Logo
image

আৰক্ষীৰে হতাহতি কৰিও সাৰি গ’ল বিজেপি বিধায়কৰ পুত্ৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৭ জানুৱাৰীঃ ‘ড্ৰিংক এণ্ড ড্ৰাইভ’ বিৰোধী অভিযানত এইবাৰ আৰক্ষীৰ জালত পৰিল বিধায়ক পুত্ৰ৷ টেটুলৈকে সুৰাপান কৰি গাড়ী চলাই এৰাতিৰ বাবে আৰক্ষী থানাৰ আলহী হ’ল খোদ শাসক দলৰ এজন বিধায়কৰ ‘সুযোগ্য’ পুত্ৰ৷ গুৱাহাটীৰ যোৰাবাট আৰক্ষীৰ জালত পৰা বিধায়ক পুত্ৰজন হৈছে বিজেপি-মিত্ৰজোঁট চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা  বিহালী সমষ্টিৰ চাৰিবাৰৰ বিধায়ক ৰঞ্জিত দত্তৰ একমাত্ৰ পুত্ৰ দীপজ্যোতি দত্ত৷ শুকুৰবাৰে মাজনিশা তেৰ মাইলত যোৰাবাট আৰক্ষীৰ তালাচীত বিধায়ক পুত্ৰ দীপজ্যোতি দত্তই সুৰামত্ত অৱস্থাত এএছ ৩২ এ ৩৩৩৩ নম্বৰৰ এখন বিলাসী ফৰচূনা বাহন চলাই আহি আটক হ’বলগীয়া হয়৷ নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে তীব্ৰ বেগত বাহনখন চলাই অহা দীপজ্যোতি দত্তক আৰক্ষীয়ে ব্ৰেথ এনালাইজাৰত পৰীক্ষা কৰাত অত্যধিক পৰিমাণৰ সুৰাপান কৰি থকাটো নিশ্চিত কৰে৷ বিজেপিৰ যুৱ মৰ্চাৰ ষ্টিকাৰ লগোৱা বিলাসী ফৰচূনা বাহনখনত বিধায়ক ৰঞ্জিত দত্তৰ পুত্ৰৰ সৈতে আন দুজন যুৱকো আছিল৷ কিন্তু কৰ্তব্যৰত আৰক্ষীয়ে সুৰাপান কৰি থকাত বাহন চলাবলৈ অনুমতি নিদিয়াৰ লগতে জৰিমনা বিহাত বিজেপি যুৱ মৰ্চাৰ পৰিচয় দি আৰক্ষীৰ লগত তৰ্কাতৰ্কিত লিপ্ত হোৱাৰ অভিযোগ উঠিছে দীপজ্যোতি দত্তৰ লগতে দুই সতীৰ্থৰ বিৰুদ্ধে৷ আনকি তৰ্কাতৰ্কিয়ে এনে পৰ্যায় পাইগৈ যে বিধায়ক পুত্ৰজনে কৰ্তব্যৰত আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হোৱা বুলিও অভিযোগ উঠিছে৷ যাৰ পৰিপ্ৰেক্ষিত সুৰামত্ত দীপজ্যোতি দত্তৰ লগতে বাহনখনত থকা আন দুই সতীৰ্থ ঋষভ দাস আৰু জুমন দাসক আটক কৰি যোৰাবাট থানালৈ লৈ যায় আৰক্ষীয়ে৷ তদুপৰি ফৰচূনা বাহনখনো আৰক্ষীয়ে জব্দ কৰে৷ নিশাটো থানাতে বহুৱাই ৰাখি স্বাস্থ্য পৰীক্ষাৰ অন্তত ৰাজনৈতিক হেঁচাত পুৱা মহানগৰ আৰক্ষীয়ে স-সন্মানেৰে যাবলৈ দিয়ে বিধায়ক পুত্ৰবাহিনীক৷ অৱশ্যে আৰক্ষীয়ে সুৰাপান কৰি গাড়ী চলোৱাৰ অপৰাধত বিধায়ক পুত্ৰক এম ভি আইন অনুসৰি জৰিমনা বিহা বুলি জানিবলৈ দিছে৷ উল্লেখ্য, দীপজ্যোতি দত্তই নিজকে বিশ্বনাথ জিলা বিজেপিৰ যুৱ মৰ্চাৰ সম্পাদক বুলি পৰিচয় দিয়ো আৰক্ষীক দম্ভালি মাৰে৷ অৱশ্যে কৰ্তব্যৰত আৰক্ষীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠাৰ পাছতো আৰক্ষীয়ে কোনো ফৌজদাৰী গোচৰ ৰুজু নকৰাকৈ বিধায়ক পুত্ৰক যাবলৈ দিয়াক লৈ এতিয়া আৰক্ষীৰ ভিতৰচ’ৰাতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷