Logo
image

অভিশপ্ত ৩ জানুৱাৰীঃ বনভোজ খাবলৈ গৈ শোকাবহ পথ দুৰ্ঘটনাত ১২জনৰ মৃত্যু

ডিজিটেল ডেস্কঃ দেৱগাঁৱৰ ৰাজপথত মৃত্যুৰ কিৰীলি। দেৰগাঁৱৰ বালিজানত সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা। ৪৫ জনীয়া এটা বনভোজ দল লৈ যোৱা আল্ট্ৰা  বাছৰে ট্ৰাকৰ সৈতে  মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। এই মৰ্মান্তিক দুৰ্ঘটনাত প্ৰাণ গ’ল ১২জনকৈ লোকৰ। ৩০জনতকৈ অধিক লোক আহত হয়।

তথ্য মতে, ভুল পথেৰে আহিছিল কয়লাভৰ্তি অভাৰলোডেড ট্ৰাকখন। যাৰ ফলতে বাছখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। পুৱা ঘন কুঁৱলিৰ ফলত বাছৰ চালকে হয়তো বিপৰীত দিশৰ পৰা অহা ট্ৰাকখনৰ কোনো উমান পোৱা নাছিল। অভাৰলোডেড ট্ৰাকখন ভুল দিশৰ পৰা আহি থকা বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি একাংশই অভিযোগ উঠাইছে।

এই দুৰ্ঘটনাই  মুহূৰ্ততে অন্ধকাৰ নমাই আনিল বহুকেইটা পৰিয়াললৈ। ইতিমধ্যে ১২ লোকৰ মৃত্যু, ৩০জনৰো অধিক লোকক সংকটজনক অৱস্থাত জিএমচিএইচ ত ভৰ্তি কৰোৱা হয়। 

স্থানীয় লোকৰ পৰা জানিব পৰা মতে, এই দুৰ্ঘটনাত গাঁওখনৰ দুটাকৈ পৰিয়াল সম্পূৰ্ণৰূপে নিঃশেষ হৈ যায়। পৰিয়াল দুটাৰ মুঠ ৯জন সদস্যৰ মৃত্যু হোৱা বুলি  গাঁওখনৰ লোকে প্ৰকাশ কৰিছে।

মৃত লোকসকলৰ একাংশৰ নাম ক্ৰমে ,অনিমা শইকীয়া (৬০),শুভংকৰ শইকীয়া(১৩), নীহাৰিকা শইকীয়া (১০), দীপালী শইকীয়া (৩৭), নৱজিৎ শইকীয়া (৪০), পিংকী শইকীয়া (৪৮), ৰিংকী বৰা (১৮), বাছৰ চালক মৃদুল বৰা (৩০), নিত্যানন্দ বৰা (নিতুল) (৪৮), প্রিঞ্চিপ্ৰিয়া বৰা (৭), সোমেশ্বৰ বৰা (৪৩),  ট্রাক চালক নুৰ আলম হক।