Logo
image

অদূৰ ভৱিষ্যতে নাথাকিব হাইস্কুল শিক্ষান্ত পৰীক্ষা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ ডিচেম্বৰঃ অদূৰ ভৱিষ্যতে নাথাকিব হাইস্কুল শিক্ষান্ত পৰীক্ষা৷ অষ্টম-নৱম শ্ৰেণীৰ দৰে সাধাৰণভাৱে অনুষ্ঠিত হ’ব দশম শ্ৰেণীৰ পৰীক্ষা৷ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শুকুৰবাৰে ঘোষণা কৰে এই কথা৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাক লৈ বিভিন্নধৰণৰ চৰ্চা অব্যাহত থকাৰ সময়ত মন্ত্ৰী পেগুৱে স্পষ্টভাৱে প্ৰকাশ কৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিলুপ্তিৰ কথা৷ গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি আঁচনিৰ বৃত্তিৰ ধনৰাশিবিতৰণী অনুষ্ঠানত ভাগ লোৱাৰ পাছত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে শিক্ষামন্ত্ৰী পেগুৱে৷ দশম শ্ৰেণীত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত নহয় বুলি শিক্ষামন্ত্ৰী পেগুৱে ঘোষণা কৰিছে যদিও কোনটো বৰ্ষৰ পৰা হাইস্কুল শিক্ষান্ত সম্পূৰ্ণ উঠাই দিয়া হ’ব সেই কথা স্পষ্টভাৱে কোৱা নাই৷ শিক্ষামন্ত্ৰী পেগুৱে শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত কয়– সাধাৰণভাৱে দশম শ্ৰেণীত হাইস্কুল শিক্ষান্ত পৰীক্ষা নাথাকিব৷ শিক্ষা চলি থাকিব৷ যিদৰে অষ্টম-নৱমত পৰীক্ষা হয় তেনেধৰণৰ পৰীক্ষা দশম শ্ৰেণীতো সাধাৰণভাৱে হ’ব৷ পঞ্চম, অষ্টম আৰু দশম শ্ৰেণীৰ উত্তীৰ্ণৰ বাবে বিশেষ জলপানিৰ ব্যৱস্থা কৰা হৈছে৷ আনন্দৰাম বৰুৱাৰ নামত উক্ত জলপানিৰ ব্যৱস্থা কৰা হৈছে৷ তাৰ কাৰণে পৰীক্ষা অনুষ্ঠিত কৰা হ’ব৷ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত বৰ্তমানে চলি থকাৰ দৰে বাণীকান্ত কাকতিৰ নামত বঁটা প্ৰদান প্ৰক্ৰিয়া চলি থাকিব৷ দশম শ্ৰেণীৰ আনন্দৰাম বৰুৱা বঁটা এতিয়া পঞ্চম, অষ্টম আৰু দশম শ্ৰেণীত উত্তীৰ্ণৰ মাজত প্ৰদান কৰা হ’ব৷ আনন্দৰাম বৰুৱা বঁটা প্ৰদানৰ নতুন নিয়মৰ পাছত দশম শ্ৰেণীৰ পৰীক্ষাত ৭৫ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীয়ে নাপাব লেপটপ৷ উল্লেখ্য, অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ২০১৬ চনত পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অনুষ্ঠিত বৃত্তি পৰীক্ষাৰ যোগ্য শিক্ষাৰ্থীসকলক মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি আঁচনি অনুসৰি বৃত্তিৰ ধনৰাশি আজি অসম চৰকাৰৰ শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰদান কৰে৷ গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এক অনুষ্ঠানত ডিবিটিৰ জৰিয়তে ৩৩, ৪৮২ গৰাকী ছাত্ৰ-ছাত্ৰীক এই বৃত্তিৰ ধনৰাশি প্ৰদান কৰা হয়৷ অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত মন্ত্ৰীজনে উল্লেখ কৰে যে নতুন শিক্ষা নীতিৰ আধাৰত এতিয়াৰ পৰা বিদ্যালয় শিক্ষাৰ অধীনত দ্বাদশ শ্ৰেণী পৰ্যন্ত থাকিব৷ ইয়াৰ বাবে পূৰ্বৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটাৰ পৰিৱৰ্তে এতিয়াৰ পৰা পঞ্চম, অষ্টম আৰু দশম শ্ৰেণীৰ ১০,০০০গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বৃত্তি প্ৰদান কৰা হ’ব৷ যিহেতু বিদ্যালয় একত্ৰীকৰণ প্ৰক্ৰিয়া চলি আছে তাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীসকলে কিছু দূৰলৈকে শিক্ষাগ্ৰহণৰ বাবে অহা-যোৱা কৰাৰ বাবে নৱম শ্ৰেণীৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক চাইকেল শিক্ষা বিভাগৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে আৰু এই প্ৰক্ৰিয়া অব্যাহত থাকিব৷ ইতিমধ্যে এই বৰ্ষত ৩.৬৯ লাখ ছাত্ৰ-ছাত্ৰীক চাইকেল প্ৰদান কৰা হৈছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমান শিক্ষা বিভাগে বিভাগটোত অতি পৰিকল্পিতভাৱে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীণ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছে৷ মন্ত্ৰীজনে উল্লেখ কৰে যে বৰ্তমান ডিজিটেল যুগত আমাৰ জীৱন বহু পৰিমাণে সংখ্যাৰ ওপৰত নিৰ্ভৰশীল৷ আজি প্ৰতিগৰাকী ব্যক্তিৰ পৰিচয় জনাৰ বাবে কেৱল নামেই নহয়, সংখ্যাও ব্যৱহাৰ কৰা হয়৷ সেয়ে তেওঁ প্ৰতিগৰাকী শিক্ষাৰ্থীক আধাৰ কাৰ্ড আদি বনাবলৈ আহ্বান জনায়৷ তেওঁ উল্লেখ কৰে যে আজি এই ধনৰাশি বহুতো ছাত্ৰ-ছাত্ৰীৰ বেংক একাউণ্টযোগে লাভ কৰিবলৈ সক্ষম নহ’ব পাৰে, কাৰণ বহুতৰে বেংকত কে ৱাই চি জমা কৰা নাই৷ তেওঁ এইক্ষেত্ৰত শীঘ্ৰেই কে ৱাই চি জমা দিয়াৰ বাবে আহ্বান জনায়৷ লগতে তেওঁ কয় যে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে বেংক একাউণ্ট থকাটো অতিকৈ দৰকাৰী বাবে প্ৰতিগৰাকী অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীক ছাত্ৰ-ছাত্ৰীসকলৰ বেংক একাউণ্ট সুনিশ্চিত কৰিবলৈ আহ৩ান জনায়৷ স্মৰ্তব্য, অসম চৰকাৰে ২০১২ চনত প্ৰাথমিক বিদ্যালয়ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ উদগনি যোগোৱাৰ উদ্দেশ্যে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুখ্যমন্ত্ৰী বিশেষ বৃত্তি আঁচনিৰ ধনৰাশি ৫০০০ টকা ফিক্সড ডিপ’জিট হিচাপে দিয়া হৈছে৷ উক্ত স্থায়ী জমাকৃত ধনৰাশি পাঁচ বছৰ সম্পূৰ্ণ হোৱাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰে৷ এই বছৰ ২০১৬ চনত অনুষ্ঠিত হোৱা বৃত্তি পৰীক্ষাত বৃত্তি লাভ কৰা ৩৩,৪৮২ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক বৰ্ধিত জমা ধনৰাশি প্ৰদান কৰা হৈছে৷