Logo
image

মোদীক ‘বহুৱা’ বুলি কৈ চাকৰি গ’ল ৩ মন্ত্ৰীৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৮ জানুৱাৰীঃ ভাৰত বিৰোধী প্ৰচাৰেৰে  নিৰ্বাচনত বিজয়ী হৈ যোৱা ১৭ নৱেম্বৰত মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ  আসনত বহা মোহামেদ মুইঝুৱে পুঁজি বিচাৰি চীন ভ্ৰমণ কৰি থকাৰ সময়তে মুইঝু মন্ত্ৰীসভাৰ ৩জন মন্ত্ৰীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘বহুৱা’ আৰু ‘পুতলা’ বুলি আখ্যা দি উভয় দেশৰ মাজত চৰম কূটনৈতিক শত্ৰুতাৰ সৃষ্টি কৰিছে৷ প্ৰথমে মালদ্বীপৰ চৰকাৰে তিনি মন্ত্ৰীৰ ছ’চিয়েল মিডিয়াত কৰা মন্তব্য চৰকাৰী ব্যাখ্যা নহয়, বৰং ব্যক্তিগত মন্তব্য বুলি বিষয়টোৰ পৰা ফালৰি কাটিছিল৷ কিন্তু সময় আগবঢ়াৰ লগে লগে বিষয়টোৱে পাৰষ্পৰিক কূটনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত গুৰুতৰ পৰিস্থিতিৰ সৃষ্টি কৰে আৰু ভাৰতে আনুষ্ঠানিকভাৱে মালদ্বীপ চৰকাৰৰ ওচৰত আপত্তি উত্থাপন কৰে৷ তদুপৰি মালদ্বীপৰ দুজনকৈ প্ৰাক্তন ৰাষ্ট্ৰপ্ৰধানে ভাৰতৰ প্ৰধানমন্ত্ৰী সম্পৰ্কত অপমানজনক মন্তব্য কৰা মন্ত্ৰীৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনায়৷ ঘটনাই কেইবাঘণ্টা অতিক্ৰম কৰাৰ পাছত, ভাৰতত ব্যাপক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু মালদ্বীপ চৰকাৰে তিনি মন্ত্ৰী ক্ৰমে মৰিয়ম শ্বিউনা, মালছা শ্বৰীফ আৰু আব্দুল্লা মাহজুম মজিদক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰে৷ ইয়াৰে প্ৰথম দুয়োগৰাকীয়েই মুইঝু মন্ত্ৰীসভাৰ মহিলা মন্ত্ৰী৷

ঘটনাৰ সূত্ৰপাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া লাক্ষাদ্বীপ ভ্ৰমণৰ পৰা৷ প্ৰধানমন্ত্ৰী মোদীয়ে লাক্ষাদ্বীপৰ পৰ্যটনৰ প্ৰচাৰ কৰাৰ উদ্দেশ্য লৈ তেওঁৰ সাম্প্ৰতিক ভ্ৰমণৰ কেতবোৰ ফটো ছ’চিয়েল মিডিয়াত আপলোড কৰিছিল৷ মালদ্বীপৰ সৈতে সাদৃশ্য থকা লাক্ষাদ্বীপৰ লেগুন, বগা বালিৰ সমূদ্ৰ তট, প্ৰবাল দ্বীপ যে পৰ্যটকৰ উপভোগ্য লক্ষ্য হ’ব পাৰে তাকো কৈছিল মোদীয়ে৷ নতুন চৰকাৰে দায়িত্ব লোৱাৰ পাছত মালদ্বীপৰ নতুন ৰাষ্ট্ৰপতিয়ে কূটনৈতিক অৱস্থান সলনি কৰি তুৰস্ক আৰু চীন ভ্ৰমণ কৰাত নতুন দিল্লী কিছুপৰিমানে ক্ষুব্ধ৷ মালদ্বীপৰ ক্ষেত্ৰত ভাৰতে কঢ়া অৱস্থান লোৱাৰ মনস্থ কৰিয়েই মোদীৰ এই শেহতীয়া পদক্ষেপ বুলি চৰ্চা হৈছিল৷ তাৰ পাছতে মালদ্বীপৰ এজন শাসকীয় দলৰ নেতা জাহিদ ৰামিজে মোদীৰ লাক্ষাদ্বীপ ভ্ৰমণ আৰু তেওঁৰ পৰ্যটনৰ প্ৰচাৰক লৈ কটাক্ষ কৰে৷ জাহিদ জামানে মোদীৰ লাক্ষাদ্বীপৰ ফটো শ্বেয়াৰ কৰি কয়, ভাৰতে ক্ষুদ্ৰ অৰ্থনীতিৰ ৰাষ্ট্ৰ শ্ৰীলংকাক ‘নকল’ কৰি ধন ঘটিব খুজিছে৷ তেওঁ ভাৰতৰ পৰ্যটন উদ্যোগক লৈ দাবী কৰে–‘মোদীৰ লাক্ষাদ্বীপৰ প্ৰচাৰ মালদ্বীপৰ বাবে ডাঙৰ সংকট৷ কিন্তু তেওঁলোকে আমাৰ সৈতে পৰ্যটনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব জানো? তেওঁলোকৰ পৰ্যটনস্থল পৰিষ্কাৰ হ’বনে? হোটেলৰ কোঠাৰ স্থায়ী দুৰ্গন্ধ যাবনে? আমি পৰ্যটকক যি ৰাজসিক সুবিধা দিওঁ, সেয়া তেওঁলোকে পাৰিব নে? মুইজুৰ চৰকাৰ কাৰো পুতলা নহয়, চীনৰো নহয়, ভাৰতৰো নহয়৷’ ইয়াৰ পাছতে দেশখনৰ যুৱ সবলীকৰণ মন্ত্ৰী মৰিয়ম শ্বিউনাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘বহুৱা’ আৰু ‘পুতলা’ বুলি অভিহিত কৰে৷ তেওঁক সমৰ্থন জনায় সতীৰ্থ দুই মন্ত্ৰী মালছা শ্বৰীফ আৰু মাহজুম মজিদে৷ ঠিক তেতিয়াই নতুন দিল্লীয়ে কঠোৰ অৱস্থান লৈ মালদ্বীপৰ ওচৰত আপত্তি উত্থাপন কৰে৷ ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে কয়–মালদ্বীপৰ তিনিজন মন্ত্ৰীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিষয়ে অবাঞ্চিত আৰু অপমানজনক মন্তব্য কৰিছে, যি মন্তব্য ভাৰতৰ বাবে অনভিপ্ৰেত৷ আনহাতে দেশখন প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ নাছিদ আৰু ইব্ৰাহিম ছলিহে সেই মন্তব্য প্ৰত্যাহাৰ কৰি বন্ধুৰাষ্ট্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য কৰা তিনি মন্ত্ৰীৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ দাবী কৰে৷ ইয়াৰ পাছতে মালদ্বীপ চৰকাৰে তিনি মন্ত্ৰীক বৰ্খাস্ত কৰে৷

প্ৰসংগতঃ, শেহতীয়া নিৰ্বাচনত মোহামেদ মুইঝুৱে দেশখনত থকা ভাৰতীয় সেনা, বিমান আৰু জাহাজ আঁতৰাই পঠিওৱাৰ দাবী তুলি ভাৰত বিৰোধী মেৰুকৰণ সৃষ্টি কৰি জয়লাভ কৰিছিল৷ যোৱা ১৭ নৱেম্বৰত শপতগ্ৰহণ কৰা ৰাষ্ট্ৰপতি মুইঝুৱে প্ৰথমে ভাৰত ভ্ৰমণ কৰাৰ পৰম্পৰা ত্যাগ কৰি ভাৰতৰ সৈতে কুটনৈতিক সম্পৰ্কত ঘূণ ধৰা তুৰস্ক ভ্ৰমণ কৰে আৰু সম্প্ৰতি ভাৰতৰ শত্ৰু চীন দেশ ভ্ৰমণ কৰি পুঁজিৰ প্ৰাৰ্থনাৰে দেশখনৰ কুটনৈতিক অৱস্থান সলনি কৰি চীন-নিৰ্ভৰ হোৱাটো স্পষ্ট কৰি দিছে৷