Logo
image

ডাৰ্টী পিক্‌চাৰ

গুৱাহাটী মহানগৰীৰ কথা৷ প্ৰায় প্ৰতিদিনেই নতুন নতুন একোটা খবৰ ওলায়৷ নতুন নতুন ফ্লাই-অ’ভাৰৰ খবৰ, মেট্ৰ’ ৰে’লৰ খবৰ, প্ৰদূষণমুক্ত ইলেক্ট্ৰিক বাছ চলাৰ খবৰ ইত্যাদি৷ তাৰ মাজতে কিছুমান খবৰ থাকে, যিবোৰ মহানগৰীৰ একো একোটা পুৰণি সমস্যাৰ সৈতে জড়িত৷ তেনে এটি সমস্যা হৈছে জাবৰৰ সমস্যা৷ ডিচেম্বৰৰ মাজভাগত খবৰ ওলাল বোলে গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ আৱাসীসকলক সকাহ দিয়াৰ বাবে ঘৰে ঘৰে ‘কিউ আৰ ক’ড’ৰ সংযোজন কৰিব, যাতে নিগমে আৱাসীসকলৰ পৰা জাবৰ সংগ্ৰহ কৰা-নকৰাটো নিৰীক্ষণ কৰিব পাৰে৷ প্ৰথম ঢাপত মহানগৰীৰ দহটা ৱাৰ্ডত কাৰ্যকৰী কৰিবলৈ সিদ্ধান্ত লোৱা এই প্ৰচেষ্টাক জাবৰ নিষ্কাশনৰ দিশত এক বৈপ্লৱিক পৰিৱৰ্তন সূচনাকাৰী অভিনৱ প্ৰয়াস বুলিও কোনো কোনোৱে মন্তব্য কৰিলে৷ প্ৰতিঘৰ আৱাসীৰ গৃহত সংযোজিত এই ‘কিউ আৰ ক’ড’ সংশ্লিষ্ট লোকসকলৰ সম্পত্তি কৰৰ নথিপত্ৰৰ সৈতেও সংযোজিত থাকিব৷ আৱাসীসকলে শুকান আৰু ভিজা এই দুইধৰণৰ জাবৰ পৃথকে পৃথকে ৰাখিব লাগিব৷ এইখিনিলৈ কথাবোৰ ঠিকেই আছিল৷ কিন্তু, জাবৰ নিষ্কাশন প্ৰক্ৰিয়াটো সংগ্ৰহতেই শেষ হৈ নাযায়৷ সংগ্ৰহ কৰা জাবৰসমূহ ক’ত কিদৰে দ’মাই থোৱা হ’ব, নে পুতি থোৱা হ’ব, নে পুৰি পেলোৱা হ’ব, তাৰো সঠিক বিজ্ঞানসন্মত ব্যৱস্থা থাকিব লাগে৷ প্ৰকৃততে, এই কামখিনি সঠিকভাৱে কৰা হৈছে নে নাই সেই কামটোহে নিগমে কঠোৰ নিৰীক্ষণত ৰাখিব লাগে৷ এইক্ষেত্ৰত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ বাৰম্বাৰ সকীয়নিৰ পাছতো অসম চৰকাৰ বা পৌৰ নিগম কতৃৰ্পক্ষই কোনো সমুচিত ব্যৱস্থা ল’ব পৰা নাই৷ পৰিণতিত প্ৰদূষিত হৈছে মহানগৰীৰ মাটি, পানী আৰু বায়ু৷ দীপৰ বিল এই প্ৰদূষণৰ জ্বলন্ত উদাহৰণ৷ জাবৰ নিষ্কাশনৰ সমগ্ৰ প্ৰক্ৰিয়াটো সংহতভাৱে পৰিকল্পিত ৰূপত নতুন প্ৰযুক্তিৰে গঢ় দিয়াৰ পৰিৱৰ্তে পৌৰ নিগম কতৃৰ্পক্ষই কেৱল সংগ্ৰহৰ ক্ষেত্ৰখন সামৰি এক অভিনৱ প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি ৰাজহুৱা ঘোষণা কৰিলে৷ এপষেক পাৰ হোৱাৰ পাছতেই অৰ্থাৎ, জানুৱাৰীৰ প্ৰথম সপ্তাহত মহানগৰীৰ বেলতলা, লালমাটি আদি ঠাইৰ পৰা সংগ্ৰহ কৰা খবৰেৰে সাংবাদিকে বাতৰি সম্প্ৰচাৰ কৰিলে যে নতুন ‘কিউ আৰ ক’ড’ ব্যৱস্থা চালু হোৱাৰ পাছতেই প্ৰতিদিনে সংগ্ৰহ কৰা জাবৰবোৰ অপৰিকল্পিতভাৱে এইবোৰ ঠাইত জমা কৰাৰ ফলত অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ ঠায়ে ঠায়ে এই দ’ম কৰি থোৱা জাবৰৰ ‘বিন’বোৰৰ আশে-পাশে পথচাৰীয়ে প্ৰস্ৰাৱ কৰিছে৷ আকৌ, কোনো কোনো এলেকাত এনে জাবৰৰ কাষতেই অস্থায়ী বিক্ৰেতাই মাছ-মাংস কাটি বিক্ৰী কৰি আছে৷ এনেবোৰ দৃশ্য অৱশ্যেই গুৱাহাটী মহানগৰীৰ বিভিন্ন এলেকাত দেখিবলৈ পোৱা যায়৷ এনেয়েনো স্বচ্ছতা নিৰীক্ষণৰ ৰাষ্ট্ৰীয় তালিকাত গুৱাহাটী মহানগৰে মুখঠেকেচা খায়নে? ভোগালীৰ অতিকায় চিতল-ৰৌ-বৰালিৰ বজাৰ চলি থকাৰ সময়তে খবৰ আহিল যে স্বচ্ছতা সৰ্বেক্ষণ তালিকাত দেশৰ নগৰসমূহৰ (এক লাখৰ পৰা ১০ লাখপৰ্যন্ত জনসংখ্যা থকা) তালিকাত গুৱাহাটীয়ে ২০২৩ বৰ্ষত ৪০২ নম্বৰ স্থানত অভিষিক্ত হৈছে৷ ২০২২ চনত গুৱাহাটী ৩৪২সংখ্যক স্থানত আছিল৷ পৌৰ অধিপতিজনৰ মতে, এনে সমীক্ষা জুন-জুলাইত চলায় আৰু তেতিয়া বাৰিষা বতৰৰ বাবেহে হেনো গুৱাহাটীৰ স্থান এনেদৰে অৱনমিত৷ নাচিব নাজানিলে চোতাল বেঁকা বুলি কোৱাই বুদ্ধিমানৰ কাম৷ পিছে সকলো সময়তে সকলো বিষয়তে চলাহী কথা কামত নাহে, বৰঞ্চ বিপদ বাঢ়েহে৷ এতিয়া দেশ-বিদেশৰ বিভিন্ন লোক গুৱাহাটীলৈ আহে৷ ছিংগাপুৰৰ পৰা অহা বেডমিণ্টন খেলুৱৈ দুজনে গুৱাহাটীৰ হোটেলৰ পানীৰ অসুবিধাকে ধৰি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যি নেতিবাচক বাৰ্তা সামাজিক মাধ্যমযোগে উদঙাই দিলে, তাক আমি গুৰুত্বসহকাৰে লোৱা উচিত আৰু তেনেবোৰ দোষৰ পৰা মহানগৰীক মুক্ত কৰাৰ চেষ্টা কৰা উচিত৷ তাকে নকৰি তেওঁলোককেই দোষী সাব্যস্ত কৰাৰ আমাৰ যি প্ৰৱণতা, সি আমাৰ অপৰিষ্কাৰ মানসিক ছবিখনকো স্পষ্ট কৰিহে তুলিব৷ কেৱল চৰকাৰী কতৃৰ্পক্ষ, পৌৰ নিগম আদি ‘গুৱাহাটী’ৰ অভিভাৱকসকলেই নহয়, প্ৰতিজন সচেতন নাগৰিকে এনে বিষয়বোৰত নিজৰ মতামত প্ৰকাশ কৰি মহানগৰীৰ ছবিখন সলোৱা উচিত৷