল৷ মই আন এখন দোকানৰ পৰা আপোনালৈ লুই বুটনৰ জোতা লৈ যায়৷’ ডাউদে তেতিয়া কয়–‘মোৰ ছাইজ ৯ বা ৪২৷ ইউকে আৰু ইউএছ ছাইজৰ পাৰ্থক্য আছে৷ সেইটো বুজিব লাগিব৷’ ডাউদে ইয়াৰ পাছত ফাৰুকক ব্ৰিটিছ আৰু আমেৰিকান ছাইজৰ বিষয়ে বুজাই কয়৷ এই অডিঅ’টো সম্প্ৰতি ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে৷ অৱশ্যে অডিঅ’ৰ কথোপকথন কেতিয়াৰ সেৱা এতিয়াও নিশ্চিত হোৱা নাই৷