Logo
image

গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধন

দ্ৰুত বাণিজ্যিকীকৰণৰ ফলত গুৱাহাটীত লাহে লাহে খালী স্থান ক্ৰমে নোহোৱা হোৱাৰ উপক্ৰম হৈছে৷ তাৰ লগতে ব্যাপক হাৰত বৃদ্ধি পাইছে যান-বাহনৰ সংখ্যা৷ ফলত প্ৰদূষণো বৃদ্ধি পাবলৈ ধৰিছে৷ কেইদিনমান আগলৈকে প্ৰাতঃ আৰু সান্ধ্যভ্ৰমণৰ বাবেও মহানগৰখনত পৰ্যাপ্ত স্থানৰ অভাৱৰ অভিযোগ উত্থাপন হৈছিল৷ অৱশ্যে শেহতীয়াভাৱে ৰাজ্য চৰকাৰে নাগৰিকক সকাহ দিয়াৰ বাবে গুৱাহাটীৰ বিভিন্ন ঠাইত মুকলি ঠাইৰ ব্যৱস্থা কৰা দেখা গৈছে৷ এইক্ষেত্ৰত শেহতীয়া সংযোজন হৈছে গুৱাহাটী ৰিভাৰফ্ৰণ্ট৷ এটা কথা সকলোৱে স্বীকাৰ কৰিব যে দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে গুৱাহাটীত প্ৰচুৰ সমল আছে৷ এই সমলবোৰৰ সঠিক ব্যৱহাৰেৰে গুৱাহাটীক দেশৰ ভিতৰতে অন্যতম আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব পৰা যায়৷ নেহৰু পাৰ্কৰ সন্মুখৰ পৰা উত্তৰ গুৱাহাটীলৈ নিৰ্মাণ কৰা ‘ৰোপ-ৱে’ প্ৰকল্পও এইক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ হিচাপে বিবেচিত হৈছে৷ গুৱাহাটীৰ নৈপৰীয়া শোভাৱৰ্ধনৰ ক্ষেত্ৰত পাণবজাৰত নিৰ্মাণ কৰা ৰিভাৰফ্ৰণ্টেও নিঃসন্দেহে বিশেষ ভূমিকা ল’ব৷ এই ঠাইৰ পৰা ব্ৰহ্মপুত্ৰৰ লগতে নদীৰ মাজতে থকা উমানন্দৰ পৰাও নদীৰ সৌন্দৰ্যও উপভোগ কৰিব পৰা যাব৷  গুৱাহাটীক ‘স্মাৰ্ট চিটী হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন পদক্ষেপ লোৱাৰ সময়তে অবিভক্ত কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকৰ বাসগৃহৰ লগতে  আন কেইবাটাও চৰকাৰী বাসগৃহ ভাঙি নিৰ্মাণ কৰা  ৰিভাৰফ্ৰণ্টৰ কাম দুটা পৰ্যায়ত সম্পূৰ্ণ কৰি তোলা হ’ব, য’ত থাকিব সেউজ মুকলি ঠাই, খোজ কঢ়া আৰু জগিং ট্ৰেক, ছাউণ্ড এণ্ড লাইট শ্ব’  আদি৷
গুৱাহাটী ৰিভাৰফ্ৰণ্ট চহৰখনৰ শোভাবৰ্ধনৰ ক্ষেত্ৰত যদিও এক ইতিবাচক পদক্ষেপ হিচাপে বিবেচিত হৈছে, তথাপি পৰৱৰ্তী সময়ত এই প্ৰকল্পৰ সঠিক ব্যৱস্থাপনা  আৰু চোৱা-চিটাৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ লোৱা হয়, সেয়া হ’ব লক্ষণীয়৷ এইক্ষেত্ৰত চৰকাৰী কতৃৰ্পক্ষৰ লগতে সাধাৰণ নাগৰিকৰ সহযোগিতাৰো প্ৰয়োজন হ’ব৷ গুৱাহাটীৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদতো পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে বিভিন্ন পদক্ষেপ ল’ব পৰা যায়৷ যোৱা বছৰ পৰ্যটন বিভাগৰ উদ্যোগত ব্ৰহ্মপুত্ৰৰ পাৰত অনুষ্ঠিত কৰা ব্ৰহ্মপুত্ৰ কাৰ্নিভেলে ৰাজ্যৰ বাহিৰৰ বহু লোকক আকৰ্ষণ কৰিছিল৷ এনেধৰণৰ উৎসৱ প্ৰতিবছৰে আয়োজন কৰিলে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যবোৰক ভালদৰে জানিবলৈ সক্ষম হ’ব বহিঃৰাজ্যৰ পৰা এই অঞ্চললৈ অহা লোক৷ কামাখ্যা মন্দিৰে গুৱাহাটীৰ এক সুকীয়া পৰিচয় বহন কৰিছে৷ দেশৰ বিভিন্ন ঠাইৰ পৰা গুৱাহাটী ভ্ৰমণলৈ অহা লোকে নীলাচল পাহাৰত থকা মন্দিৰটোলৈ যোৱাৰ সুযোগ হেৰুৱাব নিবিচাৰে৷ কামাখ্যা মন্দিৰক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাটো গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধন আঁচনিৰ এক অংশ হ’ব পাৰে৷ কামাখ্যাক দেশৰ ভিতৰতে পৰিষ্কাৰ তীৰ্থস্থানৰ স্বীকৃতি দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে লোৱা শেহতীয়া আঁচনিও প্ৰশংসনীয়৷ কিন্তু তাৰ লগতে গুৱাহাটীৰ আন স্থানবোৰো চাফ-চিকুণকৈ ৰখাটোও চৰকাৰৰ দায়িত্ব৷ এটা কথা স্বীকাৰ কৰিবই লাগিব যে গুৱাহাটীক দেশৰ ভিতৰতে অন্যতম আকৰ্ষণীয় পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও এই দিশত চৰকাৰে যি পদক্ষেপ ল’ব লাগিছিল, কেইবছৰমান আগলৈকে সেয়া লোৱা হোৱা নাছিল৷  দুৰ্ভাগ্যজনক কথাটো হৈছে যে চহৰখনৰ মূল সমস্যাবোৰৰ সমাধানৰ ক্ষেত্ৰত সঠিক পৰিকল্পনা আৰু আঁচনিৰ অভাৱ৷ গুৱাহাটীৰ মাজেৰেবৈ যোৱা ভৰলু নৈ দেশৰ প্ৰদূষিত নদীবোৰৰ মাজৰ অন্যতম৷ ভৰলু নৈ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰতো প্ৰশাসন সফল হ’ব পৰা নাই৷ কেৱল সেয়াই নহয়, গুৱাহাটীৰ মুখ্য সমস্যাবোৰৰ অন্যতম কৃত্ৰিম বান, অনাময় ব্যৱস্থাৰ লগতে প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তোলা আৰু আৱৰ্জনামুক্ত কৰি ৰাখিব পাৰিলেহে চহৰখনৰ সৌন্দৰ্যবৰ্ধন আঁচনি সফল হোৱা বুলি ক’ব পৰা যাব৷ এই সমস্যাবোৰৰ সমাধান হ’লেহে দেশৰ আকৰ্ষণীয় চহৰৰ তালিকাত স্থান পাব গুৱাহাটীয়ে৷