Logo
image

৩৮ ঘণ্টাৰ ভিতৰত অসমসহ উত্তৰ পূবত দুটাকৈ ভূমিকম্পৰ জোকাৰণি

ডিজিটেল সংবাদ, গুৱাহাটীঃ মাঘ বিহুৰ আনন্দ উছাহৰ মাজতে সোমবাৰে সন্ধিয়া অসমকে ধৰি উত্তৰ পূবৰ কেইবাখনো ৰাজ্যত এটা মৃদু প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যোৱাৰ পাছত মাত্ৰ ৩৮  ঘণ্টাৰ ভিতৰত বুধবাৰে পুৱাৰ ভাগত পুনৰ আন এটা মৃদু ভূমিকম্পই জোকাৰি যায় অসমসহ উত্তৰ পূবৰ কেইবাখনো ৰাজ্য। গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই  সদৰি কৰা অনুসৰি  ভাৰতীয় মান সময় মতে পুৱা ৭ বাজি ৫৪ মিনিট ৫২ ছেকেণ্ডত প্ৰায় ১১ ছেকেণ্ড মান সময়ৰ বাবে অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত  প্রাবল্যৰ আছিল ৩.৫ কম্পনাংক। 

আনহাতে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল দৰং জিলাৰ পূব দিশত ২০ কিলোমিটাৰ গভীৰতাত৷ অৱশ্যে ভূমিকম্পটো মৃদু প্ৰাবল্যৰ হোৱা বাবে ক'তো ক্ষয় ক্ষতি হোৱাৰ বাতৰি অহা নাই৷ ইয়াৰ পূৰ্বে সোমবাৰে সন্ধিয়া প্ৰায় ৬ বজাত ৰিখটাৰ স্কেলত ৩.৬ কম্পনাংকৰ এটা মৃদু প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল অসমসহ উত্তৰ পূবৰ কেইবাখনো ৰাজ্য। ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল কাৰ্বিআংলং জিলাৰ উত্তৰ দিশত ২৩ কিলোমিটাৰ গভীৰতাত।