Logo
image

অৱনমিত সংবাদ মাধ্যমৰ মানদণ্ড!

ওদালগুৰি জিলাৰ নাহৰবাৰী গাঁৱত এগৰাকী দশম শ্ৰেণী ছাত্ৰী সৰস্বতী পূজাৰ দিনা এটা লম্পট শিক্ষকৰ দ্বাৰা যৌন নিৰ্যাতনৰ বলি হোৱা ঘটনাৰ পম খেদি তিনিজন দৃশ্য-শ্ৰব্য মাধ্যমৰ সাংবাদিকে ছাত্ৰীগৰাকীক বলপূৰ্বকভাৱে ইতিপূৰ্বে তেওঁৰ ওপৰত হোৱা নিৰ্যাতন সম্পৰ্কত উপৰ্যুপৰি প্ৰশ্নৰ অৱতাৰণা কৰে৷ ইতিমধ্যে প্ৰচণ্ড মানসিক চাপ, লজ্জাৰ সন্মুখীন হোৱা কিশোৰীগৰাকীক পুনৰবাৰ প্ৰশ্নেৰে থকাসৰকা কৰা দৃশ্য প্ৰত্যক্ষ কৰি তেওঁৰ পিতৃয়ে সহ্য কৰিব নোৱাৰি মূৰ্ছা গৈ মাটিত ঢলি পৰে৷ ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ নিয়া হ’ল যদিও অতি শোকাৱহভাৱে লংকেশ্বৰ কলিতা নামৰ দুৰ্ভগীয়া পিতৃজনে মৃত্যুক সাৱটি ল’লে৷ সেই সৰস্বতী পূজাৰ দিনাই এটা  ৱেব পৰ্টেলৰ সাংবাদিকে সোণাপুৰ কলেজৰ এদল ছাত্ৰীক কলেজ কেম্পাছৰ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰে৷ সাংবাদিকে প্ৰশ্ন সোধাটো সাধাৰণ কথা৷ কিন্তু নিউজ পৰ্টেলটোৱে ছাত্ৰীসকলে যিবোৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে তাকহে সম্প্ৰচাৰ কৰি ছাত্ৰীসকলক মানসিকভাৱে হাৰাশাস্তি কৰিলে৷ ইতিমধ্যে মহাবিদ্যালয় কতৃৰ্পক্ষ, ছাত্ৰ-একতা সভাই পৰ্টেলটোৰ সাংবাদিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰশাসন, আৰক্ষীৰ দ্বাৰস্থ হৈছে৷ সৰস্বতী পূজাৰ কেইদিনমান পূৰ্বে মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কিশোৰী দুহিতাক লৈ অতি বিকৃত ৰূপত এখন ফটো আপলোড কৰাৰ পাছত প্ৰতিবিম্ব লাইভ নামৰ ৱেব পৰ্টেলটোৰ কেইবাজনো সাংবাদিকে এতিয়া জে’লৰ ভাত খাইছে৷ বিগত কেইটামান দিনত দৃশ্য-শ্ৰব্য মাধ্যমৰ লগত জড়িত সাংবাদিকে এনে নিলৰ্জভাৱে সাংবাদিকতাৰ এথিকছক অংগুষ্ঠ প্ৰদৰ্শন কৰা কাৰ্যই সকলো শ্ৰেণীৰ লোককে স্তম্ভিত কৰিছে৷ এগৰাকী কিশোৰী যৌন নিৰ্যাতন বা শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হোৱাৰ পাছত কেৱল কিশোৰীগৰাকীয়েই নহয় সমগ্ৰ পৰিয়ালটোৱে প্ৰচণ্ড মানসিক চাপ, হতাশাগ্ৰস্ততাৰ সন্মুখীন হয়৷ সেই সময়ত কিশোৰী বা পৰিয়ালটোৰ বাবে প্ৰয়োজন সমাজৰ লোকৰ তেওঁলোকৰ প্ৰতি সহমৰ্মিতা আৰু দোষীক শাস্তি দিয়াৰ বাবে একত্ৰিতভাৱে যুঁজ দিয়াৰ বাবে তেওঁলোকক সংগদান কৰা৷ এই ক্ষেত্ৰত চতুৰ্থ স্তম্ভৰ ৰক্ষকসকলৰ ভূমিকা অধিক সৱল হোৱাটো প্ৰয়োজন৷ ন্যায়ালয়ৰো এনে নিৰ্যাতিতাক প্ৰশ্ন অৱতাৰণা কৰাৰ ক্ষেত্ৰত বহু নিষেধাজ্ঞা আছে৷ কিন্তু আমাৰ চতুৰ্থ স্তম্ভৰ ৰক্ষক কেইজনে তেনে সকলো দিশক নস্যাৎ কৰি পিতৃৰ সন্মুখতে বহু অনাহুত প্ৰশ্নৰ অৱতাৰণা কৰি কিশোৰী আৰু তেওঁৰ পিতৃক পুনৰবাৰ মানসিক নিৰ্যাতন চলালে৷ সৰস্বতী পূজাৰ দিনা ছাত্ৰীক সোধা সকলো প্ৰশ্নৰ ভুলকেইটাহে প্ৰচাৰ কৰাটোৱে সাংবাদিকজনক বিকৃত, নেতিবাচক মনটোক উদঙাই দিলে৷ মন্ত্ৰীৰ কিশোৰী কন্যাক লৈ পৰ্টেল সাংবাদিক আৰু এচাম ফেচবুকিয়ানৰ ভূমিকাই পুনৰ এইসকলৰ নিকৃষ্ট চিন্তা তথা মানসিকতাক প্ৰতীয়মান কৰিলে৷ অসমত এই মুহূৰ্তত যদি আটাইতকৈ সহজলভ্য কাম কি বুলি সোধা যায় তাৰ উত্তৰ হ’ব নিউজ পৰ্টেলৰ সাংবাদিক হোৱা৷ এই পৰ্টেল যাৰে ইচ্ছা যায় তেওঁৱে খুলিব পাৰে৷ ইয়াৰ বাবে কোনো নীতি-নিৰ্দেশনা নাই, নিয়ন্ত্ৰণকাৰী সংস্থা নাই৷ একাংশ নিউজ পৰ্টেলে নিষ্ঠাসহকাৰে সংবাদ পৰিৱেশন কৰিলেও গৰিষ্ঠসংখ্যকেই যি ইচ্ছা তাকেই কৰে৷ এনে হোৱাৰ ফলত সাংবাদিকতাৰ যি লক্ষ্য, উদ্দেশ্যে সেয়া ভূ-লুণ্ঠিত হৈছে আৰু সামগ্ৰিকভাৱে সংবাদ মাধ্যমেই এক আস্থাহীনতাৰ সন্মুখীন হৈছে৷ অতি সোনকালে এই ক্ষেত্ৰত যদি নীতি-নিৰ্দেশনা প্ৰযোজ্য নহয় তেন্তে সাংবাদিকতাৰ মান অধিক অৱনমিত হোৱাটো নিশ্চিত৷ অৱশ্যে আজিৰ দিনত নিউজ পৰ্টেলৰ লগতে একাংশ টেলিভিছন চেনেলৰ কাম-কাজেও সকলোকে স্তম্ভিত কৰিছে৷ প্ৰকৃত সত্য ঘটনাৰ পৰিৱেশনতকৈ নিয়ন্ত্ৰক গোষ্ঠী, পৰিচালন কতৃপক্ষই ভবা সত্য [?] টোৱেহে সংশ্লিষ্ট চেনেলটোৱে সম্প্ৰচাৰ কৰাৰ ফলত দৰ্শকৰ মনত দ্বিধাগ্ৰস্ততাৰ সৃষ্টি হয়৷ টি ভি চেনেলৰ টি আৰ পি নিৰ্ধাৰণৰ বাবে নিয়োজিত ব্ৰডকাষ্ট অডিয়েন্স ৰিছাৰ্ছ কাউন্সিল   [বাৰ্ক]ৰ বিষয়াক উঢৌকন দিয়াৰ নামত প্ৰায়  ৩২,০০০ কোটি টকাৰ ভুৱা টি আৰ পি কেলেংকাৰিৰ বিষয়ে ‘হংস ৰিছাৰ্ছ’ নামৰ প্ৰতিষ্ঠানটোৱে অভিযোগ কৰিছে৷ ইতিমধ্যে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাক লৈ অতিৰঞ্জিত বাতৰি পৰিৱেশন কৰাৰ বাবে চাৰিটা টেলিভিশ্যন চেনেলক আদালতে জৰিমনা বিহাৰ লগতে ক্ষমা খোজাৰ নিৰ্দেশ দিছে৷ ছপা মাধ্যমৰ ক্ষেত্ৰতো পেইড নিউজ, অতিৰঞ্জিত বাতৰি, মিডিয়া ট্ৰায়েল আদিক লৈ বহুবাৰ অভিযোগ উত্থাপিত হৈছে৷ এতিয়া অসমত নিৰ্বাচনী বতৰ আৰম্ভ হৈছে৷ এই সময়ত সংবাদ মাধ্যমৰ ভূমিকা ৰাজ্যখনৰ ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব৷ সংবাদ মাধ্যমৰ বিৰুদ্ধে যদিও এনে বহু অভিযোগ আছে তৎসত্ত্বেও জনসাধাৰণৰ ইয়াৰ ওপৰতে শেষ ভৰষা৷ গতিকে সেই দায়িত্ব এই মাধ্যমৰ সৈতে জড়িত সকলোৱে সহৃদয়তাৰে উপলব্ধি কৰিব লাগিব৷