Logo
image

স্কুটী বিদ্ৰোহ, ৬নং দফা আৰু সংবাদ ক্ষেত্ৰত আক্ৰমণ

ৰাজ্যখনত আৰম্ভ হৈছে ‘স্কুটী বিদ্ৰোহ’৷ বিগত কেইবাবছৰো স্কুটীৰ প্ৰলোভন দি দি অৱশেষত নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক চমক সৃষ্টিৰ বাবে উচ্ছতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগ লাভ কৰা সকলো ছাত্ৰীক স্কুটী দিয়াৰ কথা ঘোষণা কৰে অসম চৰকাৰে৷ এতিয়া এই আঁচনিৰ পৰা হাজাৰ হাজাৰ যোগ্য ছাত্ৰী বঞ্চিত হোৱাৰ মুকলি অভিযোগ উঠিছে৷ ৭০-৮০ শতাংশ নম্বৰ পোৱা ছাত্ৰীয়েও স্কুটী নোপোৱাত শিক্ষামন্ত্ৰীৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰিছে৷ আচলতে সমগ্ৰ বিষয়টোৱে যে স্বচ্চ আৰু নিকা নহয়, সেই কথা ইতিমধ্যে প্ৰমাণ হৈছে৷ বিজেপিয়ে ভাবিছে এইধৰণৰ আঁচনিয়ে তেওঁলোকক নিৰ্বাচনত সহায় কৰিব, কিন্তু তেওঁলোকে ১০ শতাংশ মানুহক সন্তুষ্ট কৰাৰ বিপৰীতে এনে আঁচনিয়ে ৯০ শতাংশ মানুহক অসন্তুষ্ট কৰিছে৷ চৰকাৰী মান নিৰূপণৰ ভিতৰত পৰা ছাত্ৰীসকলেই নহয়, দ্বিতীয়-তৃতীয় বিভাগত উত্তীৰ্ণ লাখ লাখ ছাত্ৰী চৰকাৰৰ এনে সিদ্ধান্তৰ বাবে হীনমন্যতাত ভুগি বিজেপিৰ বিৰুদ্ধে যোৱাৰ সম্ভাৱনাই বেছি৷ আনহাতে, চৰকাৰে তেলৰ দাম ইমানেই বৃদ্ধি কৰিছে যে স্কুটী পোৱা বহু ছাত্ৰীৰ পৰিয়ালৰ বাবে তেল ভৰাই সেইখন চলোৱাটো দুৰূহ হৈ পৰিছে৷ স্কুটী লাভ নকৰা ছাত্ৰীসকল সন্মুখলৈ আহি প্ৰতিবাদ কৰিছে, কাৰণ সেইসকল সংগঠিত হোৱাৰ সুবিধা আছে বা বুকুত সাহস আছে৷ কিন্তু এইটো নহয় যে চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া অৰুণোদয় বা স্বয়ম আঁচনিৰ দৰে আঁচনিবোৰত অনিয়ম হোৱা নাই৷ হৈছে, এতিয়া গাঁৱে গাঁৱে বহু বিধৱা, বহু আবিয়ৈ যুৱতীয়ে বা যোগ্য যুৱক এইবোৰ আঁচনিৰ পৰা বঞ্চিত হৈ ক্ষোভত গুজৰি-গুমৰি আছে৷ বিজেপি চৰকাৰৰ নিৰ্বাচনৰ পূৰ্বেএই হিতাধিকাৰী নিৰ্বাচনৰ খেলখন যে অৱশেষত বুমেৰাং হৈ পৰিব, সেইটো নিশ্চিত৷

অসম চুক্তি অসম তথা অসমৰ খিলঞ্জীয়া লোকৰ সপোন৷ এই সপোনৰ পম খেদি বিগত চাৰে তিনি দশক অসমীয়া ৰাইজে অধিৰ আগ্ৰহেৰে বাট চাইছে৷ এই সময়ছোৱাত গঠন হোৱা প্ৰতিখন চৰকাৰেই এই সপোন বাস্তৱায়িত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ বিজেপি চৰকাৰেও দিছিল৷ কিন্তু নহ’ল, বিগত পাঁচ বছৰত অসমীয়াৰ সপোন সপোন হৈয়ে ৰ’ল৷ নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত কৰাৰ চক্ৰান্ততে এই ৬নং দফা কাৰ্যকৰী কৰাৰ বাবে পৰামৰ্শ সমিতি গঠন কৰিছিল চৰকাৰে, সমিতিয়ে এই পৰামৰ্শ দিয়াও বহুদিন হ’ল৷ দিছপুৰৰ পৰা এই পৰামৰ্শ দিল্লী গৈ নাপালে আৰু এতিয়া যি চৰকাৰে পৰামৰ্শবোৰ আখৰে আখৰে পালন কৰা হ’ব বুলি ঘোষণা কৰিছিল, এতিয়া এজন মাত্ৰ মন্ত্ৰীয়েই কৈ দিব পৰা হ’ল যে, সমিতিৰ পৰামৰ্শবোৰ অবাস্তৱ, আইনবিৰুদ্ধ৷ যিখন সমিতিৰ অধ্যক্ষ এজন ন্যায়াধীশ, কেন্দ্ৰীয় চৰকাৰক নিদিয়াকৈয়ে এজন মন্ত্ৰীয়ে সেইখন নাকচ কৰাৰ ধৃষ্টতা কিদৰে কৰে৷ ইয়াতকৈ অসমীয়া জাতীয়তাবাদৰ বাবে, অসমৰ আঞ্চলিক ৰাজনীতিৰ বাবে আৰু কি দুঃখবৰ হ’ব পাৰে৷

এই বিজেপি চৰকাৰৰ আমোলতে গৌৰী লংকেশৰ দৰে সাংবাদিকক হত্যা কৰাৰ কথা ৰাইজে কেতিয়াও পাহৰা নাই৷ বিগত সময়ত বহু সাংবাদিক নিগ্ৰহৰ ঘটনা ঘটিছে এইখন ভাৰতত৷ কিন্তু হিন্দুৰ নামত গঠিত সংগঠনে জয় শ্ৰীৰাম ধবনিৰে সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যালয়লৈ গৈ হত্যাৰ অপচেষ্টাৰে যি আক্ৰমণ চলিল, এয়া হিন্দু তালিবানী কায়দা বুলিয়েই নিশ্চয় অভিহিত কৰিব লাগিব৷ প্ৰত্য়েক চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য যে গণতন্ত্ৰক ৰক্ষা কৰিবলৈ হ’লে সংবাদ জগতৰ স্বাধীনতা তথা স্বতন্ত্ৰতাক ৰক্ষা কৰিব লাগিব৷ কিন্তু যেতিয়া চৰকাৰৰ মদতপুষ্ট সংগঠনে এনে আক্ৰমণৰ নেতৃত্ব দিয়ে, তেতিয়া পৰিস্থিতিৰ ভয়াৱহতাক লক্ষ্য কৰিব লাগিব৷ দেশৰ গণতন্ত্ৰ-স্বাধীনতা বিপন্ন হ’লে নাগৰিকৰ হাতত বিদ্ৰোহ কৰাৰ বাদে আন কোনো পথ নাথাকিব৷ সেয়ে ১৬ ফেব্ৰুৱাৰীত যোৰহাটত সংবাদ গোষ্ঠীৰ কাৰ্যালয়ত হোৱা আক্ৰমণক সকলোৱেই ধিক্কাৰ দিছে৷