Logo
image

এইবাৰ গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপট নাথাকিবও পাৰে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ জানুৱাৰীঃ এইবাৰ নতুন দিল্লীত হ’বলগীয়া গণৰাজ্য দিৱসৰ পেৰেডত অসমৰ প্ৰতীকপটকলৈ দেখা দিছে অনিশ্চিয়তা৷  অসমৰ ২০০ বছৰীয়া চাহক প্ৰতীকপট হিচাপে এইবাৰ ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে বৰ্তমান পৰ্যন্ত অসমৰ প্ৰতীকপটত অনুমোদন জনোৱা নাই৷’ – এই ঘোষণা ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ৷ দেওবাৰে দিছপুৰৰ মন্ত্ৰী আৱাসত ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্ছিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী উদ্‌যাপন উপলক্ষে আয়োজিত এক সংবাদমেলত প্ৰতীকপট সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এনেদৰে উত্তৰ দিয়ে মন্ত্ৰী বিমল বৰাই৷ ইফালে ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আমোলত হোৱা উজনি অসমৰ উন্নয়নৰ সন্দৰ্ভত ৰজিতা দিবলৈ গৈ কয় যে অসমৰ উন্নয়ন হৈছে কাৰণ বাগানৰ ল’ৰা-ছোৱালীৰ হাত বগা গৈছে৷ আগতে বাগানৰ বাট-পথ বোকা পানীৰে ভৰি আছিল৷ ল’ৰা-ছোৱালীৰ হাত ক’লা হৈ পৰিছিল৷ এতিয়া ক’তো বোকা নাই৷’ ইফালে অহা ১০ আৰু ১১ জানুৱাৰীত চাংসাৰীত ড॰ ভূপেন হাজৰিকা আঞ্চলিকৰ চৰকাৰী চলচ্ছিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী সমাৰোহ অনুষ্ঠিত হ’ব বুলি ঘোষণা হ’ব বুলি ঘোষণা কৰি মন্ত্ৰী বৰাই সংবাদ মেলত কয় যে এই উপলক্ষে অহা ৯ জানুৱাৰীত আমবাৰীস্থিত ৰবীন্দ্ৰ ভৱন চৌহদৰ পৰা এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব৷ ভালেসংখ্যক শিল্পী দল, চলচ্ছিত্ৰ কৰ্মী আদিয়ে অংশগ্ৰহ কৰিব লগা এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে প্ৰতিষ্ঠানটোৰ ৰূপালী জয়ন্তীৰ বিষয়ে মহানগৰীৰ জনসাধাৰণক অৱগত কৰোৱাৰ পদক্ষেপ হাতত লোৱা হৈছে৷ উত্তৰ গুৱাহাটীৰ চাংসাৰী চিলাত থকা প্ৰতিষ্ঠানটোৰ চৌহদত অনুষ্ঠিতব্য মূল কাৰ্যসূচীত চলচ্ছিত্ৰ জগতৰে জড়িত ভালেসংখ্যক পৰিচালক, শিল্পী, কলা-কুশলী, চলচ্ছিত্ৰ ৰসিক, ছাত্ৰ-ছাত্ৰী তথা শুভাকাংক্ষী উপস্থিত থাকিব৷ ১০ জানুৱাৰীত ‘চলচ্ছিত্ৰ শিক্ষা প্ৰতিষ্ঠান, সাংস্কৃতিক, সামাজিক আৰু অৰ্থনৈতিক বৰঙণি’ শীৰ্ষক প্ৰথমখন আলোচনা সভা অনুষ্ঠিত হ’ব৷ দিনৰ দুই বজাৰ পৰা আৰম্ভ হ’ব লগা এই আলোচনা সভাত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ প্ৰধান সচিব ড॰ বি কল্যাণ চক্ৰৱৰ্তী , অসম ত্ৰিিব্ৰউন কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱা, ছাউণ্ড মিক্সিং হাজনিয়াম দেৱজিৎ চাংমাই, সমল ব্যক্তি হিচাপে উপস্থিত থকাৰ বিপৰীতে আঁত ধৰোতা হিচাপে থাকিব মেঘালয়ৰ চলচ্ছিত্ৰ নিৰ্মাতা তথা চিত্ৰনাট্য লেখক ড’মিনিক চাংমা৷ ‘চলচ্ছিত্ৰ মাধ্যমত মোৰ জীৱনঃ সপোন আৰু অনিশ্চয়তাৰ দিক্‌দৰ্শক’ শীৰ্ষক দ্বিতীয়খন আলোচনা সভা ১১ জানুৱাৰীৰ পৱা ৯-৪৫ বজাৰ পৰা আৰম্ভ হ’ব৷ এই আলোচনা সভাত চলচ্ছিত্ৰ নিৰ্মাতা অৰূপ মান্না, ছাউণ্ড ডিজাইনাৰ অমৃত পীতম দত্ত, চলচ্ছিত্ৰ পৰিচালক জয়চেং জয় দহোতীয়াই পেনেলিষ্ট হিচাপে অংশগ্ৰহণ কৰিব আৰু চলচ্ছিত্ৰ সমালোচক ৰাজীৱ ফুকনে আঁত ধৰোতা হিচাপে থাকিব৷ একেদিনাই অনুষ্ঠিতব্য ‘ছফ্‌ট পাৱাৰ হিচাপে চলচ্ছিত্ৰ বা চলচ্ছিত্ৰৰ শক্তি’ শীৰ্ষক দ্বিতীয়খন আলোচনা সভাত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড॰ সমুদ্ৰ গুপ্ত কাশ্যপ, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত চলচ্ছিত্ৰ সমালোচক তথা চলচ্ছিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰী, মণিপুৰৰ চলচ্ছিত্ৰ নিৰ্মাতা হাওবান পৱন কুমাৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব৷ দিনৰ ১১.৩০ বজাৰ পৰা অনুষ্ঠিতব্য এই তৃতীয়খন আলোচনা চক্ৰ-সভাৰ আঁত ধৰোঁতা হিচাপে থাকিব শ্বিলঙৰ উত্তৰ-পূব পাবৰ্ত্য বিশ্ববিদ্যালয়ৰ গণ-সংযোগ বিভাগৰ মুৰব্বী ড॰ মানস প্ৰতীম গোস্বামী৷ চলচ্ছিত্ৰ প্ৰতিষ্ঠানটিৰ ১১ জানুৱাৰীৰ মূল অনুষ্ঠান মুকলি সভাত মুখ্য অতিথি হিচাপে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকিব৷ এই অনুষ্ঠানত ড॰ সমুদ্ৰ গুপ্ত কাশ্যপ, প্ৰখ্যাত চলচ্ছিত্ৰ পৰিচালক জাট্ৰু বৰুৱা, মঞ্জু বৰা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব ড॰ বি কল্যাণ চক্ৰৱৰ্তীয়েও সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব৷ ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্ছিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী সমাৰোহৰ দুয়োটা দিনৰে সাংস্কৃতিক কাৰ্যসূচীত খ্যাতনামা শিল্পী পুলক বেনাৰ্জী, সমৰ হাজৰিকা, শান্তা উজীৰ, সংগীতা বৰঠাকুৰৰ  লগতে ৰূপম ভূঞা আৰু শ্বিলঙৰ লংমাজাউ আৰু অৰূপ বৰুৱাই সংগীতানুষ্ঠান পৰিৱেশন কৰিব৷ সাংস্কৃতিক অনুষ্ঠানত অভিনেতা প্ৰাঞ্জল শইকীয়া, কবিতা আবৃত্তিৰ লগতে ‘বা’ নাট্য গোষ্ঠীয়ে ‘চৰণ দাস চোৰ’ শীৰ্ষক নাট এখনো মঞ্চস্থ কৰিব বুলি সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই সংবাদ মেলত প্ৰকাশ কৰে৷ উল্লেখ্য যে ড॰ ভূপেন হাজৰিকাৰ নামাংকৃত এই চলচ্ছিত্ৰ শিক্ষা প্ৰতিষ্ঠানটি ১৯৯৯ চন ছাত্ৰ-ছাত্ৰীক চলচ্ছিত্ৰ নিৰ্মাণৰ পূৰ্ণকালীন শিক্ষাদানৰ উদ্দেশ্যে স্থাপন কৰা হৈছিল৷ প্ৰথমে গুৱাহাটী মহানগৰীৰ কাহিলিপাৰাস্থিত ‘জ্যোতি চিত্ৰবন’ত পাঠদান আৰম্ভ হোৱা এই প্ৰতিষ্ঠানটি পাছলৈ স্থায়ীভাৱে ভক্তৰ গুৱাহাটীৰ চাংসাৰী চিলাত নিৰ্মাণ কৰা হয়৷ সম্প্ৰতি প্ৰতিষ্ঠানটি শেহতীয়া বিশ্বমানৰ চলচ্ছিত্ৰ নিৰ্মাণৰ সা-সঁজুলিৰে এক স্বয়ংসম্পূৰ্ণ অনুষ্ঠান৷ ইয়াৰ সম্পাদনা, শব্দ গ্ৰহণ ষ্টুডিঅ’ৰ লগতে শ্বুটিং ফ্ল’ৰ, ক্লাছৰূম থিয়েটাৰ আদিও বিশ্বমানৰ৷ চিলাৰ প্ৰাকৃতিক শোভাৰে সমৃদ্ধ এক মনোৰম পৰিৱেশনত অৱস্থিত এই চলচ্ছিত্ৰ প্ৰতিষ্ঠানটোত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ অন্যান্য প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীয়েও নামভৰ্তি কৰি আহিছে৷ ইয়াৰ পৰা উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম কঢি.য়াবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে ড॰  ভূপেন হাজৰিকা আঞ্চলিক চলচ্ছিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানে ১৯৯৯ চনৰ পৰা ক্ৰমাগতভাৱে সবৰ্ভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ পৰা অনুমোদন পাই আহিছে৷ তদুপৰি শিক্ষা প্ৰতিষ্ঠানখন ৰাজ্য়িক শিক্ষা পৰিষদ অসমৰ দ্বাৰা স্বীকৃত৷ শিক্ষা প্ৰতিষ্ঠানখনত বৰ্তমানে তিনি বছৰীয়া ডিপ্ল’মা পাঠ্যক্ৰম– অডিঅ’গ্ৰাফি এণ্ড ছাউণ্ড ইঞ্জিনিয়াৰিং, মোচন পিক্‌চাৰ ফটোগ্ৰাফি, ফিল্ম এণ্ড ভিডিঅ’ এডিটিং আৰু দুবছৰীয়া এপ্লাইড একটিং [ফিল্ম এণ্ড টিভি]ৰ পাঠদান কাৰ্যসূচী চলি আছে৷ প্ৰতি বছৰে জুন-জুলাই মাহত কাৰিকৰী শিক্ষা সঞ্চালকালয়ে নামভৰ্তিৰ বাবে বাছনি পৰীক্ষা আয়োজন কৰে৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে প্ৰতিষ্ঠানটোৰ পৰা উত্তীৰ্ণ হোৱা প্ৰায়ভাগ ল’ৰা-ছোৱালীয়ে ৰাজ্যখনৰ তথা দেশৰ আন আন ঠাইত চলচ্ছিত্ৰ তথা আন দৃশ্য-শ্ৰাব্য মাধ্যমত পাৰদৰ্শিতাৰে কাম কৰি আছে৷  সম্প্ৰতি অসম তথা দেশৰ চলচ্ছিত্ৰ আৰু আন আন দৃশ্য-শ্ৰাব্য মাধ্যমৰ প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখি তিনি বছৰীয়া ফিল্ম ডাইৰেকচন এণ্ড স্ক্ৰিনপ্লে ৰাইটিং আৰু বিভিন্ন হ্ৰস্বম্যাদী বিষয় যেনে- প্ৰডাকচন ডিজাইন, মেক্‌আপ এণ্ড কষ্টিউম ডিজাইন, এনিমেচন, গেমিং ইত্যাদি বিষয়সমূহ আৰম্ভ কৰা চিন্তা-চৰ্চা কৰি থকা হৈছে৷ তদুপৰি ভাৰত চৰকাৰে আৰম্ভ কৰা নতুন শিক্ষানীতি -২০২০ ৰ লগত সংগতি ৰাখি বৰ্তমানৰ বিষয়সমূহ উন্নীতকৰণৰ পৰিকল্পনা হাতত লোৱা হৈছে৷