Logo
image

শীতৰ প্ৰকোপ বৃদ্ধিঃ অৰুণাচল, নগালেণ্ডত পৰিছে বৰফ, অসমত ঠাই বিশেষে বৰষুণ

ডিজিটেল সংবাদ, গুৱাহাটীঃ বংগোপ সাগৰৰ সমীপৰ দক্ষিণ বাংলাদেশত সোমবাৰে সৃষ্টি হোৱা ঘূৰ্ণীয়মান বায়ুৰ বাবে শীতল বতাহ বলি থকা বাবে বাংলাদেশৰ বহু অঞ্চলৰ লগতে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বেচিভাগ অঞ্চল কম-বেছি পৰিমাণে শীতৰ কবলত পৰিছে। আনকি মঙলবাৰ সন্ধিয়া পৰ্যন্ত বিগত ২৪ ঘণ্টাত অৰুণাচল প্ৰদেশৰ লগতে নাগালেণ্ডৰ বহু ভিতৰুৱা অঞ্চলৰ  একাংশত বৰফ পৰিছে বুলি জানিব পৰা গৈছে। 

প্ৰাপ্ত খবৰ অনুসৰি নাগালেণ্ডৰ কেতবোৰ ভিতৰুৱা অঞ্চলত প্ৰায় ৩৭ বছৰ পাছত বৰফ পৰা বুলি জানিব পৰা গৈছে। তাৰ ভিতৰত ডিমাপুৰৰ পৰা কিছু নিলগত থকা পাহাৰীয়া যুহিৱতো জিলাৰ অন্তৰ্গত, টকিঅ' টাউন ভিলেজ, জাভামা ভিলেজ, কন্যা ভিলেজ, কুজুটচুকেন ভিলেজৰ দৰে ভিতৰুৱা গাঁৱত তাপমাত্ৰা ০ ডিগ্ৰী চেলচিয়াছৰ তললৈ নামি যোৱাত ৩৭ বছৰৰ পাছত বৰফ পৰাত সেই অঞ্চলসমূহৰ স্বাভাবিক জনজীৱন ব্যাহত হৈ পৰে। 

ইফালে অৰুণাচল প্ৰদেশৰ টাৱাং, বুমলাকে ধৰি চীন সীমান্তৱৰ্তী বহু অঞ্চল, চেলাপাছ, বমডিলা, লুমলা আদি অঞ্চলত বিগত কেবদিনো ধৰি নূন্যতম তাপমাত্ৰা -১ ডিগ্ৰীৰ তললৈ নামি -১০ ডিগ্ৰী পৰ্যন্ত হোৱাত সেই অঞ্চলসমূহৰ বহু ঠাইত ডাঠ বৰফৰ আচ্ছাদন পৰিছে।  আনকি ঠাই বিশেষে পাতলীয়া বৰষুণ হৈছে। 

ইফালে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি দক্ষিণ বাংলাদেশৰ আকাশত সৃষ্টি হোৱা ঘূৰ্ণীয়মান বায়ুৰ বাবে অহা দুদিন ধৰি বতৰ অপৰিবৰ্তনীয় হৈ থাকিব। মঙলবাৰ সন্ধিয়া পৰ্যন্ত বিগত ২৪ ঘণ্টাত ৰাজ্যৰ আকাশ মেঘাচ্ছন্ন হৈ থকাৰ লগতে উত্তৰ পূবৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমৰ কেতবোৰ ঠাইত অতি পাতলীয়া বৰষুণ হৈ আছে। কেন্দ্ৰৰ তথ্য অনুসৰি, শুকুৰবাৰৰ পৰা বতৰ কিছু ফৰকাল হোৱাৰ সম্ভাৱনা আছে। 

আনহাতে মঙলবাৰ নিশা  পর্যন্ত ৰাজ্যৰ বিভিন্ন অঞ্চলত তাপমাত্রা স্বাভাৱিকতকৈ হ্ৰাস পাইছে। সমান্তৰালভাবে উত্তৰ পূব দিশৰ পৰা বতাহ বলি থকা বাবে ৰাইজে অধিক শীত অনুভৱ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি শুকুৰবাৰৰ পৰা বতৰ কিছু ফৰকাল হ'লেও জলাশয়, নৈপৰীয়া আৰু পাহাৰীয়া অঞ্চলসমূহত শীতৰ প্ৰকোপ অব্যাহত থকাৰ লগতে নিশাৰ ভাগত ডাঠ কুঁৱলীয়ে আৱৰি থাকিব বুলি সতর্কতা জাৰি কৰিছে। ইফালে মঙলবাৰ সন্ধিয়া পৰ্যন্ত ৰাজ্যৰ কেইখনমান নগৰ- চহৰৰ নিম্নতম তাপমাত্ৰা আছিল এনে ধৰণৰ- গুৱাহাটীৰ ১১.০ ডিগ্ৰী চেলচিয়াছ, ডিব্ৰুগড়ৰ ১১.৪ ডিগ্ৰী চেলচিয়াছ, তেজপুৰৰ ১৩.৫ ডিগ্ৰী চেলচিয়াছ, শিলচৰৰ ১৩.২ ডিগ্ৰী চেলচিয়াছ, ধুবুৰীৰ ১২.২ ডিগ্ৰী চেলচিয়াছ, যোৰহাটৰ ৯.২ ডিগ্ৰী চেলচিয়াছ আৰু উত্তৰ লখিমপুৰৰ ১১.৬ ডিগ্ৰী চেলচিয়াছ । আনহাতে একে সময়চোৱাত পূৱৰ স্কটলেণ্ড স্বৰূপ শ্বিলং চহৰৰ নিম্নতম তাপমাত্ৰা আছিল ৩.০ ডিগ্ৰী চেলচিয়াছ। ইয়াৰ পাছতে নাগালেণ্ডৰ ৰাজধানী কহিমাৰ  নিম্নতম তাপমাত্ৰা আছিল ৪.২ ডিগ্ৰী চেলচিয়াছ।