ব্ৰিজভূষণৰ ঘনিষ্ঠৰ হাততে ৰেষ্টলিং ফেডাৰেচনৰ নেতৃত্ব
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২২ ডিচেম্বৰঃ তৰুণী আৰু কিশোৰী মল্লযোদ্ধাক শৰীৰ স্পৰ্শ কৰি যৌন নিৰ্যাতন চলোৱা যিজন সভাপতিৰ বিৰুদ্ধে দেশৰ অলিম্পিক পদকবিজয়ী মল্লযোদ্ধাই দীৰ্ঘদিন আন্দোলন চলাই আহিছিল, সেই বিজেপিৰ সাংসদ তথা ৰেষ্টলিং ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বী ব্ৰিজভূষণ ছাৰণ সিঙৰ এজন ছাঁয়াসংগী সঞ্জয় সিং ফেডাৰেচনৰ সভাপতি নিৰ্বাচিত হোৱাৰ ক্ষোভত অলিম্পিক পদকবিজয়ী সাক্ষী মালিকে খেলৰ পৰাই অৱসৰ ঘোষণা কৰিছে৷ দীৰ্ঘদিন আন্দোলন কৰা দেশৰ শীৰ্ষস্থানীয় মল্লযোদ্ধাৰ দাবী আছিল ব্ৰিজভূষণক ৰেষ্টলিং ফেডাৰেচনৰ পৰা অপসাৰণ কৰাৰ লগতে তেওঁৰ ঘনিষ্ঠ ব্যক্তিকো ফেডাৰেচনৰ পৰা আঁতৰাই ৰখা৷ কিন্তু বৃহস্পতিবাৰে অনুষ্ঠিত নিৰ্বাচনত হেলাৰঙে সভাপতিৰ পদত নিৰ্বাচিত হয় ব্ৰিজভূষণৰ অতি ঘনিষ্ঠ সঞ্জয় সিং৷ সঞ্জয় সিঙে ৪০টা ভোটলাভ কৰাৰ বিপৰীতে প্ৰতিবাদী মল্লযোদ্ধাৰ সমৰ্থিত প্ৰাৰ্থী অনিতা শ্বেৰৱানে মাত্ৰ ৭টা ভোট লাভ কৰে৷ উত্তৰ প্ৰদেশৰ বিজেপি সাংসদ ব্ৰিজভূষণৰ ঘনিষ্ঠ সঞ্জয় সিং উত্তৰ প্ৰদেশ ৰেষ্টলিং সংস্থাৰ সহ-সভাপতি আছিল৷ সেয়ে ফেডাৰেচনত নাথাকিও থাকি গ’ল ব্ৰিজভূষণ৷ ফেডাৰেচনৰ সচিব পদত নিৰ্বাচিত হৈছে প্ৰেমচান্দ লোছাৰ৷
সাক্ষী মালিক, বজৰং পুনিয়াকে ধৰি দেশৰ শীৰ্ষ মল্লযোদ্ধাই বিগত জানুৱাৰীৰ পৰা ৪০ দিন ধৰি যন্তৰ-মন্তৰত ব্ৰিজভূষণৰ অপসাৰণৰ দাবীত আন্দোলন কৰিছিল৷ ২৮ মাৰ্চত প্ৰতিবাদকাৰীয়ে সংসদৰ উদ্দেশ্যে পদযাত্ৰা কৰাত আৰক্ষীয়ে সকলোকে গ্ৰেপ্তাৰ কৰি আন্দোলন উৎখাত কৰে৷ পৰৱৰ্তী সময়ত কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে আলোচনামৰ্মে প্ৰতিবাদী মল্লযোদ্ধাই আন্দোলন স্থগিত ৰাখে৷ উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশত দিল্লী আৰক্ষীয়ে ব্ৰিজভূষণৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰে৷ বিজেপি সাংসদ হোৱাৰ বাবেই সুৰক্ষা পোৱা ব্ৰিজভূষণহীন আৰু তেওঁৰ প্ৰভাৱহীন ৰেষ্টলিং ফেডাৰেচন গঠন হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰীৰ আশ্বাসত আস্থা ৰাখিছিল প্ৰতিবাদকাৰীয়ে৷ কিন্তু সেয়া প্ৰহসনত পৰিণত হোৱাত বৃহস্পতিবাৰে ৰিঅ’ অলিম্পিকৰ পদকবিজয়ী মল্লযোদ্ধা সাক্ষী মালিকে সংবাদ মেলত কান্দি কান্দি খেলৰ পৰাই অৱসৰ ঘোষণা কৰাত দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷






