Logo
image

ব্ৰহ্মপুত্ৰৰ প্ৰস্তাৱিত ১২ হাজাৰ কোটি টকীয়া সুৰংগই সলনি কৰিব অসমৰ চেহেৰা

‘আমাৰ অসম’ৰ গহপুৰৰ প্ৰতিবেদক, ২৩ ডিচেম্বৰঃ ’৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ কনকলতা বৰুৱা ১০০ বছৰীয়া জয়ন্তী ৰাজ্য চৰকাৰৰ উদ্যোগত আজি গহপুৰত উদ্‌যাপন কৰা হয়৷ ব্ৰিটিছক খেদিবলৈ মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা ’৪২ৰ ভাৰত ত্যাগ আন্দোলনত অংশ হিচাপে স্বাধীনতাকামী জনতাৰ লগত গহপুৰ থানাত জাতীয় পতাকা উৰুৱাবলৈ আহি ব্ৰিটিছ পুলিচৰ গুলী বুকু পাতি লৈ শ্বহীদ হৈছিল বীৰঙ্গণা কনকলতা আৰু মুকুন্দ কাকতি৷ স্বাধীনতা যুঁজাৰু হিচাপে কাললৈ খ্যাতি ৰাখি শ্বহীদ হোৱা গহপুৰ বৰঙাবাৰীৰ ষোড়শী গাভৰু কনকলতাৰ ১০০ বছৰীয়া জন্মদিন উপলক্ষে আজি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ জয়ন্তীৰে আন আন কাৰ্যসূচীৰে সংগতি ৰাখি অনুষ্ঠিত বিশাল ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে দেশমাতৃক স্বাধীন কৰিবলৈ গৈ ব্ৰিটিছৰ গুলীত প্ৰাণ আহুতি দিয়া বীৰাংগণা কনকলতা বৰুৱাৰ ত্যাগেৰে নৱপ্ৰজন্মক উদ্বুদ্ধ কৰোৱাৰ লক্ষ্যৰে আমি এটা বৰ্ষটো জয়ন্তী বৰ্ষ হিচাপে আৰম্ভ কৰিম৷ অসমীয়া নাৰীয়ে ৰাজনৈতিক-সামাজিক সকলোতে সৌধ নিৰ্মাণ কৰিছিল৷ অসহযোগ আন্দোলনৰ এটা উল্লেখনীয় দিশ আছিল অসমীয়া মহিলাৰ জাগৰণ আৰু সৰ্বাত্মক অংশগ্ৰহণ৷ মহাত্মা গান্ধী অসমৰ পৰা ঘূৰি যোৱাৰ পাছত অসমৰ এচাম মহিলা আন্দোলনত যোগ দিবলৈ ঘৰৰ পৰা ওলাই আহিছিল আৰু গাঁৱে-ভূঞে অসহযোগৰ বাণী প্ৰচাৰ কৰিছিল৷ সাহসী দেশপ্ৰেমেৰে উদ্বুদ্ধ কনকলতা বৰুৱায়ো ’৪২ৰ গণ আন্দোলনত মৃত্যু বাহিনীত যোগদান কৰি গহপুৰ থানাত পতাকা উৰুৱালৈ আহি পুলিচৰ গুলীত প্ৰাণাহুতি দিছিল৷ কনকলতা বৰুৱাই ৰাজনৈতিকভাৱে দেশখন স্বাধীন কৰিছিল, কিন্তু অৰ্থনৈতিকভাৱে আজিও দেশখন, ৰাজ্যখনে পৰাধীনতাৰ শিকলি পিন্ধি আছে৷ আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ’ব পৰা নাই৷ শ্বহীদ মুকুন্দ কাকতি, কনকলতা, কুশল কোঁৱৰৰ দৰে পৱিত্ৰ আত্মাই আমাক সদায় প্ৰেৰণা যোগায়৷ তেওঁলোকৰ প্ৰেৰণাৰে আমি সমৃদ্ধ হৈ আত্মনিৰ্ভৰশীল ভাৰত আত্ম নিৰ্ভৰশীল অসম গঢ়াৰ পথেৰে আগুৱাই যোৱাৰ সময় সমাগত৷ গহপুৰৰ পৱিত্ৰ ভূমিত আমি বিচৰা নতুন অসমখনৰ যি প্ৰতিচ্ছবি, সেই প্ৰতিচ্ছবি অংকুৰিত হ’ব ধৰিব বুলি আশাবাদী মই৷ ভাষণত মুখ্যমন্ত্ৰীয়ে কনকলতাৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে ৩০ কোটি টকাৰে বৰঙাবাৰীত এটা স্মৃতি স্মাৰক নিৰ্মাণ আৰু কনকলতা-গৃহ চৰকাৰীভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলি কয়৷ ভাষণত তেওঁ পুনৰ কয় যে গহপুৰ আৰু গোলাঘাটৰ মাজত ১২ হাজাৰ কোটি টকাৰে ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ কৰিব বিচৰা টাৰ্ণেলে গহপুৰৰ জনজীৱন পৰিৱৰ্তন কৰি পেলাব৷ ইয়াৰ ফলত স্বাভাৱিকতেই সলনি হৈ যাব উত্তৰ অসমকে ধৰি সমগ্ৰ ৰাজ্যৰ চেহেৰা৷ গহপৰলৈ এতিয়া উন্নয়ন আৰু আধুনিকতাৰ বিকাশৰ এক নতুন দিন আহি পৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে৷ গহপুৰৰ বিধায়ক উৎপল বৰাই আদৰণী ভাষণ দিয়া সভাখনত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই অংশগ্ৰহণ কৰি ভাষণত কয় যে আজিৰ পৰা এশ বছৰ পূৰ্বে কনকলতা বৰুৱাই জন্মগ্ৰহণ কৰি অতি চমু জীৱন কালত পৃথিৱীত থৈ গ’ল অদম্য সাহস, দেশপ্ৰেম, আত্ম বলিদানৰ বিৰল চানেকী৷ ভাৰত ত্যাগ আন্দোনত অতি কম বয়সীয়া কনকলতাই মৃত্যু বাহিনীত যোগদান কৰি পৰাধীনতাৰ শিকলি ছিঙিবলৈ আহি শ্বহীদ হৈছিল৷ শ্বহীদ, মুক্তি যুঁজাৰুসকলে এখন শক্তিশালী ভাৰত গঢ় দিয়াৰ আধাৰ তৈয়াৰ কৰিছিল আৰু তাক সাকাৰ কৰাৰ দায়িত্ব নৱপ্ৰজন্মৰ৷ মন্ত্ৰী অশোক সিংঘাল,  সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিষয়া, বিশ্বনাথ জিলা আয়ুক্ত, গহপুৰৰ মহকুমাধিপতি আদি উপস্থিত থকা সভাখনত শ্বহীদ কনকলতাৰ ভাতৃ কালিচৰণ বৰুৱা, মুকুন্দ কাকতিৰ ভতিজা ৰোহিণী কাকতিক সম্বৰ্ধনা জনোৱা হয়৷ পুৱা বৰঙাবাৰীৰ কনকলতা কুটীৰৰ পৰা উলিওৱা এক শোভাযাত্ৰাত মন্ত্ৰী বিমল বৰাই অংশগ্ৰহণ কৰাৰ পাছত শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে৷ মুখ্যমন্ত্ৰীয়ে গহপুৰত পদাপৰ্ণ কৰি গহপুৰ নগৰৰ বৰপুখুৰীৰ পাৰত থকা শ্বহীদ কনকলতা, মুকুন্দ কাকতিৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণৰ পাছত ঐতিহাসিক গহপুৰ থানা পৰিদৰ্শন কৰে৷

সকলোৱে চৰকাৰী আঁচনিৰ সুবিধা ল’ব লাগে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰঃ এতিয়াৰে পৰা প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ লগতে মুখ্যমন্ত্ৰী আৱাসো লাভ কৰিব ৰাজ্যবাসীয়ে৷ কেৱল আৱেদন কৰিব লাগিব৷ যিসকলে আৱেদন কৰা সত্ত্বেও কোনো কাৰণত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ নকৰিলে, তেওঁলোকে মুখ্যমন্ত্ৰী যোজনাৰ আৱাসৰ বাবে আৱেদন কৰি সেই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব৷ –আজি তেজপুৰত এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ প্ৰণিধানযোগ্য, ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ কাৰ্যসূচীৰ অংশস্বৰূপে আজি তেজপুৰৰ ঊষাপুৰ গাঁও পঞ্চায়তৰ অধীনস্থ কলিবাৰীত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ প্ৰধানমন্ত্ৰীৰ জনকল্যাণমুখী আঁচনি সন্দৰ্ভত ৰাইজক সবিশেষ অৱগত কৰায়৷ মুখ্যমন্ত্ৰীয়ে কয়– ‘আমাক ভোট নিদিয়া মানুহে আকৌ এই আঁচনিসমূহৰ সম্পৰ্কে অধিক অৱগত তথা মুনাফা আদায় কৰিছে৷’ তেওঁ লগতে নামনি আৰু মধ্য অসমৰ লোকে প্ৰধানমন্ত্ৰী তথা চৰকাৰী আঁচনি সন্দৰ্ভত অধিক জ্ঞাত বুলি উল্লেখ কৰি সকলোকে চৰকাৰী আঁচনিৰ সুবিধা আদায় কৰিবলৈ আহ৩ান জনায়৷ প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰীয়ে ১২ টকাৰ দুৰ্ঘটনা বীমা সকলোকে কৰিবলৈ কোৱাৰ লগতে আনকি সাংবাদিকসকলকো এই সেৱা লাভ গ্ৰহণ কৰিবলৈ কয়৷ তদুপৰি, দুশ টকা লাভত উজলা আঁচনিৰ ৰন্ধন গেছৰ সংযোগ ল’বলৈও আহ্বান জনায়৷ আনহাতে,  আগন্তুক লোকসভা নিৰ্বাচনত তেৱেঁই তেজপুৰৰ প্ৰাৰ্থী হ’ব বুলি ৰগৰ কৰি তেজপুৰত বিভিন্ন চৰকাৰী দালালৰাজ সন্দৰ্ভত কোনো লোকে দাখিল কৰা এজাহাৰৰ ক’পী মুখ্যমন্ত্ৰীৰ হাতত তুলি দিয়াত মুখ্যমন্ত্ৰীয়ে সেইখন সযতনে পকেটত ভৰাই কয়– ‘মই দালালবোৰক বিচাৰিয়েই থাকোঁ৷’ তেওঁ দালালৰ বিৰুদ্ধে তেজপুৰত অভিযান চলাৰো ইংগিত দিয়ে৷ ইপিনে শোণিতপুৰত তিনিমাহ ধৰি জিলা তথ্য আৰু জনসংযোগ বিষয়া নথকাৰ বিষয়ে সাংবাদিকে অৱগত কৰোৱাত মুখ্যমন্ত্ৰীয়ে বিভাগীয় মন্ত্ৰী পীয়ূষ হাজৰিকাক এই বিষয়ে ক’বলৈ কোৱাৰ লগতে বিষয়টো তেওঁ নিজেই চাব বুলিও উল্লেখ কৰে৷ ইপিনে সাংবাদিকৰ পেন্সন সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়–  ‘যদিহে আপোনালোকে হিতাধিকাৰী সৃষ্টি কৰা বুলি নকয় তেন্তে সাংবাদিকৰ পেন্সন আঁচনিৰ সফল ৰূপায়ণ কৰি তুলিম৷ আপোনালোকে বেয়া পায় বুলিহে অতদিনে কৰা নাছিলো৷ এতিয়া কৰি দিম৷’ দিনৰ দুই বজাত অনুষ্ঠিত সভাখনত প্ৰধানমন্ত্ৰী মোদীয়ে সৰ্বসাধাৰণলৈ আগবঢ়োৱা উজলা, আৱাস, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত, কৃষি, দুৰ্ঘটনা বীমাকে ধৰি বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে উত্তৰ প্ৰদেশত এনে আঁচনিৰ সুবিধা দুই কোটি লোকে গ্ৰহণ কৰাৰ সময়ত অসমত এই সংখ্যা মাত্ৰ ১২ লাখহে৷ এয়া কেৱল সজাগতাৰ অভাৱতে হোৱা বুলিও তেওঁ কয়৷