Logo
image

গুৱাহাটীৰ সমীপৰ অপৰাধশূন্য গাঁওখন

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৩ ডিচম্বৰঃ এখন অপৰাধ মুক্ত গাঁও৷ অবিশ্বাস যেন লাগিলেও প্ৰকৃতাৰ্থত এখন অপৰাধ মুক্ত গাঁও আছে উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীৰ সমীপতে৷ যি সময়ত যান্ত্ৰিকতাৰ ধামখুমীয়াত গুৱাহাটী মহানগৰীত ক্ৰমাৎ হেৰাইছে আত্মীয়তা, হেৰাইছে আন্তৰিকতা সেই সময়ত সুন্দৰ বাৰ্তা কঢ়িয়াই আনিছে গাঁওখনে৷ অপৰাধৰ ৰম্যভূমিত পৰিণত হোৱা গুৱাহাটী মহানগৰীৰ সম্পূৰ্ণ বিপৰীত দৃশ্য দেখিবলৈ পোৱা যায় গাঁওখনত৷ গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী সেই গাঁওখনত আজি পৰ্যন্ত সংঘটিত হোৱা নাই কোনোধৰণৰ অপৰাধমূলক ঘটনা৷ শুনিলে আচৰিত যেন লাগিলেও এটা জনগোষ্ঠীৰ মিলাপ্ৰীতিয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ এই অপৰাধমুক্ত গাঁওখন হৈছে গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰত থকা ৰাণী উন্নয়নখণ্ডৰ অন্তৰ্গত ৰাণী বনাঞ্চলৰ এক নিৰ্মল প্ৰাকৃতিক পৰিবেশ বিৰাজ কৰা ছাটাৰগাঁও৷ ৬২টা ৰাভা জনগোষ্ঠীৰ পৰিয়াল বসবাস কৰা এই গাঁওখনে সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে৷ এই গাঁওবাসীয়ে আজি পৰ্যন্ত দেখা পোৱা নাই আৰক্ষীৰ লোক৷ গাঁওবাসীয়ে আজি পৰ্যন্ত যাবলগীয়া হোৱা নাই ক’ৰ্ট কাছাৰীলৈ৷ প্ৰকৃতিৰ সেউজীয়াৰ মাজত উমলি জামলি ভালপোৱা গাঁওবাসীয়ে ইঘৰে সিঘৰৰ মাজত বাৰ্তাই ৰাখে সু-সম্পৰ্ক৷ যাৰ ফলত গাঁওখনত আজি পৰ্যন্ত সীমাবিবাদ, চুৰি ডকাইটি, হত্যা, ধৰ্ষণ, লুণ্ঠন আদিৰ দৰে ঘটনা সংঘটিত হোৱা নাই৷  কৃষিপ্ৰধান এই গাঁওবাসীয়ে খেতি মাটিকলৈও কোনো দিনে কৰা নাই হাই-কাজিয়া৷ এই গাঁওখনৰ সম্পৰ্কে ছাটাৰগাঁৱৰ নৱজ্যোতি সংঘৰ উপদেষ্টা অজয় ৰাভাই আমাৰ অসমক কয়– যান্ত্ৰিকতাৰ পৰা নিলগত প্ৰাকৃতিক পৰিবেশত আমি গাঁওবাসীয়ে মিলিজুলি বসবাস কৰোঁ৷ যদি ভুল ক্ৰমে আমাৰ মাজত কেতিয়াবা ভুল বুজাবুজি হয় তেতিয়া আমাৰ গাঁওবঙঢ়া পদ্দুৰাম ৰাভাই এখন সভাৰ আহ৩ান দিয়ে আৰু সেই সভাতে আমাৰ সমস্যা সমাধান কৰা হয়৷ আমাৰ সমস্যাবোৰ আমি কেতিয়াও গাঁৱৰ বাহিৰলৈ লৈ নাযাওঁ৷ আমাৰ গাঁওখনৰ মূলপথৰ পৰা সাত কিলোমিটাৰ মান দূৰত আমি হাতী মানুহে বসবাস কৰোঁ৷ হাতীয়ে আমাৰ কৃষি নষ্ট কৰে তথাপিও আমি সিহঁতৰ একো অনিষ্ঠ নকৰো৷ আমি আন গাঁৱলৈ গৈ খেতি কৰো, হাজিৰা কৰোঁ৷ হাতীৰ কিবা অনিষ্ট হ’ব বুলিয়েই আমাৰ গাঁৱত এতিয়াও বিদুৎতৰ সংযোগ কৰা নাই৷ আমাৰ গাঁৱত সৌৰশক্তিৰ ব্যৱস্থা আছে৷ পূৰ্বে আমাৰ বাট-পথসমূহ বৰ দুৰ্গম আছিল৷ এতিয়া বহু পৰিমাণে উন্নত হৈছে৷ আমি উচ্চ শিক্ষা গ্ৰহণৰ বাবে এতিয়াও আজাৰা কলেজলৈ যাবলগীয়া হয়৷ আমাৰ গাঁৱত ছাটাৰ গাঁও প্ৰাথমিক বিদ্যালয় আছে৷ মাধ্যমিক শিক্ষাৰ বাবে আমাৰ গাঁৱৰ ৭ কিলোমিটাৰ দূৰত থকা সজনপাৰালৈ যাবলগীয়া হয়৷ তথাপিও আমাৰ গাঁৱৰ পৰা বিগত বৰ্ষত ভাৰতীয় সেনাবাহিনীৰ ‘অগ্নিবীৰ’ত তপন ৰাভা নামৰ যুৱকজনে চাকৰি লাভ কৰি গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ আমি গাঁওবাসীয়ে অনাগত দিনটো সম্প্ৰীতিৰ এনাজৰী বৰ্তাই ৰাখিবলৈ প্ৰয়াস কৰিম৷’ উল্লেখ্য, ছাটাৰগাঁওবাসীয়ে এতিয়াও চৰকাৰী বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হৈ আছে৷ পৰ্যটনৰ পূৰ্ণ সম্ভাৱনা থকা এই গাঁওখনলৈ প্ৰতিবছৰে বহু লোকৰ সমাগম হয়৷ বহুলোকে ট্ৰেকিং কৰিবলৈও এই গাঁওখনলৈ যায়৷ চৰকাৰী সহায় সহযোগিতা লাভ কৰিলে গাঁও খনৰ সামগ্ৰিক উন্নয়ন হঅব বুলি গাঁওবাসীয়ে আশা প্ৰকাশ কৰে৷ লগতে অপৰাধমূলক এই গাঁওখনে সকলোৰে বাবে হৈ পৰিছে ‘আদৰ্শস্বৰূপ’৷