Logo
image

ৰাহুলৰ যাত্ৰাই সামৰিব অসমৰ ১৭খন জিলা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ জানুৱাৰীঃ লাক্ষাদ্বীপৰ বাংগাৰামত সমুদ্ৰতীৰত বহি ফটোছেশ্বন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মণিপুৰলৈ নাযায় কিয় বুলি কটাক্ষ কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই৷ খাৰ্গেই শনিবাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত কয়–প্ৰধানমন্ত্ৰীৰ লাক্ষাদ্বীপত ফটোছেশ্বন কৰিবলৈ সময় হয কিন্তু মণিপুৰ ভ্ৰমণৰ বাবে সময় নহয়৷ উল্লেখ্য দুটা সম্প্ৰদায়ৰ মাজত দীৰ্ঘদিন ধৰি সংঘটিত হৈ থকা সংঘৰ্ষৰ ফলত শ শ লোক মৃত্যুমুখত পৰিছে মণিপুৰত৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীয়ে মাহচেৰেক পূৰ্বে মণিপুৰলৈ গৈ সৰ্বস্তৰৰ লোকৰ সৈতে মত-বিনিময় কৰিছে৷ ৰাহুল গান্ধীয়ে ১৮ জানুৱাৰীত অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰিব৷ ১৪ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কংগ্ৰেছ দলে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ কৰিব ভাৰত জড়ো ন্যায় যাত্ৰা৷ শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত কংগ্ৰেছৰ নেতা ভৰত চন্দ্ৰ নৰহে এই কথা সদৰি কয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ১৪ জানুৱাৰীৰ পৰা মনিপুৰৰ পৰা এই যাত্ৰাৰ শুভাৰম্ভ কৰা হ’ব৷ ১৮ জানুৱাৰীত অসমত ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধী অসমত প্ৰৱেশ কৰিব৷ ৰাহুল গান্ধী ২৫ জানুৱাৰীলৈ অসমত এই যাত্ৰা অব্যাহত ৰাখিব৷ অসমত উজনি অসমৰ লগতে নামনি অসমৰ মুঠ ১৭খন জিলাত এই যাত্ৰা কৰিব৷ ৰাহুল গান্ধীয়ে মুঠ ৮৩৩ কিলোমিটাৰ যাত্ৰা কৰিব৷ জ্ঝ জানুৱাৰীত গুৱাহাটীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সাংগঠনিক) কে চি বেণুগোপাল আৰু অসমৰ তত্ত্বাবধায়ক জীতেন্দ্ৰ সিঙে উপস্থিত হ’ব৷ ন্যায় যাত্ৰাৰ বাবে ২৫খন উপ সমিতি গঠন কৰা হ’ব৷ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সাংগঠনিক) কে চি বেণুগোপাল আৰু অসমৰ তত্ত্বাবধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত সভা অনুষ্ঠিত কৰি এই উপ-সমিতি গঠন কৰা হ’ব৷ বি জে পি য়ে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি ব্যাপক অন্যায় কৰি আছে৷ উত্তৰ পূৰ্বাঞ্চলত সংবিধান ৰক্ষা কৰা আৰু ন্যায় প্ৰতিষ্ঠাৰ বাবে ৰাহুল গান্ধীৰ নেতৃত্বত অসমত কংগ্ৰেছে এইবাৰ যুঁজ দিব বুলি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ মহিমা সিঙে সদৰি কৰে৷ শনিবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ মহিমা সিঙে কয় যে দীৰ্ঘদিন ধৰি মণিপুৰ জ্বলি আছে৷ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ কোনো গুৰুত্ব নাই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এদিনলৈ মণিপুৰলৈ নাহিল৷ ৰাহুল গান্ধী দ্বিতীয়বাৰৰ বাবে মণিপুৰলৈ আহিব৷ ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণ কাৰ্যসূচী কংগ্ৰেছৰ চছিয়েল মিডিয়াৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হ’ব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদায় শিৰোনামা দখলৰ বাবে কাম কৰে৷ ৰাইজৰ মূল সমস্যাবোৰ আঁতৰত ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদায় শিৰোনামা দখলৰ বাবে কাম কৰে৷ এয়া অকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰিত্ৰ নহয় বি জে পিৰ চৰকাৰৰ চৰিত্ৰ৷ তেওঁ কয় যে ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলত সংবিধান ৰক্ষা কৰা আৰু ন্যায় প্ৰতিষ্ঠাৰ বাবে ৰাইজৰ ওচৰলৈ যোৱা হ’ব৷ এই ক্ষেত্ৰত কংগ্ৰেছ দলে পূৰ্ণ প্ৰস্তুতি গ্ৰহণ কৰিছে বুলি তেওঁ সদৰি কৰে৷