Logo
image

নগাঁও, কাজিৰঙা, যোৰহাটৰ বাবে প্ৰ-পত্ৰ সংগ্ৰহ গৌৰৱ গগৈৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ ডিচেম্বৰঃ সকলো জল্পনা কল্পনাৰ অন্ত পেলাই লোকসভাৰ আগন্তুক নিৰ্বাচনৰ বাবে যোৰহাট, কাজিৰঙা আৰু নগাঁও সমষ্টিৰ পৰা দলীয় টিকট বিচাৰি বৃহস্পতিবাৰে নিশা ৰাজীৱ ভৱনত আৱেদন পত্ৰ দাখিল কৰে সাংসদ গৌৰৱ গগৈয়ে৷ উল্লেখ্য যে আৱেদন পত্ৰ দাখিলৰ সময়সীমা ২২ ডিচেম্বৰলৈ বৃদ্ধি কৰি দিয়া হৈছিল৷ যোৱা ১৯ ডিচেম্বৰ অন্তিম দিন আছিল যদিও তেতিয়ালৈকে সাংসদ গগৈয়ে টিকট বিচাৰি আৱেদন পত্ৰ দাখিল নকৰাত ৰাজীৱ ভৱনত নানা জল্পনা-কল্পনাৰ সৃষ্টি হয় গৌৰৱ গগৈৰ নিৰ্বাচনী ৰণকৌশলক লৈ৷ সম্প্ৰতি নতুন দিল্লীত থকা সাংসদ গগৈয়ে আজি সন্ধিয়া অনলাইন যোগে তিনিটা সমষ্টিৰ বাবে নিজৰ আৱেদন পত্ৰ দাখিল কৰে৷ উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত গৌৰৱ গগৈয়ে প্ৰতিনিধিত্ব কৰি থকা কলিয়াবৰ সমষ্টি বিলুপ্ত কৰি কাজিৰঙা নামেৰে নতুন সমষ্টি এটাৰ সৃষ্টি কৰা হয়৷ কলিয়াবৰ লোকসভা সমষ্টিক দুভাগত বিভক্ত কৰি লামডিং, হোজাই, যমুনামুখ বিধানসভা সমষ্টিক কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত কৰা হয়৷ আনহাতে চামগুৰি, ধিং, ৰূপহী আৰু বটদ্ৰৱা বিধানসভা সমষ্টিক নগাঁও লোকসভা সমষ্টি অন্তৰ্ভুক্ত কৰা হয়৷ যাৰ বাবে সাংসদ গগৈয়ে কাজিৰঙা আৰু নগাঁও সমষ্টিৰ পৰা টিকট বিচাৰি আবেদন কৰে৷ ঠিক তেনেদৰে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত যোৰহাট, মাজুলী, শিৱসাগৰ আৰু চৰাইদেউ জিলা কংগ্ৰেছে গৌৰব গগৈৰ প্ৰাৰ্থিত্ব দাবী কৰাত তেওঁ যোৰহাট সমষ্টিৰ পৰাও টিকট বিচাৰি আৱেদন কৰে৷ অৱশ্যে সাংসদ গগৈয়ে এই তিনিটা সমষ্টিৰ ভিতৰত কোনটো সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব সেই ক্ষেত্ৰত দলৰ হাইকমাণ্ডেহে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব৷

নগাঁৱত কংগ্ৰেছে ভাল প্ৰতিদ্বন্দ্বিতা আগবঢ়াবঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিতো নগাঁও লোকসভা সমষ্টি কংগ্ৰেছৰ বাবে হেনো নিৰাপদ সমষ্টি৷ কিন্তু ইয়াৰ পিছতো নগাঁও সমষ্টিক কেন্দ্ৰ কৰি কংগ্ৰেছৰ অভ্যন্তৰত তুংগত উঠিছে নবীকেন্দ্ৰীক ৰাজনীতি আৰু হেতা-ওপৰা৷ বৰ্তমান কংগ্ৰেছৰ দখলত থকা নগাঁও লোকসভা সমষ্টিৰ বাবে এই পৰ্যন্ত ৩ জন প্ৰাৰ্থীয়ে টিকট বিচাৰি আবেদন কৰিছে যদিও ইয়াৰে ভিতৰত দলটোৰ দুজন জ্যেষ্ঠ নেতাও আছে৷ বৰ্তমান সমষ্টিটোক প্ৰতিনিধিত্ব কৰি থকা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উপৰিও কংগ্ৰেছৰ উপ-দলপতি ৰকিবুল হুছেইনো নগাঁও সমষ্টিৰ পৰা টিকট বিচাৰি আবেদন পত্ৰ দাখিল কৰিছে৷ ফলত দীৰ্ঘ সময়ৰ দুই ৰাজনৈতিক বন্ধু প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ ভিতৰত কোনে শেষ পৰ্যন্ত নগাঁও সমষ্টিৰ টিকট লাভ কৰে সেয়া লক্ষণীয় হ’ব৷ এনে এক পৰিস্থিতিত দলৰ বাহিৰে ভিতৰে আৰম্ভ হৈছে তীব্ৰ লবীকেন্দ্ৰীক ৰাজনীতি৷ লবীকেন্দ্ৰীক ৰাজনীতিৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে ৰাজনৈতিক সংঘাটো৷ মুখ্যমন্ত্ৰীৰ দৃষ্টিত নগাঁও কংগ্ৰেছৰ বাবে জিকাৰ সম্ভাৱনা থকা এটা নিৰাপদ সমষ্টি হ’লেও দলীয় সংঘাটৰ বাবে শেষ পৰ্যন্ত কংগ্ৰেছে সমষ্টিটো নিজৰ ওচৰত ৰাখিব পাৰে নে নাই তাক কেন্দ্ৰ কৰি চৰম অনিশ্চয়তাৰ সৃষ্টি হৈছে৷ এই সন্দৰ্ভত মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়–নগাঁও এটা ভাল সমষ্টি৷ নগাঁৱত কংগ্ৰেছৰ জিকাৰ সম্ভাৱনা থাকক বা নাথাকক ভাল প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছে আগবঢ়াব৷ জিকা সমষ্টিত অলপ প্ৰতিদ্বন্দ্বিতা হ’বই৷ কংগ্ৰেছ জিকিব বুলি নকও যদিও নগাঁও কংগ্ৰেছৰ দৃষ্টিগোচৰ ভাল সমষ্টি৷ যেনেদৰে কোকৰাঝাৰ আমাৰ বাবে বাবে ভাল সমষ্টি৷ ইয়াত ইউপিপিএলৰ বহু প্ৰাৰ্থিত্ব প্ৰত্যাশী আহিব৷ প্ৰাৰ্থী অহাটো ভাল লক্ষণ৷ কেৱল মাৰামাৰি হ’ব নালাগে৷ খাৰ্গে, গৌৰৱ গগৈ ডাঙৰ নেতা৷ ডাঙৰ নেতাই লাহে লাহে কাম কৰে৷ হাতী লাহে লাহে যায়৷ তেওঁলোক হাতীৰ দৰে লাহে লাহে যাব৷ আমি সৰু সৰু মানুহ৷ এনেকৈ ঘূৰি ফুৰো৷ ডাঙৰ নেতা হাতীৰ ওপৰত উঠে৷ হাতী লাহে লাহে যায়৷ ইয়াক গজেন্দ্ৰ গমন বুলি কয়৷ আমি হাল বোৱা মানুহ৷ আজি কোকৰাঝাৰ, কাইলৈ যোৰহাট, ডিব্ৰুগড়ত হাল বাই থাকিম৷

গৌৰৱ নিৰ্বাচনত পৰাস্ত হ’ব! ৰূপজ্যোতি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, যোৰহাটঃ “আপোনালোকে বিজেপিক পৰাস্ত কৰাৰ কথা চিন্তা কৰিব নালাগে, জীয়াই থকাৰ চেষ্টা কৰক৷”–বিৰোধী দলসমূহক এনেদৰে কটাক্ষ কৰিছে মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে৷ আজি খেল মহাৰণৰ যোৰহাট জিলাৰ আন্তঃসমষ্টি প্ৰতিযোগিতা আৰম্ভ কৰি সাংবাদিকৰে হোৱা মুখামুখিৰ সময়ত বিধায়ক কুৰ্মীয়ে কয় যে ৰাজ্যত বিৰোধী শূন্য পৰিৱেশ বিৰাজ কৰিছে৷ বিৰোধীসকল ঐক্যবদ্ধ হ’বলৈ চেষ্টা কৰিছিল যদিও ইতিমধ্যে দলত্যাগ কৰিবলৈ আৰম্ভ কৰিছে৷ তেওঁলোকৰ মাজতে যুঁজ-বাগৰ হৈছে, অংক নিমিলা হৈছে৷ গণতান্ত্ৰিক দেশত বিৰোধী থকাটো ভাল বুলি তেওঁ মন্তব্য কৰে৷ ইফালে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৌৰৱ গগৈয়ে সাহস কৰিব পৰা নাই বুলিও বিধায়কজনে দাবী কৰে৷ কুৰ্মীৰ মতে, গৌৰৱ গয়ৈ য’তেই প্ৰতিদ্বন্দ্বিতা নকৰক কিয় তাতেই পৰাস্ত হ’ব৷ কংগ্ৰেছ দলক সমালোচনা কৰি তেওঁ কয় যে দলত্যাগ, মহিলাক অশালীন ব্যৱহাৰ কৰা কংগ্ৰেছৰ পুৰণা নিয়ম৷ উল্লেখনীয় যে বিধায়ক কুৰ্মীয়ে নিজেই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল৷ ৰিপুন বৰা ৰাজ্যিক কংগ্ৰেছৰ সভাপতি হৈ থকাৰ সময়ত দলৰ এগৰাকী মহিলা সাধাৰণ সম্পাদিকা অপদস্থ হৈছিল বুলিও তেওঁ উদাহৰণ দিয়ে৷ আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে তেৰটা সমষ্টিত জয় লাভ কৰিব বুলিও কুৰ্মীয়ে দাবী কৰে৷ তেওঁ কয় যে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ‘চাৰে বাৰটা’ বুলি কৈছে যদিও মুখ্যমন্ত্ৰীয়ে অংক ভুল কৰিছে৷ ৰাজ্যৰ আনটো সমষ্টিৰ  জনগণকো সমষ্টিৰ উন্নয়নৰ কথা চিন্তা কৰিবলৈ পৰামৰ্শ দি কুৰ্মীয়ে কয় যে বিজেপিৰ কাৰ্যকালত শান্তি বিৰাজ কৰিছে, স্বচ্ছতা আহিছে, দুৰ্নীতি নোহোৱা হৈছে, বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে, দুখীয়াৰ দুখ আঁতৰিছে৷ সেয়ে আগন্তুক নিৰ্বাচনত বিজেপিয়ে জয় লাভ কৰাটো নিশ্চিত বুলি বিধয়কজনে দাবী কৰে৷