‘নগাঁও কংগ্ৰেছৰ বাবে ভাল সমষ্টি’
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু জাগীৰোডৰ বিশেষ প্ৰতিবেদক, ২৫ ডিচেম্বৰঃ ‘নগাঁও, কৰিমগঞ্জ আৰু ধুবুৰী এই তিনিটা লোকসভা সমষ্টি আমাৰ কাৰণে জিকিবৰ বাবে আটাইতকৈ কষ্টকৰ হ’ব৷ কংগ্ৰেছ আৰু এআইইউডিএফৰ বাবে এই তিনিটা আটাইতকৈ ভাল ছীট৷ বিশেষকৈ নগাঁও সমষ্টি কংগ্ৰেছৰ বাবে আটাইতকৈ ভাল সমষ্টি৷ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন বা গৌৰৱ গগৈ যিয়ে জিকিবলৈ বিচাৰে তেওঁ নগাঁৱলৈ আহক৷’– এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ দেওবাৰে জাগীৰোডত সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰি ডঃ শৰ্মাই কয়– ‘নগাঁও কংগ্ৰেছৰ বাবে ভাল সমষ্টি বাবে মৌমাখি বেছি পৰিবই৷ নগাঁও, কৰিমগঞ্জ আৰু ধুবুৰী সমষ্টি বাদ দি বাকী য’তেই কংগ্ৰেছে নিৰ্বাচন খেলে তাতেই হাৰিব৷ যি জিকিব খোজে তেওঁ নগাঁৱলৈ আহক আৰু যি হাৰিব খোজে তেওঁ বাকী সমষ্টি ল’লেই হ’ল৷ নগাঁৱত ফুলৰ ৰস থকা বুলি গম পায়েই প্ৰদ্যুৎ, ৰকি, গৌৰৱ গগৈ নগাঁৱৰ প্ৰাৰ্থী হ’বলৈ হেতা-ওপৰা লগাইছে৷ কিন্তু কষ্ট কৰি হ’লেও আমিও যাতে নগাঁৱত জিকিব পাৰো ইয়াৰ বাবে সভা আৰম্ভ কৰিছোঁ৷ আজিৰ তাৰিখলৈ আমি চাৰে এঘাৰটা সমষ্টিত জয়লাভ কৰিম৷ বাকী কথা কংগ্ৰেছ, এআইইউডিএফৰ প্ৰাৰ্থী চাই লোকসভাৰ নিৰ্বাচনৰ আগতহে ক’ব পাৰিম৷