Logo
image

টেষ্ট ক্ৰিকেটৰ ভৱিষ্যৎ

অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ব্ৰীছবেনত অনুষ্ঠিত দুখন টেষ্ট শৃংখলাৰ অন্তিমখন খেলৰ সমাপ্তি আছিল নাটকীয়৷ খেলখনত অষ্ট্ৰেলিয়াক আঠ ৰানত পৰাস্ত কৰি ক্ৰিকেট বিশ্বক চমক দিছিল ৱেষ্ট ইণ্ডিজে৷ একেদিনাই আন এখন টেষ্ট আৰম্ভ হৈছিল ভাৰত আৰু ইংলেণ্ডৰ মাজত৷ পাঁচখন টেষ্টৰ শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত হৈছিল হায়দৰাবাদত৷ ব্ৰীছবেন টেষ্টৰ দৰেই হায়দৰাবাদ টেষ্টো সমাপ্ত হৈছিল চতুৰ্থ দিনত৷ ভাৰতে প্ৰথম ইনিংছত ১৯০ ৰানৰ অগ্ৰগতি লাভ কৰাৰ পাছতো খেলখনত পৰাস্ত হৈছিল ২৮ ৰানত৷ স্বদেশত ইয়াৰ পূৰ্বে কোনো টেষ্টত প্ৰথম ইনিংছত ১৫০ বা ততোধিক ৰানৰ অগ্ৰগতি লাভ কৰাৰ পাছত ভাৰতীয় দল পৰাস্ত হোৱা নাছিল৷ ক্ৰিকেটপ্ৰেমীয়ে বাৰুকৈয়ে আনন্দ  লৈছিল এই দুয়োখন খেলৰ৷ যি সময়ত টুৱেণ্টী২০ ক্ৰিকেটৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাই টেষ্ট ক্ৰিকেটলৈ ভাবুকি কঢ়িওৱাৰ শংকা প্ৰকাশ কৰা হয়, সেই সময়তে অষ্ট্ৰেলিয়া আৰু ভাৰতত অনুষ্ঠিত এই দুখন টেষ্টে প্ৰমাণ কৰিছিল যে অধিক সময়ৰ প্ৰয়োজন হ’লেও টেষ্ট ক্ৰিকেটৰ আকৰ্ষণ এতিয়াও নোহোৱা হোৱা নাই৷ এই প্ৰসংগতে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ষ্টিভ ৱ’ই টেষ্ট ক্ৰিকেট সন্দৰ্ভত কৰা মন্তব্য বিশেষভাৱে তাৎপৰ্যপূৰ্ণ৷ নিউজীলেণ্ডৰ বিৰুদ্ধে ফেব্ৰুৱাৰীত হ’বলগীয়া দুখন টেষ্টৰ শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকাই দ্বিতীয় শাৰীৰ দল এটা ঘোষণা কৰিছে৷ দলটোৰ সাতজন ক্ৰিকেটাৰৰে পূৰ্বে টেষ্ট খেলাৰ অভিজ্ঞতা নাই৷ আগশাৰীৰ ক্ৰিকেটাৰসকলক ঘৰুৱা টুৱেণ্টী২০ ক্ৰিকেট লীগত খেলাৰ সুযোগ দিয়াৰ বাবেই ক্ৰিকেট দক্ষিণ আফ্ৰিকাই এনে সিদ্ধান্ত লৈছে৷ দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট ব’ৰ্ডৰ এনে মানসিকতাত উদ্বেগ প্ৰকাশ কৰি ষ্টিভ ৱ’ই কৈছে যে টেষ্ট ক্ৰিকেটক ৰক্ষা কৰাৰ স্বাৰ্থত বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে এই বিষয়ত হস্তক্ষেপ কৰা উচিত৷ ৱ’ৰ মতে, ফ্ৰেঞ্চাইজী ক্ৰিকেট লীগ আৰু ঘৰুৱা টুৱেণ্টী২০ ক্ৰিকেট লীগে অধিক গুৰুত্ব পোৱা বাবে দ্বিপাক্ষিক ক্ৰিকেট শৃংখলাবোৰ প্ৰত্যাহ৩ানৰ সন্মুখীন হৈছে৷
এটা কথা স্বীকাৰ্য যে ক্ৰিকেটৰ চমু সংস্কৰণ টুৱেণ্টী২০-এ শেহতীয়াভাৱে ক্ৰিকেটৰ বজাৰখনত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে৷  সেইবাবে সকলো দেশত এতিয়া টুৱেণ্টী২০ ক্ৰিকেটৰ গুৰুত্ব বেছি৷ টুৱেণ্টী২০ ক্ৰিকেটত কম সময়ৰ প্ৰয়োজন হোৱা বাবে এই খেলৰ প্ৰতি দৰ্শকৰ আগ্ৰহ বেছি বুলি যুক্তি দৰ্শোৱা হয়৷ এই যুক্তি মানি লৈও এটা কথা ক’ব পৰা যায় যে টেষ্ট ক্ৰিকেটতো টুৱেণ্টী২০ আৰু ৫০ অভাৰৰ ক্ৰিকেটক অধিক আকৰ্ষণীয় কৰি তোলাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে যিবোৰ পদক্ষেপ লৈছে, তেনেধৰণৰ পদক্ষেপ টেষ্ট ক্ৰিকেটতো লোৱা হ’লে টেষ্ট ক্ৰিকেটৰ প্ৰতিও ক্ৰিকেটপ্ৰেমীৰ আকৰ্ষণ বৃদ্ধি পালেহেঁতেন৷ কিন্তু বছৰটোৰ অধিক সময় টুৱেণ্টী২০ ক্ৰিকেটত ব্যস্ত থকা ক্ৰিকেটাৰসকল টেষ্ট ক্ৰিকেটত প্ৰায়েই আশানুৰূপ প্ৰদৰ্শৰ্ন দেখুওৱাত ব্যৰ্থ হোৱা দেখা যায়৷ এয়া অস্বাভাৱিক নহয়৷ কিয়নো টেষ্ট আৰু সীমিত অভাৰৰ যথেষ্ট প্ৰভেদ আছে৷ টেষ্ট ক্ৰিকেটত ক্ৰিকেটাৰসকলৰ ক্ৰীজত অধিক সময় টিকি থকাৰ মানসিকতাৰ প্ৰয়োজন৷ হায়দৰাবাদত ইংলেণ্ডৰ হাতত ভাৰতৰ পৰাজয়ৰ অন্যতম কাৰণ আছিল ভাৰতীয় দলটোৰ বেটাৰৰ ক্ৰীজত অধিক সময় থাকি দীঘলীয়া ইনিংছ খেলাৰ মানসিকতাৰ অভাৱ৷ টেষ্ট ক্ৰিকেটক অধিক আকৰ্ষণীয় কৰাৰ বাবে দ্বিপাক্ষিক শৃংখলাবোৰত নূ্যনতম তিনিখন টেষ্ট অন্তৰ্ভুক্ত কৰাৰ লগতে পাঁচদিনৰ পৰিৱৰ্তে টেষ্ট ক্ৰিকেট চাৰিদিনীয়া কৰাৰ পৰামৰ্শ আগবঢ়াইছে কেইবাজনো ক্ৰিকেট বিশেষজ্ঞই৷ এনেবোৰ পৰামৰ্শ বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থাটোৱে বিবেচনা কৰি চোৱা উচিত৷ এটা কথা সকলোৱে স্বীকাৰ কৰিব যে ক্ৰিকেটৰ প্ৰকৃত আনন্দ পোৱা যায় টেষ্ট ক্ৰিকেটতহে৷ টেষ্ট ক্ৰিকেটত বেটাৰ এজনৰ ধৈৰ্যশক্তিৰ প্ৰমাণ পোৱা যায়৷ সেই গুণ টুৱেণ্টী২০ ক্ৰিকেট অথবা ৫০ অভাৰৰ ক্ৰিকেটত পোৱা নাযায়৷ টুৱেণ্টী২০ ক্ৰিকেটে খেলুৱৈসকলক আৰ্থিক দিশত সচ্ছল হোৱাৰ সুযোগ দিছে, সেই কথা স্বীকাৰ কৰিবই লাগিব৷ কিন্তু টেষ্ট ক্ৰিকেটৰ স্বকীয়তা অক্ষুণ্ণ ৰাখিবলৈ হ’লে ক্ৰিকেটাৰসকলে টুৱেণ্টী২০১ লগতে চাৰিদিনীয়া অথবা পাঁচদিনীয়া ক্ৰিকেটত সফল হোৱাৰ কৌশলো আয়ত্ত কৰিব লাগিব৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বিভিন্ন সময়ত বিভিন্ন নতুনত্বৰ সমাহাৰ দেখিবলৈ পোৱা গৈছে৷ টেষ্ট ক্ৰিকেটক সুৰক্ষিত ৰখাৰ স্বাৰ্থত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে আনাগত দিনত কেনেধৰণৰ পদক্ষেপ লয় সেয়া হ’ব লক্ষণীয়৷