Logo
image

নড্ডাৰ ৰেলী বৈধ, আমাক বাধা কিয়? কংগ্ৰেছৰ প্ৰত্যাহ্বান

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ জানুৱাৰীঃ ভাৰত জোড়ো ন্যায় যাত্ৰা সফল কৰি তুলিবলৈ তৎপৰ হৈ পৰিছে কংগ্ৰেছ নেতৃত্ব৷ অসমত ৰাহুল গান্ধীৰ নেতৃত্বত উলিয়াবলগীয়া ভাৰত জোড়ো ন্যায় যাত্ৰা যাতে ঐতিহাসিক হয় তাৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে অসম কংগ্ৰেছে৷ ১৮ জানুৱাৰীত আমগুৰিৰ পৰা আৰম্ভ কৰা হ’ব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা৷ ১৮ জানুৱাৰীত তেওঁ নিশা কটাব যোৰহাটত৷ ১৯ জানুৱাৰীত ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা যাব মাজুলীলৈ৷ তাৰ পাছত ক্ৰমে ঢকুৱাখনা, বিহপুৰীয়া লখিমপুৰ, গহপুৰ, বিশ্বনাথ, কলিয়াবৰ, নগাঁও হৈ গুৱাহাটীলৈ আহিব৷ হাজোত বিশাল জনসভাত ভাগ ল’ব ৰাহুল গান্ধীয়ে৷ ইয়াৰ পাছত ভাৰত জোড়ো ন্যায় যাত্ৰা নলবাৰীৰ চামতা হৈ বৰপেটাৰ পাছতে  বক্সিৰহাটলৈ যাব৷ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে যাৱতীয় অনুমতি বিচাৰি ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰে প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে৷ ভূপেন বৰাৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে অসম চৰকাৰৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰে৷ দুই শীৰ্ষ বিষয়াই ইতিবাচক সঁহাৰি জনোৱা বুলি কয় প্ৰদেশৰ কংগ্ৰেছৰ সভাপতিজনে৷ ভাৰত জোড়ো ন্যায় যাত্ৰা সন্দৰ্ভত বিজেপিৰ কেইবাজনো মন্ত্ৰী বিধায়ক কটাক্ষ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেবব্ৰত শইকীয়াই৷ তেওঁ কয়–ৰাহুল গান্ধীৰ ভাৰত জড়ো ন্যায় যাত্ৰাক লৈ ভয় খাইছে বিজেপিয়ে৷ সেইবাবে বিজেপিয়ে অবাঞ্ছিত আচৰণ কৰিছে৷ ৰাজ্যৰ প্ৰতিখন জিলাতে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে অনুমতি বিচৰা হৈছে৷ চৰকাৰখনে এই যাত্ৰা বিফল কৰিবলৈ সৰ্বতো প্ৰকাৰে চেষ্টা চলাইছে৷ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক কটাক্ষ কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয়–এয়া ন্যায় যাত্ৰা নহয়, অন্যায় যাত্ৰাহে৷ স্কুল বন্ধৰ দিনত কোনো যাত্ৰাৰ বাবে অনুমতি বন্ধ কৰা নাই চৰকাৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ৰাহুল গান্ধীৰ যাত্ৰাক লৈ তুচ্ছ তাচ্ছিল্য কৰে৷ মুখ্যমন্ত্ৰীৰ তুচ্ছ-তাচ্ছিল্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই কয়– ১৮ জানুৱাৰীৰ পৰা অসমত ভাৰত জোড়ো ন্যায় যাত্ৰা কৰিবলৈ সংকল্প লৈছে কংগ্ৰেছে৷ যিকোনো পৰিস্থিতিতে এই যাত্ৰা হ’বই৷ এইখন গণতন্ত্ৰ৷ ৰাজ্যতন্ত্ৰ নহয়৷ গতিকে এটা গণতান্ত্ৰিক কাৰ্যসূচীক হাজাৰ বেৰিকেটেও বন্ধ কৰিব নোৱাৰে৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাৰ ৰেলী যদি বৈধ, আমাক বাধা কিয়? এয়া হ’ব নোৱাৰে৷ চৰকাৰৰ বাধাক আমি প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিম৷

নিৰ্বাচন আয়োগৰ ৱেবছাইটৰ পৰা তথ্য অন্তৰ্ধান কিয়ঃ ববিতা শৰ্মা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন তুলিছে প্ৰদেশ কংগ্ৰেছে৷ নিৰ্বাচন আয়োগৰ ৱেবছাইটৰ পৰা নিৰ্বাচন সম্পৰ্কীয় তথ্য  বিলুপ্তিৰ উদ্দেশ্য কি? এই সন্দৰ্ভত উত্তৰ দিবলৈ নিৰ্বাচন আয়োগক প্ৰশ্ন কৰিছে প্ৰদেশ কংগ্ৰেছৰ উপ-সভানেত্ৰী ববিতা শৰ্মাই৷ শুকুৰবাৰে তেওঁ গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদ মেল আয়োজন কৰি  শৰ্মাই  ভাৰতৰ নিৰ্বাচন আয়োগ তথা ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই অসমৰ বিধানসভাসমূহৰ নিৰ্বাচন সংক্ৰান্তীয় তথ্যসমূহ বিলুপ্ত কৰিবলৈ চলোৱা প্ৰচেষ্টাক সমালোচনা কৰে আৰু কিহৰ স্বাৰ্থত ভাৰতীয় নিৰ্বাচন আয়োগে চৰকাৰী তথ্য লুকাবলৈ প্ৰচেষ্টা চলাইছে বুলি প্ৰশ্ন উত্থাপন কৰে৷ ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ ফলাফলসমূহৰ তথ্যৰ কথা উল্লেখ কৰি তেওঁ কয়  –য’ত ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰ আৰু নাম দুয়োটাই উল্লেখ থকাটো জৰুৰী তেনেস্থলত কেৱল ৰাজনৈতিক দল তথা প্ৰাৰ্থীৰ নাম উল্লেখ নকৰাকৈ কেৱল ভোটগ্ৰহণ কেন্দ্ৰৰ নম্বৰটোহে উল্লেখ কৰিছে৷ অন্যান্য ৰাজ্যৰ নিৰ্বাচনী ৱেবছাইট বিশেষকৈ শেহতীয়াকৈ অনুষ্ঠিত হোৱা ৰাজ্যসমূহৰ নিৰ্বাচনৰ ফলাফলৰ ক্ষেত্ৰতো একেধৰণৰ বিসংগতি দেখা যায়৷ বিশেষকৈ কেৰেলা [২০২১], গোৱা [২০২২], পঞ্জাৱ [২০২২] আৰু কৰ্ণাটক [২০২৩] আদি ৰাজ্যসমূহৰ ক্ষেত্ৰতো নিৰ্বাচন আয়োগে কেৱল ভোটগ্ৰহণ কেন্দ্ৰৰ নম্বৰ আৰু প্ৰাৰ্থীৰ নামসমূহ উল্লেখ কৰি ৰাজনৈতিক দলৰ নাম আৰু ভোটগ্ৰহণ কেন্দ্ৰৰ নামসমূহ বিলুপ্ত কৰিছে৷ এইক্ষেত্ৰত ২০২১ চনলৈকে নিৰ্বাচনৰ ফলাফলৰ প্ৰ-পত্ৰ ২০ত ভোটগ্ৰহণ কেন্দ্ৰৰ নাম, নম্বৰসহ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ লগতে ৰাজনৈতিক দলৰ নাম উল্লেখ কৰা দেখা গৈছিল৷ কিন্তু অতি আশ্বৰ্যকজনকভাৱে শেহতীয়াকৈ ভাৰতৰ নিৰ্বাচন আয়োগে এই ব্যৱস্থা বন্ধ কৰিছে আৰু যাৰ কাৰণে বৰ্তমান নিৰ্বাচনী ফলাফলসমূহত ভোটগ্ৰহণ কেন্দ্ৰৰ নাম আৰু নিৰ্বাচনত অংশগ্ৰহণ কৰা প্ৰাৰ্থীৰ ৰাজনৈতিক দলৰ নামসমূহ দেখা পোৱা নাযায়৷ নিৰ্বাচন আয়োগলৈ আমাৰ প্ৰশ্ন কিহৰ তাগিদাত বা কাৰ স্বাৰ্থত জনসাধাৰণৰ পৰা এই তথ্যসমূহ লুকাব বিচৰা হৈছে? কি এনেকুৱা পৰিস্থিতিয়ে তেওঁলোকক এই ভোটগ্ৰহণ কেন্দ্ৰৰ নাম লুকাবলৈ বাধ্য কৰিছে? কিহে তেওঁলোকক নিৰ্বাচনত অংশগ্ৰহণ কৰা প্ৰাৰ্থীসকলৰ ৰাজনৈতিক দলৰ নাম বিলুপ্ত কৰিবলৈ বাধ্য কৰিছে? ভোটগ্ৰহণ কেন্দ্ৰৰ নাম বিলুপ্তিকৰণে কাক লাভান্বিত কৰিছে? চৰকাৰে যিকোনো সময়ত এই তথ্যসমূহ উলিয়াই ল’ব পাৰে আৰু বিশ্লেষণ কৰিব পাৰে৷ কিন্তু ৰাজনৈতিক দল নাইবা ব্যক্তিগত এজেন্সীসমূহ নাইবা গৱেষকসকলে এই কাম সহজে কৰিব নোৱাৰে৷ যিটোৱে অনুষ্ঠিত হোৱা নিৰ্বাচনসমূহক নিৰ্ভুল বুলি দাবী কৰাৰ ক্ষেত্ৰত সন্দেহৰ সৃষ্টি কৰে আৰু এই প্ৰক্ৰিয়াৰ ফলত নিৰ্বাচনৰ ওপৰত বিশ্লেষণ কৰিব পৰা ক্ষমতা হেৰাই যায়৷ ভোটাৰসকলৰ ৰাজনৈতিক আচৰণ আৰু ভোটিং মেচিনৰ বিসংগতি পৰ্যালোচনা কৰিবলৈ এক নিৰ্দিষ্ট আৰু দীৰ্ঘকালীন তথ্যৰ প্ৰয়োজনীয়তা অধিক৷ এবাৰ যদি এই তথ্যসমূহ বিলুপ্ত হৈ যায়, তেন্তে তেনেক্ষেত্ৰত সেই নিৰ্দিষ্ট ভোট কেন্দ্ৰৰ ওপৰত বিশ্লেষণ প্ৰায় অসম্ভৱ হৈ পৰে৷ ইয়াত লুকাবলৈ কি আছে? তথ্য লুকুৱা প্ৰক্ৰিয়াই নিৰ্বাচন আয়োগক কি ধৰণে লাভান্বিত কৰিব? যিহেতু নিৰ্বাচন আয়োগ এটা ৰাজনৈতিক দল নহয়৷ এনেকুৱা কি শক্তি আছে যিয়ে তেওঁলোকক নিৰ্বাচনী ফলাফল সংক্ৰান্তীয় তথ্যৰ পৰা ভোট গ্ৰহণ কেন্দ্ৰৰ নামসমূহ বিলুপ্ত কৰিবলৈ বাধ্য কৰিছে? ইয়াৰ ফলত ভোটিং মেচিনৰ বৈধতাৰ ওপৰত উত্থাপিত প্ৰশ্নসমূহ আপোচ কৰা হ’ব আৰু যদি কোনো নিৰ্দিষ্ট অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰৰ ফলাফলৰ ওপৰত সন্দেহ ওপজে তেন্তে তেনেক্ষেত্ৰত সেইটো কেনেকৈ পৰীক্ষা কৰিব? আমাৰ মূল দাবী–নিৰ্বাচনী ফলাফলৰ তথ্যৰ পৰা ভোটগ্ৰহণ কেন্দ্ৰৰ নাম আৰু প্ৰাৰ্থীৰ ৰাজনৈতিক দলৰ নাম বিলুপ্তিকৰণ কিহৰ বাবে কৰা হৈছে? আমি আজি যিসমূহ প্ৰশ্ন উত্থাপন কৰিছোঁ এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি ভাৰতৰ নিৰ্বাচন আয়োগলৈ অসমৰ জনসাধাৰণৰ হৈ আমি এক লিখিত দাবী চনদ প্ৰেৰণ কৰিম৷ নিৰ্বাচনী ফলাফলৰ তথ্যসমূহত ভোট কেন্দ্ৰৰ নামসমূহৰ লগতে প্ৰাৰ্থীৰ ৰাজনৈতিক দলৰ নামসমূহ যাতে অতি সোনকালে উল্লেখ কৰে তাৰ বাবে দাবী উত্থাপন কৰিম৷ ভাৰতৰ নিৰ্বাচন আয়োগলৈ আমি এই দাবীও উত্থাপন কৰিম যাতে আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰকাশ পাবলগীয়া ফলাফলৰ তথ্যসমূহ সন্নিৱিষ্ট কৰা ফ’ৰ্ম ২০ত যাতে ভোটগ্ৰহণ কেন্দ্ৰৰ নামসমূহৰ লগতে প্ৰাৰ্থীৰ ৰাজনৈতিক দলৰ নামসমূহ উল্লেখ কৰা থাকে যিদৰে আগতে উল্লেখ কৰা হৈছিল৷ আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ যে অতীতৰ যিকোনো নিৰ্বাচন সংক্ৰান্তীয় তথ্য আৰু ভৱিষ্যতে হ’বলগীয়া সকলো নিৰ্বাচনী তথ্যসমূহ নিৰ্বাচন আয়োগৰ ৱেবছাইটত সন্দেহমুক্তভাৱে সকলোৰে বাবে মুক্ত কৰি ৰাখিব লাগে৷ একমাত্ৰ এই প্ৰক্ৰিয়াৰেহে নিৰ্বাচন আয়োগ আৰু আয়ুক্তসকলৰ বিশ্বাসযোগ্যতা বৃদ্ধি তথা ধৰি ৰাখিবলৈ সক্ষম হ’ব৷ আজিৰ এই সংবাদমেলত  এপিচিচিৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰা, গৱেষণা বিভাগৰ অধ্যক্ষ নেত্ৰৰঞ্জন চৌধুৰী উপস্থিত থাকে৷