Logo
image

আজি ডিমা হাচাওত ভোট

‘আমাৰ অসম’ৰ ডিফুৰ ষ্টাফ ৰিপৰ্টাৰ আৰু লংকাৰ প্ৰতিবেদক, ৮ জানুৱাৰীঃ সোমবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ত্ৰয়োদশ ডিমা হাছাও স্বায়ত্ত্বশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ৷ সেয়ে দেওবাৰে বিভিন্ন সমষ্টিত চলিল শেষ নিশাৰ খেল৷ ৰহস্যজনকভাৱে ১১ লাখ ৫০ হাজাৰ টকালৈ হাফলঙৰ পৰা গৈ থকা অৱস্থাত লংকা আৰক্ষীয়ে আটক কৰে মাইবাং ইষ্ট সমষ্টিৰ পৰা বিনা প্ৰতিদন্দিতাৰে নিৰ্বাচিত হোৱা বিজেপি প্ৰাৰ্থী মনজয় লাংথাছাক৷ তেওঁ দুখন গাড়ীৰে টকা সহ গুৱাহাটীলৈ গৈ থকা বুলি আৰক্ষীয়ে অৱগত কৰিছে৷ কৰ্তব্যৰত দণ্ডাধীশে জনোৱা অনুসৰি তেওঁলোকে ১১ লাখ ৫০ হাজাৰ টকা লৈ মুঠ আঠজন লোক আহিছিল৷  তেওঁলোকে গুৱাহাটীলৈ গৈ থকা বুলি কয়৷ লংকা আৰক্ষীয়ে তেওঁলোকক জেৰা কৰি আছে৷ বিনা প্ৰতিদন্দিতাৰে পৰিষদলৈ নিৰ্বিচিত হোৱা মনজয় লাংথাছাৰে ধনখিনি বুলি সহযোগীসকলে স্বীকাৰ কৰিছে৷ আৰক্ষীয়ে দুয়োখন গাড়ী সহ তেওঁলোকক লংকা থানাত ৰাখে আৰু নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লংকালৈ আহে তদন্তৰ বাবে৷ আজি নিৰ্বাচন আৰু আটক হৈছে শাসকীয় দলৰ বিনা প্ৰতিদন্দিতাৰে নিৰ্বাচিত সদস্যক৷ সেয়ে এই ঘটনাক লৈ ৰাজনৈতিক মহলত যে প্ৰতিক্ৰিয়া হ’ব তাত সন্দেহ নাই৷ ৰাজনৈতিক মহলৰ চৰ্চা অনুসৰি  লাংথাছা যিহেতু বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ’ল সেয়ে তেওঁৰ ওচৰত জমা থকা খৰচ নোহোৱা ধনখিনি হাফলঙৰ পৰা গুৱাহাটীলৈ লৈ গৈ আছিল৷ এখন ফৰচুনাৰ [এএছ-০৮বি-৬৮৮৮]আৰু এখন স্কৰপিয় [এএছ-০১এফ জে-১৮৯৫]বাহনৰ পৰা উদ্ধাৰ হৈছে এই নগদ ধনখিনি৷ হোজাইৰ শংকৰদেৱনগৰত উদ্ধাৰ হৈছে নগদ ধনখিনি৷ হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত নাকা চেকিং বহুৱাই জব্দ কৰিবলৈ সক্ষম হয় নগদ ধন৷ হোজাই জিলা আয়ুক্ত লাচিত কুমাৰ দাসৰ নেতৃত্বত, দণ্ডাধীশ ৰাখিশ্ৰী লেখাৰুৱে আৰক্ষীৰ সহায়ত এই অভিযান চলাইছিল৷ নিৰ্বাচনী আচৰণ বিধি বলবৎ থকাৰ সময়তে ডিমা হাছাও জিলাৰ হাফলঙৰ পৰা এনেদৰে বৃহৎ পৰিমাণৰ নগদ ধন এনেদৰে কিয় আনিবলগীয়া হ’ল তাক লৈ যথেষ্ট ৰহস্যৰ সৃষ্টি হৈছে৷ ধনখিনি জিলা আয়ুক্তৰ কাৰ্যালয়ত জব্দ কৰি ছীল কৰা বুলি জানিব পৰা গৈছে৷ দুয়োখন বাহনৰ লগত অহা কেইবাজনো লোক আৰু দুয়োখন বাহনক আৰক্ষীয়ে সোধা পোছাৰ অন্তত যাবলৈ দিয়ে৷ পৰিষদীয় নিৰ্বাচন শেষ হোৱাৰ পাছতহে টকাখিনিৰ ক্ষেত্ৰত উপযুক্ত তথ্যপাতি দাঙি ধৰিব নোৱাৰিলে আইন অনুসৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে৷

হিংসাৰ মাজতে আজি নিৰ্বাচন 

‘আমাৰ অসম’ৰ ডিফুৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ ৩০জনীয়া সদস্যৰ স্বায়ত্ত্বশাসিত পৰিষদ খনৰ ২৮জন সদস্য নিৰ্বাচিত হোৱাৰ বিপৰীতে ২জন সদস্যক মনোনীত কৰা হয়৷ কিন্তু এইবাৰ ৬টা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী সকল বিনা প্ৰতিদন্দিতাৰে নিৰ্বাচিত হয়৷ সেয়ে সোমবাৰে ২২টা সমষ্টিতহে ভোটগ্ৰহণ হ’ব৷ ১,৪১,১২৪জন ভোটাৰে ৮৬জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব৷ মুঠ ২৩১টা ভোটগ্ৰহণ কেন্দ্ৰৰ দায়িত্বত থকা পুলিং-প্ৰিজাইডিং বিষয়া সকল নিজ নিজ কৰ্তব্যলৈ ৰাওণা হৈছে৷ ইয়াৰে  দূৰণিবটীয়া ৫৮টা কেন্দ্ৰৰ বিষয়া সকল শনিবাৰেই ভোটগ্ৰহণ কেন্দ্ৰলৈ যোৱাৰ বিপৰীতে আজি ১৭৩টা ভোটগ্ৰহণ কেন্দ্ৰৰ বিষয়া সকল পুৱাৰে পৰা ৰাওণা হয়৷ ২৩১টা ভোটগ্ৰহণ কেন্দ্ৰৰ ২২টা অতি স্পৰ্শকাতৰ আৰু ৯২টা স্পৰ্শকাতৰ বুলি আজি জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে৷ তেওঁ ভোটাৰ ৰাইজক মুক্ত মনেৰে আহি ভোটাধিকাৰ সাব্যস্ত কৰাৰ আহৱান জনায়৷ আনহাতে কৰ্তব্যলৈ যোৱা পুলিং-প্ৰিজাইডিং বিষয়া সকলে শান্তিপূৰ্ণ ভাবে ভোটগ্ৰহণ হ’ব বুলি আশা কৰে৷ এইবাৰ আটাইতকৈ বেছি সংখ্যক প্ৰাৰ্থী থকা সমষ্টিটো হ’ল গৰমপানী৷ ১৭নং গৰমপানী সমষ্টিৰ পৰা ৭জন প্ৰাৰ্থীয়ে প্ৰতিদন্দ্বিতা কৰিছে৷ একেবাৰে কম প্ৰাৰ্থী থকা সমষ্টি দুটা হ’ল ১৪ নং লাংটিং আৰু ২১ নং হাডিমৱা৷ লাংটিঙত বিজেপিৰ ধৃতি থাউচেনৰ লগত কংগ্ৰেছৰ ৰাজমোহন আৰডাও আৰু হাডিমৱা সমষ্টিত বিজেপিৰ দেৱজিৎ বাথাৰীৰ বিপৰীতে কংগ্ৰেছৰ দিপালী হাফিলা নাইডিং প্ৰতিদন্দ্বিতাত নামিছে৷ এই দুটা সমষ্টিত বিজেপি কংগ্ৰেছৰ পোনপটীয়া প্ৰতিদন্দ্বিতা হ’ব৷ শনিবাৰে নিশা দলং আৰু কালাচান্দ সমষত  নিৰ্বাচনী হিংসা আনহাতে শনিবাৰৰ নিশা কালাচান্দ আৰু দলং সমষ্টিত বিজেপি আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত প্ৰচণ্ড মাৰপিট হয়৷ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসে এই ঘটনা সমূহৰ কোনো লিখিত অভিযোগ নাই পোৱা বুলি উল্লেখ কৰি কয় যে আমাৰ প্ৰৰ্যাপ্ত নিৰাপত্তাৰক্ষী আছে আৰু তেনে কোনো পৰিস্থিতি হ’লে ব্যৱস্থা ল’ব প্ৰশাসনে৷ কিন্তু এই তিনিটা সমষ্টিৰ হিংসাত্মক ঘটনাৰ ফটো আৰু ভিডিঅ প্ৰকাশ হৈছে৷ কোনো প্ৰাৰ্থীয়ে প্ৰশাসনক অভিযোগ দিয়া নাই যদিও ছচিয়েল মিডিয়াৰ যোগেদি সকলো কথা কৈছে৷ চেমখৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিৰজিৎ জিগদুঙে অভিযোগ কৰি কয় যে আৰক্ষী, চি আৰ পি এফ লৈ আহি তেওঁৰ কৰ্মী সকলক ভাবুকি দিয়া হৈছে ধৰি নিয়া হৈছে৷ এয়া কেনে গণতন্ত্ৰ বুলিও তেওঁ ছচিয়েল মিডিয়া যোগে প্ৰশ্ন কৰে৷ 

প্ৰাক্তন উগ্ৰপন্থী নেতা জুৱেল গাৰ্লোছাৰ বিস্ফোৰক অভিযোগঃ ডিমা হাচাওত মানুহ আতংকত ভুগিছে 

‘আমাৰ অসম’ৰ ডিফুৰ ষ্টাফ ৰিপ’ৰ্টাৰঃএসময়ৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী নেতা তথা ডিএইচডি [জে]ৰ অধ্যক্ষ জুৱেল গাৰ্লোছাক সোমবাৰে হ’ব লগা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিজেপি দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বিচাৰিছিল যদিও তেওঁ প্ৰাৰ্থী নহ’ল৷ গাৰ্লোছাৰ এই স্থিতিক লৈ ৰহস্যৰ সৃষ্টি হৈছিল৷ পৰিষদৰ এহেজাৰ কোটি টকীয়া কেলেংকাৰীৰ গোচৰত একেলগে জেলৰ পৰা ওলাই অহা মোহিত হোজাই, নিৰঞ্জন হোজাইয়ে বিজেপি দলৰ প্ৰাৰ্থিত্ব গ্ৰহণ কৰে৷ মোহিত হোজাই মাইবাং ইষ্ট সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে ইতিমধ্যে নিৰ্বাচিত হৈছে৷ আনহাতে, নিৰঞ্জন হোজাইয়ে হাতীখালী সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে৷ এই দুয়োজনৰ এই স্থিতিৰ বিপৰীতে জুৱেল গাৰ্লোছা নিৰ্বাচনক লৈ উদাসীন আছিল৷ সংবাদমাধ্যমকো  দিয়া নাছিল কোনো প্ৰতিক্ৰিয়া৷ নিৰ্বাচনৰ ভোট গ্ৰহণৰ প্ৰাক্‌মুহূৰ্তত জুৱেল গাৰ্লোছাই এতিয়া সামাজিক মাধ্যমযোগে বিস্ফোৰণ ঘটাই শাসকীয় বিজেপি দলক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ লগতে পৰিষদৰ অধীনৰ এলেকাত এতিয়া গণতন্ত্ৰ নাই বুলি কঠোৰ সমালোচনা কৰিছে৷ তেওঁ অভিযোগ কৰি কয়– নিৰ্বাচনক লৈ সামাজিক আৰু জাতীয় সংগঠনসমূহ মৌন৷ জিলাখনৰ সকলো মানুহ কণা-বোবা হৈ পৰিছে৷ জিলাখনত যেন এক ভয়ৰ পৰিৱেশ বিৰাজ কৰিছে৷ পৰিষদখনৰ আভ্যন্তৰীণ ক্ষেত্ৰত অসম চৰকাৰৰ অবাধ দখল৷ পৰিষদৰ নিৰ্বাচনত অসমৰ মন্ত্ৰী-বিধায়কৰ কাম কি? পৰিষদৰ নিজাববীয়া ৰাজহৰ জৰিয়তে পৰিষদৰ কৰ্মচাৰীক দৰমহা দিয়া হয়৷ অসম চৰকাৰৰ ওচৰত নিজকে বিক্ৰী কৰি দিছে পৰিষদখনৰ নেতৃবৰ্গই৷ জাতি-ধৰ্ম-বৰ্ণৰ  নামত জিলাখনৰ জনতাক ভাগ ভাগ কৰাৰ চেষ্টা চলোৱা হৈছে৷ জিলাবাসী সাৱধান হ’ব লাগিব৷ প্ৰাক্তন বিদ্ৰোহী নেতাজনে তেওঁক সহজে নল’বলৈ সকলোকে সকিয়াই দি তেওঁ যিকোনো কাম কৰিবলৈ সক্ষম বুলিও হুংকাৰ দিয়ে৷ প্ৰাক্তন বিদ্ৰোহী নেতাজনৰ এনে স্থিতিয়ে পৰিষদখনৰ শাসকীয় শীৰ্ষ নেতৃবৰ্গকো চিন্তিত কৰি তোলা পৰিলক্ষিত হৈছে৷