Logo
image

আলফাৰ অপহৰণ, অসমৰ সম্পদ লুণ্ঠন আৰু অখিল গগৈৰ মুক্তি

আলফাৰ প্ৰসংগ পুনৰ উত্থাপন হৈছে৷ এইকেইদিন সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত মূল আলোচনাৰ বিষয় হৈ পৰিছে আলফাৰ অপহৰণ-কাণ্ড৷ ব্যক্তিগত খণ্ডৰ তৈল কোম্পানী ‘কুইপ’’ত কৰ্মৰত দুজন লোকক অপহৰণ কৰি আলফা স্বাধীনে বিছ কোটি টকাৰ মুক্তিপণ দাবী কৰি আহিছে৷ কৰ্মচাৰী দুজনক অপহৰণ কৰি আজি দুমাহ ধৰি আলফাই বন্দী কৰি ৰাখিছে৷ পৰিয়ালৰ লোকৰ  কাতৰ অনুৰোধৰ পাছতো মুকলি কৰি দিয়া নাই, কাৰণ লোক দুজনে কাম কৰা কোম্পানীটোৰ লগত দৰ-দাম মিলা নাই৷ ইতিমধ্যে, আলফাই বান্ধি দিয়া চৰমসীমা অতিক্ৰম কৰাৰ উপক্ৰম হয়৷

এনে অৱস্থাত অসমৰ ৰাইজক সৰৱ হৈ পৰা দেখা যায়৷ নিৰপৰাধী মানুহ দুজনক মুক্তি দিবলৈ সচেতন নাগৰিক, বুদ্ধিজীৱীৰ লগতে সাধাৰণ নাগৰিকেও আহ্বান জনোৱা পৰিলক্ষিত হয়৷ আনকি অতদিনে নীৰৱে থকা অসম চৰকাৰেও মহাপৰাক্ৰমী মন্ত্ৰীৰ জড়িয়তে হাতযোৰ কৰি অনুৰোধ কৰিবলগীয়া পৰিস্থিতি হয়৷ অৱশেষত অসমৰ ৰাইজৰ অনুৰোধৰ পৰিপ্ৰেক্ষিতত নিজৰ স্থিতিত অটল থকা আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই মত ব্যক্ত কৰিছে আৰু লোক দুজনৰ ওপৰত চৰম শাস্তি বিহা নহ’ব বুলি একপ্ৰকাৰ কথা দিছে৷

এনে প্ৰসংগতে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষই অসমৰ সম্পদৰ ওপৰত ভাৰত ৰাষ্ট্ৰৰ লুণ্ঠনৰ বিষয়টো দাঙি ধৰিছে৷ অপহৃত লোক দুজনৰ মুক্তিৰ দাবী কৰা ব্যক্তি আৰু সংগঠনসমূহক অসমৰ সম্পদ লুণ্ঠন আৰু এনে লুণ্ঠনত ব্যস্ত কোম্পানীসমূহৰ বিৰুদ্ধেও মাত মাতিবলৈও আহ্বান জনাইছে৷ হয়তো এনে পৰিস্থিতি সৃষ্টি  আলফা স্বাধীনৰ এক কৌশল আছিল৷ সংগঠনক পুনৰ প্ৰাসংগিক কৰি তোলাৰ কৌশল৷ অসমৰ ৰাইজে যাতে কথাবোৰ নতুনকৈ ভাবে, হয়তো তাৰে এক কৌশল আছিল৷

প্ৰধানমন্ত্ৰী হোৱাৰ পাছত নৰেন্দ্ৰ মোদীয়ে কেইবাবাৰো অসম ভ্ৰমণ কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ-পূবক অষ্টলক্ষ্মী বুলি অভিহিত কৰি, অসমক লৈ কিছু আৱেগিক শব্দ প্ৰয়োগ কৰি অসমৰ ৰাইজক অতীতৰ অধ্যায় পাহৰিবলৈ বাধ্য কৰাব খুজিছে৷ আৰু এনে সময়তে সংঘটিত হৈছে আলফাৰ অপহৰণ-কাণ্ড৷

এটা মাহৰ ভিতৰত ভাৰতৰ এজন প্ৰধানমন্ত্ৰী তিনিবাৰকৈ অসমলৈ অহাৰ অৰ্থ ভাৰত ৰাষ্ট্ৰই অসমক ভালপোৱা বুজোৱা নাই৷ অসমলৈ আহিছে বিজেপি দলৰ চৰকাৰৰ মুৰব্বীজনহে, তাকো নিৰ্বাচনলৈ মাত্ৰ কেইদিনমান থকা অৱস্থাত৷ অসমৰ ৰাইজৰ প্ৰতি ভালপোৱা থকা হ’লে অসমৰ সৰ্বস্তৰৰ ৰাইজে বিৰোধ কৰা ‘কা’ আইন জাপি নিদিলেহেঁতেন! দেশৰ গৃহমন্ত্ৰীজনে কেৱল অতি ৰাজনৈতিক কাৰণতে বাৰে বাৰে অসমলৈ আহিছে৷ অসমৰ ৰাইজক সঁচা অৰ্থত ভালপোৱা হ’লে গৃহমন্ত্ৰীজনে পশ্চিমবংগলৈ গৈ ‘কা’ আইন প্ৰয়োগ কৰা হ’বই বুলি ঘোষণা নকৰিলেহেঁতেন!

এনে সময়তে প্ৰাসংগিক হৈ পৰিছে অসমৰ সম্পদ লুণ্ঠনৰ বিৰুদ্ধে মাত মাতি অহা অখিল গগৈৰ মুক্তিৰ বিষয়টো৷ অসমৰ জ্বলন্ত সমস্যাসমূহৰ ক্ষেত্ৰত সদায় মাত মাতি অহা অখিল গগৈক বন্দী কৰি ৰখা হৈছে৷ দীৰ্ঘদিন ধৰি বন্দিত্বৰ জীৱন পাৰ কৰিছে সংগ্ৰামী নেতাজনে৷ ‘কা’ আন্দোলনৰ ভৰপকৰ মাজতে আন্দোলনৰ আগশাৰীৰ নেতা অখিল গগৈক মাওবাদী সজাই গ্ৰেপ্তাৰ কৰা হৈছিল৷ কৃষক মুক্তিৰ উপদেষ্টা, ৰাইজৰ নেতা অখিল গগৈক পঘাৰে বান্ধি ‘নিয়া’ৰ আদালতত হাজিৰ কৰোৱা হৈছিল৷ নিৰ্দিষ্ট তথ্য-প্ৰমাণ নোপোৱাৰ পাছতো অখিল গগৈৰ জামিন আৱেদন নাকচ কৰি বাৰে বাৰে কাৰাগাৰলৈ নিক্ষেপ কৰি থকা হৈছে৷ শেহতীয়াকৈ উচ্ছতম ন্যায়ালয়েও জামিনৰ আৱেদন গ্ৰহণ নকৰিলে৷

ইতিমধ্যে ৰাইজৰ আদালতত প্ৰমাণ হৈছে যে চৰকাৰৰ ৰঙা চকুলৈ ভয় নকৰা, হাজাৰ ষড়যন্ত্ৰৰ পাছতো হাৰ নমনা  কৃষক নেতাজনক চৰকাৰে ভয় কৰে৷ নেতাজন কাৰাগাৰৰ বাহিৰত থাকিলে চৰকাৰৰ বেয়া কামবোৰ সোনকালে পোহৰলৈ আহে কাৰণে বন্দী কৰি ৰখা হৈছে৷ বুজা গৈছে– ভাৰত ৰাষ্ট্ৰৰ শোষণৰ বিৰুদ্ধে মাত মাতি অহা আপোচবিহীন নেতাজনক কাৰাগাৰত ৰাখিয়ে বিজেপিয়ে পুনৰ নিৰ্বাচনী বৈতৰণী পাৰ হ’ব খোজে৷ একে সময়তে একে গোচৰত বন্দী কৰা গগৈৰ সতীৰ্থসকলক জামিনত মুকলি কৰি দি চৰকাৰে ইতিমধ্যে পক্ষপাতিত্ব আৰু ষড়যন্ত্ৰ প্ৰমাণ কৰিছে৷

অখিল গগৈ অসমৰ বাহিৰতো দুৰ্নীতিবিৰোধী সংগ্ৰামী নেতা হিচাপে পৰিচিত৷  আপোচহীন সংগ্ৰামী নেতাজনৰ সাহস, শক্তি আৰু কৌশল দেখিয়ে এদিন ন্যায়ালয়েও অখিল গগৈক ‘কণ্ঠহীনৰ কণ্ঠ’ বুলি অভিহিত কৰিছিল৷ আজি সেই কণ্ঠক অৱৰুদ্ধ কৰি ৰখা হৈছে আৰু ন্যায়ালয়ে বাৰে বাৰে জামিন নাকচ কৰিছে৷ এনে কৰি ন্যায়-ব্যৱস্থাৰ ওপৰতে সন্দেহ সৃষ্টি কৰা হৈছে৷ অসমৰ ৰাইজৰ আহ্বান, অসুস্থ মাতৃৰ কাতৰ আৱেদন, পুত্ৰৰ চিৎকাৰ, পত্নীৰ হতাশাই গা লৰাব পৰা নাই ৰাইজৰ চৰকাৰ বুলি দাবী কৰা সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ৷ দেখা গৈছে যি দলৰে নহওক, অসম চৰকাৰৰ কাৰণে অখিল গগৈ নামৰ এই নেতাজন সদায় বিপদ বুলি চিহ্নিত হৈ আহিছে৷ বিগত সময়ত অখিল গগৈয়ে ৰাইজৰ সকলো সমস্যাত মাত মাতি আহিছে আৰু ‘কৃষক মুক্তি’ হৈ পৰিছে প্ৰতিবাদৰ অন্য নাম৷ তেনে কাৰণতে ‘কৃষক মুক্তি’ৰ নেতা আৰু সদস্যৰ ওপৰত চৰকাৰৰ এই অবিচাৰ৷

এই সময়ত অসমৰ ৰাইজ আৰু আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষই ভাৰত চৰকাৰক অসমৰ সম্পদৰ ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাব পাৰে৷ সমস্বৰে অখিল গগৈৰ মুক্তিৰ দাবী জনাব পাৰে৷ ভাৰত চৰকাৰে সদিচ্ছাৰ চিনস্বৰূপে অখিল গগৈক মুক্তি দিব পাৰে৷ অসমৰ স্বাৰ্থত আলফাৰ স’তে আলোচনাত বহি সমস্যাটোৰ স্থায়ী সমাধানৰ পথ বিচাৰিব পাৰে৷ তাকে নকৰি অসমৰ ধৰ্মনিৰপেক্ষ সমাজখন ভাগ ভাগ কৰি সাম্প্ৰদায়িক বিষবাষ্প সৃষ্টিৰে মিছন ১০০+  অহংকাৰী শ্লোগান প্ৰচাৰ কৰি থাকিলে এদিন হয়তো আজিতকৈ ভয়ংকৰ পৰিস্থিতি সৃষ্টি হ’ব পাৰে! আলফা স্বাধীনক  দুৰ্বল বুলি গণ্য কৰি, ৰাইজক কেৱল ভোটাৰ হিচাপে গণ্য কৰি কেৱল ভোটৰ অংকত অসমপ্ৰেম দেখুৱালেই সমস্যাৰ সমাধান নহ’ব৷ সময় থাকোঁতেই সকলো পক্ষই হিচাপ-নিকাচবোৰ নতুনকৈ কৰা ভাল৷