Logo
image

অধিবক্তাক হেণ্ডকাফ লগাই বিপদত অসম আৰক্ষী

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২২ ডিচেম্বৰঃ সাধাৰণ অভিযোগত এজন অধিবক্তাক গ্ৰেপ্তাৰ কৰি হেণ্ডকাফ লগাই আদালতলৈ চোঁচৰাই নি খাকি পোছাকৰ বল দেখুৱাই বিপদত এইবাৰ স্মাৰ্ট অসম আৰক্ষী৷ ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২১ উলংঘনেৰে অভিযুক্তৰ ব্যক্তি স্বাধীনতা তথা মানৱ অধিকাৰ খৰ্ব কৰি গুৱাহাটী  উচ্ছ ন্যায়ালয়ৰ ৰোষত পৰিছে অসম আৰক্ষী৷ সৰ্বোচ্ছ ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘন কৰি আৰক্ষীয়ে হেণ্ডকাফ লগোৱা ভুক্তভোগী অধিবক্তাক ৫ লাখ টকা ক্ষতিপূৰণ দিয়াৰ ঐতিহাসিক ৰায় প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ উল্লেখ্য, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ছাবাহ আল জাৰিদৰ বিৰুদ্ধে ২০১৬ চনৰ ৫ অক্টোবৰত পাণবজাৰ থানাত ফাইজুল হক নামৰ এজন গৃহৰক্ষী জোৱানে কাৰ পাৰ্কিঙক লৈ হোৱা কাজিয়াক কেন্দ্ৰ কৰি প্ৰহাৰ কৰাৰ অভিযোগত এজাহাৰ দাখিল কৰিছিল৷ উক্ত এজাহাৰৰ ভিত্তিত পাণবজাৰ থানাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ২৯৪/৩২৫/৩৪১/৩৫৩ ধাৰাত ৪৩৫/২০১৬ নম্বৰত এটা গোচৰ ৰুজু কৰে অধিবক্তাজনৰ বিৰুদ্ধে৷ একে সময়তে অধিবক্তা জাৰিদেও গৃহৰক্ষী জোৱান ফাইজুল হকে অশ্লীল শব্দৰে গালি-গালাজ কৰা আৰু ১০ হাজাৰ টকাৰ ধনৰ বেগ থপিয়াই নিয়াৰ অভিযোগত ওলোটাই পাণবজাৰ থানাত ৪৩৬/২০১৬ নম্বৰত আন এটা গোচৰ ৰুজু কৰে৷ ইয়াৰ পাছতেই উক্ত দিনা পাণবজাৰ থানাৰ এজন আৰক্ষীয়ে অধিবক্তাজনক থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়াত সেই মতে তেওঁ থানাত উপস্থিত হয়৷ পৰৱৰ্তী সময়ত অধিবক্তাজনক গ্ৰেপ্তাৰ কৰি ৬ অক্টোবৰত কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়৷ আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ গাইডলাইন উলংঘন কৰি অধিবক্তাজনক হেণ্ডকাফ লগাই তদন্তকাৰী বিষয়াই এম এম চি হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে আদালতলৈয়ো হেণ্ডকাফ লগাই লৈ যোৱা হৈছিল৷ আনকি আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাত একেদৰেই হেণ্ডকাফ লগাই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হৈছিল অধিবক্তা জাৰিদক৷ পৰৱৰ্তী সময়ত পাণবজাৰ থানাৰ উক্ত গোচৰটোৰ বিচাৰ চলাত ২০২০ চনৰ ৪ জুনত কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে অধিবক্তা ছাবাহ আল জাৰিদক দোষমুক্ত ঘোষণা কৰি ৰায় প্ৰদান কৰে৷ এই গোচৰটোৰ শুনানিত তদন্তকাৰী বিষয়াই আদালতত অভিযুক্ত অধিবক্তাজনক গ্ৰেপ্তাৰৰ সময়ত হেণ্ডকাফ লগোৱাৰ কথা স্বীকাৰ কৰিছিল৷ ইয়াৰ পাছতেই সংবিধানৰ ২১ অনুচ্ছেদ অনুসৰি হেণ্ডকাফ লগোৱাৰ বাবে মানৱ অধিকাৰ ভংগ কৰাৰ অভিযোগ তুলি অধিবক্তাজনে ৰাজ্যিক মানৱ অধিকাৰ আয়োগত দ্বাৰস্থ হয়৷ কিন্তু পাণবজাৰ থানাৰ তদন্তকাৰী আৰক্ষী বিষয়া এছ আই ডালিম মহন্তৰ ইতিমধ্যে মৃত্যু হোৱাত মানৱ অধিকাৰ আয়োগে  ২০২১ চনত এটা নিৰ্দেশনা যোগে অধিবক্তাজনৰ গোচৰটো বন্ধ কৰি দিয়ে৷ ইয়াৰ পাছতেই ভুক্তভোগী অধিবক্তাজনে দ্বাৰস্থ হয় গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ৷ অধিবক্তাজনে ৰুজু কৰা ডব্লিউ পি (চি) ২৭৮৩/২০২১ নম্বৰৰ গোচৰটোৰ দীঘলীয়া শুনানিৰ অন্তত বুধবাৰে উচ্ছ ন্যায়ালয়ৰ দেৱাশিস বৰুৱাৰ আদালতে সংবিধানৰ ২১ অনুচ্ছেদ উলংঘন কৰি অধিবক্তাজনক হেণ্ডকাফ লগোৱাৰ অপৰাধত অসম চৰকাৰ তথা আৰক্ষী সঞ্চালক প্ৰধানক প্ত লাখ টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে৷ এই গোচৰটোৰ শুনানিত আদালতে লক্ষ্য কৰে যে অধিবক্তাজনৰ গ্ৰেপ্তাৰৰ ক্ষেত্ৰত তদন্তকাৰী আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ৰ চিটিজেন ফৰ ডেমক্ৰেচী বমান অসম চৰকাৰৰ গোচৰৰ নিৰ্দেশনাৰ ভিত্তিত অভিযুক্তজনক হেণ্ডকাফ লগোৱাৰ ক্ষেত্ৰত দণ্ডাধীশৰ কোনো অনুমতি লোৱা নাছিল৷ যাৰবাৰে অভিযুক্তক গ্ৰেপ্তাৰৰ পাছত হেণ্ডকাফ ব্যৱহাৰৰ ক্ষেত্ৰত সৰ্বোচ্ছ ন্যায়ালয়ৰ তিনিটাকৈ ৰায়দানৰ নিৰ্দেশনা উলংঘন কৰাৰ অপৰাধতে দুমাহৰ ভিতৰত উক্ত ক্ষতিপূৰণ আদায় দিয়াৰ বাবে নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে৷ গোচৰটোৰ অভিযুক্ত তদন্তকাৰী আৰক্ষী বিষয়াজনৰ ইতিমধ্যে মৃত্যু হোৱাত চৰকাৰে উক্ত ক্ষতিপূৰণৰ ধন পৰিশোধ কৰিব লাগিব বুলিও স্পষ্ট কৰি দিছে৷ ভুক্তভোগী অধিবক্তাজনে ক্ষতিপূৰণৰ ধনৰ পৰিমাণ নিৰ্ধাৰণ কৰি নিদিয়াত অধিবক্তাজনৰ সন্মান হানি হোৱাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৫ লাখ টকা ক্ষতিপূৰণৰ মূল্য নিৰ্ধাৰণ কৰে আদালতে৷ উচ্ছ ন্যায়ালয়ে লগতে অসম আৰক্ষীক কঠোৰ ভাষাৰে সকীয়নি প্ৰদান কৰি আছাম পুলিচ মেনুৱেলক উচ্চতম ন্যায়ালয় তিনিটা ৰায় ক্ৰমে সুনীল বাট্ৰা, প্ৰেম শংকৰ শুক্লা আৰু চিটিজেন ফৰ ডেমক্ৰেচীৰ নিৰ্দেশনাৰ ভিত্তিত সংশোধনৰ বাবেও নিৰ্দেশ দিয়ে৷ পৰৱৰ্তী সময়ত যাতে অসম আৰক্ষীয়ে এনে মানৱ অধিকাৰ উলংঘনৰ কাৰ্য সংঘটিত নকৰে তাৰ বাবেও সকীয়াই দিয়ে উচ্চ ন্যায়ালয়ে৷