Logo
image

নৰেন্দ্ৰ মোদীৰ অসম প্ৰীতি

অসমত এতিয়া নিৰ্বাচনৰ বতৰ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ষমতাৰ যুঁজৰ বাবে ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দলবোৰ৷ অসমৰ শাসন পুনৰ দখল কৰাৰ বাবে শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীয়ে আৰম্ভ কৰিছে সাধাৰণ ভোটাৰক প্ৰলোভিত কৰাৰ ৰাজনীতি৷ নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা অসমত ঘোষণা কৰা হৈছে বিভিন্ন উন্নয়নমূলক আঁচনি৷ তাৎপৰ্যপূৰ্ণ যে ভোটাৰক আকৰ্ষণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চলিত মাহতে তিনিবাৰকৈ অসম ভ্ৰমণলৈ আহিছে৷ সোমবাৰে চিলাপথাৰত অনুষ্ঠিত জনসভাত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পূৰ্বে পুনৰ অসম ভ্ৰমণলৈ আিহব বুলি ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে৷ এনে ঘোষণাৰে মোদীয়ে সৰ্বসাধাৰণক বুজাবলৈ চেষ্টা কৰিছে যে অসমৰ সৰ্বাংগীণ উন্নয়নৰ বিষয়টোত তেওঁৰ চৰকাৰে যথেষ্ট গুৰুত্ব দিছে৷ কিন্তু নৰেন্দ্ৰ মোদী আৰু তেওঁৰ চৰকাৰৰ অসমৰ উন্নয়ন আৰু ৰাজ্যখনৰ ৰাইজৰ অভাৱ-অভিযোগবোৰ দূৰ কৰাত কিমান সদিচ্ছা আছে, তাৰ প্ৰমাণ পাবলৈ বাকী নাই৷ বিগত বিধানসভা নিৰ্বাচনৰপূৰ্বেও অসম ভ্ৰমণলৈ আহি নৰেন্দ্ৰ মোদীয়ে বহু প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু  নিৰ্বাচনৰ পাছত সেই প্ৰতিশ্ৰুতি মনত নাথাকে চৰকাৰৰ৷ এইবাৰো আভুৱা-ভাঁৰা কথাৰে অসমৰ ৰাইজৰ আস্থা জয় কৰাৰ বাবে মোদীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ একাধিকবাৰ অসমলৈ আহিছে৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহি প্ৰধানমন্ত্ৰী মোদীয়ে বিগত সময়ছোৱাত অসমৰ উন্নতিৰ হকে কিমান কাম কৰা হ’ল তাৰ খতিয়ান দাঙি ধৰিলে৷ কিন্তু অসমৰ জ্বলন্ত সমস্যাবোৰ সমাধানৰ বিষয়ে একো মন্তব্য নকৰিলে৷ বান-খহনীয়াৰ লগতে নিবনুৱা সমস্যা দূৰ কৰা, অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰী কৰা, দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা কাগজ কলকেইটা পুনৰুজ্জীৱিত কৰি তাত কাম কৰা কৰ্মচাৰীসকলক সকাহ দিয়া– এইবোৰ বিষয়ত মন্তব্য কৰাৰ পৰা আঁতৰি আছে নৰেন্দ্ৰ মোদী আৰু তেওঁৰ সহযোগীসকল৷ তাৰ বিপৰীতে কংগ্ৰেছৰ শাসনকালত অসমক কেনেদৰে উপেক্ষা কৰা হৈছিল, তাক লৈহে সৰৱ হৈ পৰা দেখা গৈছিল৷

নৰেন্দ্ৰ মোদীয়ে সগৰ্বে ঘোষণা কৰিছে যে অসমক দেশৰ ভিতৰতে আদৰ্শ ৰাজ্য হিচাপে গঢ় দিব৷ ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ বিষয়টোত চৰকাৰ দায়বদ্ধ৷ কিন্তু বিগত সময়ছোৱাত ৰাজ্যখনৰ মূল সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰখনে কি কৰিলে? সমস্যাৰে ভাৰাক্ৰান্ত চাহ উদ্যোগৰ সৈতে জড়িত লোকসকলক সকাহ দিয়াৰ ক্ষেত্ৰত কি আঁচনি গ্ৰহণ কৰিলে চৰকাৰে? এইবোৰ বিষয়ত কিন্তু নৰেন্দ্ৰ মোদী আৰু তেওঁৰ সহযোগীসকল নিৰুত্তৰ৷ এইখিনিতে এটা প্ৰশ্নৰ উদয় হয়– শেহতীয়াভাৱে অসমত একাধিক আঞ্চলিক দলৰ অত্মপ্ৰকাশ হোৱাৰ লগতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাই বিজেপিক শংকিত কৰিছে নেকি? পৰিৱৰ্তনৰ আশা কৰি অসমৰ মানুহে নৰেন্দ্ৰ মোদী আৰু তেওঁৰ দললৈ সমৰ্থন আগবঢ়াইছিল৷ কিন্তু ক্ষমতালৈ অহাৰ পাছত চৰকাৰখনে ৰাজ্যখনৰ সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত আগভাগ লোৱাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰৰ কথাত উঠা-বহা কৰাহে দেখা গ’ল৷ অসমৰ মানুহক ঠগিবলৈ সহজ বুলি ভাবি থকা ৰাজনীতিকসকলে এনে ধাৰণা সলনি কৰাৰ সময় আহি পৰিছে৷ এতিয়া আৰু অসমৰ ৰাইজক প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে আভুৱা-ভাঁৰিব নোৱাৰিব৷ বিশেষকৈ জোৰকৈ নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰিবলৈ সিদ্ধান্ত লোৱাৰ পাছত অসমৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰখনৰ চক্ৰান্তৰ বিষয়ে জানিবলৈ বাকী নাথাকিল৷ এই কথা নৰেন্দ্ৰ মোদী আৰু তেওঁৰ সহযোগীসকলেও নজনা নহয়৷ তথাপি এশখনতকৈ অধিক আসনৰ লক্ষ্যৰে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে বিজেপি নেতৃবৃন্দ৷ অসমৰ ভোটাৰে এইবাৰৰ নিৰ্বাচনত নৰেন্দ্ৰ মোদী চৰকাৰৰ মিছা প্ৰতিশ্ৰুতিৰ কেনেদৰে প্ৰত্যুত্তৰ দিয়ে সেয়া হ’ব লক্ষণীয়৷