Logo
image

গাঁৱলৈ ওভতনি যাত্ৰা নগৰবাসীৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ জানুৱাৰীঃ ৰাজ্যবাসীৰ সন্মুখত ভোগৰ ভোগজৰালৈ ভোগালী বিহু৷ হেঁপাহৰ ভোগালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে সমগ্ৰ ৰাজ্যত৷ ইতিমধ্যে ৰাজ্যবাসী ব্যস্ত হৈ পৰিছে ভোগালীৰ উৰুকাৰ বজাৰ কৰাত৷ কিয়নো কাইলৈ ভোগালীৰ উৰুকা৷ ইতিমধ্যে নিজ নিজ গাঁৱলৈ ওভতনি যাত্ৰা আৰম্ভ হৈছে মহানগৰবাসীৰ৷ ৰাজ্যৰ বাহিৰে থকা অথবা প্ৰবাসী অসমীয়াও ঢাপলি মেলিছে পৰিয়ালৰ সকলোৰে সৈতে ভোগালী বিহু উদযাপন কৰিবলৈ৷ ভোগালী বিহু উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত ভোগালী মেলা, ভোগালীৰ ধেমালি আদিৰ আয়োজন কৰা হৈছে৷ ভোগালী বিহু উপলক্ষে ৰাজ্যৰ  বিভিন্ন প্ৰান্তত ৰংঘৰ, সাতখলপীয়া নামঘৰ আদি বিভিন্ন আৰ্হিত ভেলাঘৰ তৈয়াৰ কৰা হৈছে৷ তৈয়াৰ কৰা হৈছে আকৰ্ষণীয় মেজি৷ ইতিমধ্যে ভোগালী বিহুলৈ ৰাজ্যৰ বজাৰত উথপথপ পৰিৱেশৰ সৃষ্টি হৈছে৷ ভোগালী বিহুৰ প্ৰস্তুতিত ৰাজ্যবাসী ব্যস্ত হৈ থকাৰ সময়ত হেঁপাহৰ ভোগালী বিহুৰ প্ৰাকমুহূৰ্তত শুভেচ্ছাৰ চিনস্বৰূপে সতীৰ্থ মন্ত্ৰী অতুল বৰাই ১৫ কেজি ওজনৰ এটা বৰালি মাছ আৰু ১৪ কেজি ওজনৰ এটা চিতল মাছ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক৷ তদুপৰি উজানবজাৰৰ মৎস্য ব্যৱসায়ীসকলেও মুখ্যমন্ত্ৰীলৈ ভোগালীৰ ওলগ জনাই ১০ কেজি ওজনৰ এটা চিতল আৰু ৮.৫ কেজি ওজনৰ এটা আৰি মাছ আগবঢ়ালে৷ 

নলবাৰীৰ মাজদিয়াত ৰংঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ

‘আমাৰ অসম’ৰ বৰভাগৰ প্ৰতিবেদকঃ পুহ আৰু মাঘৰ সংক্ৰান্তিত অসমীয়াই উদ্‌যাপন কৰিব হেঁপাহৰ মাঘ বিহু৷ কৃষিভিত্তিক এই উৎসৱক লৈ উছাহৰ অন্ত নাই অসমীয়া ডেকা গাভৰু, জীয়ৰী-বোৱাৰীৰ৷ সোণোৱালী পথাৰৰ শইচ আনি ভঁৰালত থৈ কৃষিজীৱী ৰাইজে আনন্দেৰে আয়োজন কৰিব এই ভোগালী বিহু৷ ভেলাঘৰত উৰুকাৰ নিশা প্ৰতিটো পৰিয়ালে এঁসাজ লগে-ভাগে ভোজ ভাত খাই দাঙি ধৰে পৰাম্পৰাৰ অপূৰ্ব নিদৰ্শন৷ বিহুৰ দিনা পুৱা মেজিৰ জুইৰ উত্তাপেৰে সজীৱ কৰাৰ মানসেৰে এতিয়া সকলোৱে মেজি বনোৱাত ব্যস্ত৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো বিভিন্ন স্থানত এতিয়া ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি৷ পথাৰে পথাৰে গাঁৱৰ ডেকাই মেজি, ভেলাঘৰ আদি সাজিবলৈ ওলাই আহিছে৷ মেজি সজাৰ বাবে যাবতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে সকলোৱে৷ একেদৰে নলবাৰী চহৰৰ মাজদিয়া গাঁৱত সকলোৱে নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিছে ভেলাঘৰ৷ মাজদিয়া গাঁৱৰ যুৱকসকলে ৰংঘৰৰ আৰ্হিত আকৰ্ষণীয়কৈ নিৰ্মাণ কৰি উলিয়াইছে ভেলাঘৰ৷ উক্ত ভেলাঘৰটোৱে স্থানীয় লোকসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ 

ভেজাল খাদ্য সামগ্ৰীত নিষেধাজ্ঞা জাৰি কৰিবলৈ দাবী যুৱ ছাত্ৰ পৰিষদৰ

‘আমাৰ অসম’ৰ নলবাৰীৰ বিশেষ প্ৰতিনিধিঃ ভোগালী বিহুৰ বজাৰত এচাম অসাধু ব্যৱসায়ীয়ে ভেজাল খাদ্য-সামগ্ৰী বিক্ৰী কৰাত নিষেধাজ্ঞা জাৰি কৰাৰ বাবে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী চহৰ সমিতিয়ে জিলা আয়ুক্তক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে৷ ভোগালী বিহু বুলি বজাৰত দৈ, ক্ৰীম, ৰঙীন মিঠাই, গুড়, জুলীয়া মিঠাই আদিৰ ব্যাপক চাহিদা বঢ়াৰ সুযোগ লৈ এটা দুষ্ট চক্ৰহ্লই বজাৰত ভেজাল খাদ্য সামগ্ৰীৰ পয়োভৰ ঘটাই ৰাইজৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ সময়তে যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী চহৰ সমিতিয়ে নলবাৰী জিলা আয়ুক্তক কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে৷ তদুপৰি মাছ, মাংস, কণী, নিত্যব্যৱহাৰ্য সামগ্ৰীকে ধৰি পাচলি বজাৰত নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক কোঙা কৰা বিষয়টোক জিলা প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ সংগঠনটোৱে দাবী জনায়৷ যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী চহৰ সমিতিৰ সাধাৰণ সম্পাদক নৱজ্যোতি ডেকা আৰু প্ৰচাৰ সম্পাদক চাহিল মল্লিকৰ নেতৃত্বত যোৱা সঁজাতী দলটোৱে উৰুকা বুলি নলবাৰী চহৰৰ বিভিন্ন প্ৰান্তত তথা ইয়াৰ দাঁতিকাষৰীয়া গাঁওসমূহত অবৈজ্ঞানিকভাৱে সৃষ্ট মাছ-মাংসৰ দোকানৰ ক্ষেত্ৰতো কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে৷ 

বালিপৰাত ভোগালী উৎসৱ

‘আমাৰ অসম’ৰ বালিপৰাৰ প্ৰতিবেদকঃ ৰাজ্যজুৰি চলিছে অসমীয়াৰ চেনেহৰ ভোগালীক আদৰাৰ প্ৰস্তুতি৷ পিছ পৰি ৰোৱা নাই শোণিতপুৰৰ বালিপৰাবাসীও৷ বালিপৰা ভোগালী বিহু উদ্‌যাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে ভোগালী উৎসৱ ২০২৪৷ ভোগদৈ পথাৰত অনুষ্ঠিত হোৱা ভোগালী বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হৈছে পিঠা পনা বনোৱা আৰু চিত্ৰাংকন প্ৰতিযোগিতা৷ বালিপৰা অঞ্চলৰ বহু প্ৰতিযোগী দলে এই পিঠা পনা বনোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে৷

কমলপুৰৰ লেজা যুৱক শিৱ সংঘৰ ভোগালীৰ ধেমালি

‘আমাৰ অসম’ৰ কমলপুৰৰ প্ৰতিবেদকঃ কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান লেজা যুৱক শিৱ সংঘৰ উদ্যোগত সোমবাৰে মাঘ বিহুৰ লগত সংগতি ৰাখি ভোগালীৰ ধেমালি অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ পুৱা সংঘৰ সভাপতি হীৰেণ চন্দ্ৰ দাসে সংঘৰ পতাকা উত্তোলনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব৷ ইয়াৰ পিছত পৰম্পৰাগত খেল-ধেমালি উদ্বোধন কৰিব এনচিচি ৩০ অসম অভিযান্ত্ৰিক কোম্পানী, জালুকবাৰীৰ হিচাপৰক্ষক মুকুট দাসে৷ অনুষ্ঠানত খেল পৰিচালক হিচাপে উপস্থিত থাকিব ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ কাৰ্যালয় অধীক্ষক ধীৰেণ শৰ্মাই৷ সন্ধিয়া মহিলাসকলৰ মাজত প্ৰদৰ্শনীমূলক পিঠা- লাড়ু ¸প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ সন্ধিয়া বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব কমলপুৰ মণ্ডল, ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ৰমেশ শইকীয়াই৷ ইয়াৰ পাছত ভোগালীৰ মেজি প্ৰজ্বলন কৰিব শ্ৰীশ্ৰী শিৱ মন্দিৰৰ [ভাঙাৰা গোঁসাই থান] নিৰ্মাণ সমিতিৰ সভাপতি বিদ্যাধৰ শৰ্মাই৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম প্ৰদেশ, ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ভৱেশ কলিতা আৰু কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা৷  তদুপৰি আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে সৌষ্ঠৱ বৃদ্ধি কৰিব মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্য প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে৷