Logo
image

ৰাজ্যৰ ১২ চহৰৰ বাবে ৮২৫ কোটি টকা

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা, ২০ ডিচেম্বৰঃ ৰাজ্যৰ নগৰাঞ্চলৰ সু-পৰিকল্পিত আৰু দ্ৰুত বিকাশৰ দিশত এক বিশেষ পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে হাতত লোৱা ‘দহ চহৰ, এক ৰূপায়ণ’ শীৰ্ষক ধাৰণাৰ ৰূপায়ণ সন্দৰ্ভত ৰূপৰেখা যুগুতৰ বাবে আজি জনতা ভৱনস্থিত মন্ত্ৰী অশোক সিংঘালৰ কাৰ্যালয়ৰ সভাকক্ষত এক  গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ ভাষণ প্ৰসংগত মন্ত্ৰী সিংঘালে ১২ খন চহৰৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৮২৫ কোটি টকাৰ সাহায্য অসমক আগবঢ়োৱা বুলি সদৰি কৰে৷ বিত্তমন্ত্ৰী অজন্তা নেওগ তথা শ্ৰম আৰু নিয়োগ মন্ত্ৰী সঞ্জয় কিষাণৰ লগতে বিভিন্ন সমষ্টিক প্ৰতিনিধিত্ব কৰা আঠগৰাকী বিধায়কে অংশগ্ৰহণ কৰা এই বৈঠকত ৰাজ্যৰ বাৰখন চহৰৰ পৌৰ এলেকাৰ ত্বৰান্বিত উন্নয়নৰ বাবে হাতত ল’ব খোজা বিভিন্ন পদক্ষেপ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়৷ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভনে এক প্ৰেজেণ্টেশ্বনযোগে ‘দহ চহৰ, এক ৰূপায়ণ’ শীৰ্ষক ধাৰণাৰ সবিশেষ ব্যাখ্যা কৰে৷ শিলচৰ, ডিব্ৰুগড়, নগাঁও, বঙাইগাঁও, বিশ্বনাথ চাৰিআলি, কৰিমগঞ্জ, তিনিচুকীয়া, গোলাঘাট, যোৰহাট, তেজপুৰ, শিৱসাগৰ আৰু উত্তৰ লখিমপুৰত মানৱ সম্পদৰ সামৰ্থ বৃদ্ধি আৰু উপযুক্ত ব্যৱস্থাপনা, পৌৰ সেৱাসমূহ অনলাইন বা ডিজিটেল মাধ্যমেৰে প্ৰদান আৰু বিত্তীয় আন্তঃগাঁথনি শক্তিশালীকৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়৷ প্ৰস্তাৱিত চহৰসমূহত নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত কনফাৰেন্স হল, নগৰ সৌন্দৰ্যবৰ্ধন, মুকলি আকাশৰ তলত থিয়েটাৰ, পেভিলিয়ন, যাতায়াত নিয়ন্ত্ৰণ ব্যৱস্থা, কনভেনচন চেণ্টাৰ, চক বজাৰ, ক্ৰীড়া প্ৰকল্প, জলাশয় উন্নয়ন আদি কাম-কাজ হাতত লোৱাৰ লগতে অসম চৰকাৰৰ নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত কনভেনচন চেণ্টাৰ, টাউন হল, উদ্যান তথা মুকলি স্থান, আন্তঃৰাজ্যিক বাছ আস্থান আৰু ৰাজহুৱা স্থান সৌন্দৰ্যবৰ্ধনৰ কাম-কাজ তদাৰক কৰিব৷ পৌৰ প্ৰশাসন সঞ্চালকালয়ে ষ্ট্ৰীট লাইট আৰু পেভাৰ ব্লক ষ্ট্ৰীটৰ কাম চোৱা-চিতা কৰাৰ বিপৰীতে অটল মিছন ফৰ ৰিজুভেনেচন এণ্ড আৰ্বান ট্ৰেন্সফৰ্মেচন আৰু ৰাজ্যিক অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত পানী যোগান, জলাশয় আৰু উদ্যান উন্নয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব৷ একেদৰে স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে ঘৰৰ দুৱাৰডলিৰ পৰা কঠিন আৱৰ্জনা সংগ্ৰহ, আৱৰ্জনা প্ৰক্ৰিয়াকৰণ, আৰু জাৱৰ পেলোৱা স্থানসমূহত আৱৰ্জনা নিষ্কাশনৰ দৰে পদক্ষেপক সামৰি লোৱা হ’ব৷ আজিৰ বৈঠকত বিধায়কসকল ক্ৰমে হিতেন্দ্ৰনাথ গোস্বামী, ফণীভূষণ চৌধুৰী, প্ৰশান্ত ফুকন, প্ৰমোদ বৰঠাকুৰ, পৃথ্বীৰাজ ৰাভা, ৰূপক শৰ্মা, মানৱ ডেকা আৰু দীপায়ন চক্ৰৱৰ্তীৰ লগতে বিভিন্ন জিলাৰ পৌৰসভাৰ পৌৰপতি অথবা উপ-পৌৰপতিসকলে অংশ লয়৷ বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব পলাশ বৰুৱাৰ লগতে পৌৰ প্ৰশাসন সঞ্চালকালয়, অম্ৰুট, স্বচ্ছ ভাৰত মিছন, নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয় আদিৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷