Logo
image

কি দিব চুক্তিয়ে, ৰহস্যজনক গোপনীয়তা

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ২৯ ডিচেম্বৰঃ স্বাধীন অসমৰ সপোন লৈ সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি লোৱাৰ পাছত আলোচনাৰ মেজলৈ উভতি অহাৰ ১২ বছৰ পাছত বিদ্ৰোহী সংগঠন আলফাৰ সৈতে আজি বিয়লি পাঁচ বজাত নৰ্থ ব্লকত স্বাক্ষৰিত হ’ব বহু প্ৰতীক্ষিত শান্তি চুক্তি৷ দুকুৰি বছৰীয়া সংগ্ৰামৰ শেষ পৰিণতি হিচাপে সম্পাদিত হ’বলগীয়া ঐতিহাসিক চুক্তিখনৰ জৰিয়তে অসমবাসীয়ে কি কি পাব তাক লৈ জল্পনা-কল্পনাৰ কোনো অন্ত নাই৷ আলফা নেতা অনুপ চেতিয়াৰ মতে, চৰকাৰ আৰু আলফা দুয়োপক্ষৰ এৰাধৰাৰ মাজেৰে চূড়ান্ত কৰা হৈছে চুক্তিখন৷ চৰকাৰে নিবিচৰা কিছু বিষয় চুক্তিখনত সন্নিবিষ্ট কৰা হৈছে৷ আকৌ আলফাই বিচৰা কিছু বিষয়ও চুক্তিখনত স্থান লাভ কৰা নাই৷ চেতিয়াৰ মতে, চুক্তি সম্পাদন কৰিবলৈ গৈ দুয়োপক্ষই কিছু ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছে৷ আলফা নেতৃত্বই দাবী কৰা মতে, আলফা চুক্তিখন হ’ব এখন সৰ্বাংগীণ চুক্তি৷ য’ত অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰৰ দিহা প্ৰদানৰ লগতে ৰাজ্যৰ সৰ্বাংগীণ উন্নতিৰ বাবে এক বৃহৎ বিত্তীয় পেকেজৰ ব্যৱস্থা থাকিব৷ বিধানসভা আৰু লোকসভাত সমষ্টি সংৰক্ষণৰ এটা নিৰ্দিষ্ট সমীকৰণ প্ৰদান কৰা হ’ব৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ অনুসৰি অসম চুক্তিৰ ৬নং দফা অৰ্থাৎ অসমীয়াৰ সাংবিধানিক ৰক্ষাকৱচৰ দিহা প্ৰদান কৰা হ’ব৷ গোচৰ প্ৰত্যাহাৰ কৰি পুনৰ সংস্থাপনৰ ব্যৱস্থা থাকিব আলোচনাপন্থী আলফা নেতা-কেডাৰসকলৰ বাবে৷ উল্লেখ্য যে ঐতিহাসিক চুক্তিৰ সাক্ষী হ’বলৈ এই মুহূৰ্তত দিল্লীত আছে আলোচনাপন্থী আলফাৰ মুঠ ১৬ জনীয়া প্ৰতিনিধি দল৷ সোমবাৰে দিল্লীলৈ আহি পোৱা সংগঠনৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া আৰু বৈদেশিক সচিব শশধৰ চৌধুৰীৰ পিছত বুধবাৰে সংগঠনটোৰ সভাপতি অৰবিন্দ ৰাজখোৱা, উপ-সভাপতি প্ৰদীপ গগৈ, উপ-সেনাধ্যক্ষ ৰাজু বৰুৱা, বিত্ত সচিব চিত্ৰবন হাজৰিকা, প্ৰচাৰ সম্পাদক মিথিংগা দৈমাৰী আৰু সাংস্কৃতিক সচিব প্ৰণতি ডেকাই দিল্লী আহি উপস্থিত হয়৷ তেওঁলোকৰ লগতে আছে সংগঠনৰ ৮জন কাৰ্যবাহী বিষয়ববীয়াও৷ মুঠতে আজি শান্তি চুক্তি স্বাক্ষৰিত কৰাৰ সময়ত নৰ্থ ব্লকস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ কাৰ্যালয়ত আলফাৰ ১৬ জনীয়া প্ৰতিনিধি দল এটাই উপস্থিত থাকিব৷ উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাও৷ আনহাতে আলফাৰ আমন্ত্ৰণ মৰ্মে ঐতিহাসিক শান্তি চুক্তিৰ সাক্ষী হ’বলৈ ৰাজ্যৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ১৪জন বিশিষ্ট ব্যক্তিও অংশ ল’ব চুক্তি স্বাক্ষৰকাৰী অনুষ্ঠানত৷ আজি চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ পূৰ্বে বৃহস্পতিবাৰে বিয়লি কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা আৰু মধ্যস্থতাকাৰীৰ সৈতে আলফা নেতৃত্বৰ এখন বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত চুক্তিৰ খৰচাক চূড়ান্ত ৰূপ দিয়া হয়৷ বিয়লি চুক্তি স্বাক্ষৰৰ পাছতেই অৰবিন্দ ৰাজখোৱা নেতৃত্বাধীন আলোচনাপন্থী আলফাই নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰিব৷ বিগত চাৰি দিন ধৰি ৰাজ্যৰ বাহিৰত থকা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা শুকুৰবাৰে পুৱা দহ বজাত নতুন দিল্লী পোৱাৰ কথা৷ সম্প্ৰতি পৰিয়ালৰ সৈতে উত্তৰাখণ্ডত আছে মুখ্যমন্ত্ৰী৷ চুক্তিখনক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু আলোচনাপন্থী আলফা দুয়োপক্ষই গ্ৰহণ কৰিছে ৰহস্যজনক গোপনীয়তা৷ চুক্তিৰ খচৰা আলোচনাপন্থী আলফাৰ হাতত ইতিমধ্যেই পৰিছে যদিও তেওঁলোকেও এইক্ষেত্ৰত সবিশেষ প্ৰকাশৰ পৰা বিৰত আছে৷