Logo
image

‘হাৰ্ট এটেক’ৰ হাত সাৰিবলৈ পূৰ্বেই সাৱধান হওক

বৰ্তমান কম বয়সৰ লোকৰ মাজতো ষ্ট্ৰোক বা হাৰ্ট এটেকৰ মাত্ৰা বাঢ়িছে৷ এবাৰ ষ্ট্ৰোক বা হাৰ্ট এটেক হোৱাৰ চাৰি বছৰ পূৰ্বেই জানিব পাৰিব আপোনাৰ হাৰ্ট এটেকৰ আশংকা কিমান? ১১ হাজাৰ অংশগ্ৰহণকাৰীৰ ওপৰত চলোৱা এক সমীক্ষাত দেখা গৈছে যে তেজত প্ৰ’টিনৰ পৰিমাপৰ অন্তত চাৰি বছৰ পূৰ্বেই¸ জনাই দিব আপোনাৰ ষ্ট্ৰোক অথবা হাৰ্ট এটেকৰ আশংকা আছেনে নাই৷ মূলতঃ তেজত উপস্থিত ট্ৰেপোনিন প্ৰ’টিনৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰে হৃদযন্ত্ৰৰ পেশীৰ স্বাস্থ্য৷ হাৰ্ট এটেকৰ আশংকা নিৰ্ধাৰণৰ ক্ষেত্ৰত ট্ৰেপোনিনে বায়োমাৰ্কাৰ হিচাপে কাম কৰে৷ যাৰ ওপৰত ভিত্তি কৰি এই ৰক্ত পৰীক্ষাৰ ফলাফল নিৰ্ধাৰণ কৰা হয়৷ এটা মাৰ্কিন গৱেষক সংস্থাৰ বিজ্ঞানীয়ে ২২ হাজাৰ ৮৪৯ জনৰ তেজৰ নমূনা সংগ্ৰহ কৰি প্ত হাজাৰ প্ৰ’টিন পৰিমাপৰ ভিত্তিতে ২৭ টা বিশেষধৰণৰ প্ৰ’টিনক চিনাক্ত কৰিছে৷ যি হাৰ্ট এটেক, ষ্ট্ৰোক আদিৰ আশংকা চাৰি বছৰৰ আগেই জনায় দিব পাৰে৷  

শীতকালত অন্য ঋতুৰ তুলনাত কিছুমান ৰোগৰ আশংকা তুলনামূলকভাৱে বৃদ্ধি পায়৷ তাৰ ভিতৰত হাৰ্ট এটেকো অন্যতম৷ নৱেম্বৰ মাহ আৰম্ভ হোৱাৰ লগে লগে শীতৰ আমেজ অনুভৱ হয়৷ এই শীতকালছোৱাত এজমা, বাতবিষ আদিৰ সমস্যা বৃদ্ধি পোৱাৰ দৰে হাৰ্ট এটেকৰ আশংকাও বৃদ্ধি পায়৷ গৱেষকসকলৰ মতে গ্ৰীষ্মকালৰ তুলনাত শীতকালত হাৰ্ট এটেকৰ সংখ্যা বাঢ়ে৷ শীতকালত শ্বাসনলীত হোৱা সংক্ৰমণ বা ইনফ্লুৱেঞ্জাইও হাৰ্ট এটেকৰ আশংকা বঢ়াই তোলে৷ ঠাণ্ডা কালছোৱাত শৰীৰচৰ্চা বা পৰিশ্ৰম হ্ৰাস পায়৷ যাৰ প্ৰভাৱ হৃদযন্ত্ৰত পৰে৷  হাৰ্ট এটেকৰ মাত্ৰ কমাবলৈ হ’লে নিয়মীত শৰীৰ চৰ্চা, পুষ্টিকৰ খাদ্যগ্ৰহণ কৰাৰ লগতে ধুমপান আৰু ধঁপাতজনিত দ্ৰব্য পৰিহাৰ কৰা উচিত৷