Logo
image

ভোগালীৰ আনন্দ-উল্লাসৰ মাজতে বেতকাটাত পথ দুৰ্ঘটনা; নিহত ১,আহত ৪

ডিজিটেল সংবাদঃ ৰাজ্যত ভোগালী বিহু উদযাপনত সকলো ব্যস্ত। আনন্দ-উল্লাসেৰে সকলোৱে হেঁপাহৰ বিহুটিক আদৰিছে। ভোগালী বিহুৰ আনন্দ উল্লাহৰ মাজতে সোমবাৰে নিশা হাজো-নলবাৰী পথৰ কৰিয়া সমীপৰ বেতকাটাত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন চাৰিজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।জানিব পৰা মতে সোমবাৰে নিশা প্ৰায় আঠ মান বজাত গুৱাহাটী দিশৰ পৰা নলবাৰী অভিমুখে আহি থকা এ এছ-০১-আৰ চি-৩১৫৪ নম্বৰৰ অটো আৰু মৰোৱা দিশৰ পৰা গৈ থকা এখন স্কুটীৰ মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটোত স্কুটীখনৰ চালক প্ৰণৱ দাস থিতাতে নিহত হোৱাৰ লগতে স্কুটী খনৰ পিছৰ আসনত বহি থকা নিহত প্ৰণৱ দাসৰ পত্নী গুৰুতৰ ভাবে আহত হয়। আনহাতে অটো খনত আহি থকা তিনিজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনাত আহত লোক চাৰিজনক নলবাৰীৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। আনহাতে নিহত লোক জনক মৰণোত্তৰৰ পৰীক্ষাৰ বাবে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি হাস্পতাললৈ প্ৰেৰণ কৰা হয়।