Logo
image

মস্তিষ্কত স্থাপন হ’ল চিপ ভাবিলেই হ’ব কাৰ্যকৰী

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩১ জানুৱাৰীঃ বিলিয়নাৰ এলন মাস্কৰ নিউৰ’প্ৰযুক্তি কোম্পানী ‘নিউৰ’লিংকে’  প্ৰথমবাৰৰ বাবে মানৱ মস্তিষ্কত কৃত্ৰিম ‘চিপ’ সংস্থাপন কৰি চিকিৎসা আৰু প্ৰযুক্তি বিজ্ঞানত নতুন ইতিহাসৰ সৃষ্টি কৰিছে৷ যিজন ব্যক্তিৰ মগজুত অস্ত্ৰোপচাৰ কৰি ‘চিপ’ সংস্থাপন কৰা হৈছে তেওঁ এই বিৰল অস্ত্ৰোপচাৰৰ পাছত ক্ৰমে সুস্থতাৰ পথলৈ উভতিছে৷ মাৰ্কিন যুক্তৰাষ্ট্ৰত সম্পন্ন হোৱা এই অস্ত্ৰোপচাৰৰ বাবে দেশখনৰ স্বাস্থ্যক্ষেত্ৰৰ সৰ্বোচ্ছ নিয়ামক সংস্থা ‘ইউএছ ফুড এণ্ড ড্ৰাগছ এডমিনিষ্টে˜চনে’ যোৱা ছেপ্টেম্বৰতে এই পৰীক্ষামূলক অস্ত্ৰোপচাৰৰ বাবে অনুমতি প্ৰদান কৰিছিল৷ মগজুত সংস্থাপন কৰা এই কৃত্ৰিম ‘চিপে’ সক্ৰিয়তা প্ৰদৰ্শন কৰা বুলি জনাইছে ‘নেচনেল ইনষ্টিটিউট অব হেলথে’৷ মাস্কে জনোৱা অনুসৰি সংস্থাপিত ‘চিপে’ মগজুৰ পৰা দেহৰ কোষলৈ বৈদ্যুতিক আৰু ৰসায়নিক সংকেত প্ৰেৰণ কৰিছে৷ সেই বিষয়ে এলৰ মাস্কে প্ৰকাশ কৰিলেও সবিশেষ জনোৱাৰ পৰা বিৰত আছে৷ এলন মাস্কে জনোৱা অনুসৰি তেওঁৰ কোম্পানী ‘নিউৰ’লিংকে’ উৎপাদন কৰা মানৱৰ মগজুত সংস্থাপন কৰিব পৰা ‘চিপ’ৰ নাম হ’ব ‘টেলিপেথি’৷ উল্লেখ্য, মানৱ মগজুত সংস্থাপন কৰা এই ‘চিপে’ ব্যক্তিজনৰ ফোন, কম্পিউটাৰ আন কোনো যন্ত্ৰৰ সহায় নোলোৱাকৈ নিয়ন্ত্ৰণ কৰিব পাৰিব৷ প্ৰাথমিকভাৱে ‘টেলিপেথি’ নামৰ এই কৃত্ৰিম ‘চিপ’ তেনে ব্যক্তিক যোগান ধৰা হ’ব, যি শৰীৰৰ কোনো অংগ হেৰুৱাইছে৷ ষ্টিফেন হ’কিঙে শৰীৰৰ সকলো অংগ অকামিলা হোৱাৰ পাছতো যদি একোজন দ্ৰুতবেগী টাইপিষ্টতকৈ দ্ৰুততাৰে টাইপ কৰিব পাৰিলেহেঁতেন, তেন্তে তেওঁৰ পৰা বিশ্বই আৰু কি কি আশা কৰিব পাৰিলেহেঁতেন৷ এই ‘চিপ’ যদি ষ্টিফেন হকিঙে ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন, তেতিয়া তেওঁ ইয়াৰ জৰিয়তে শৰীৰৰ অকামিলা অংশ ব্যৱহাৰ নকৰাকৈ যিকোনো কাম কৰিবলৈ সক্ষম হ’লহেঁতেন৷ ‘টেলিপেথি’ নামৰ ‘চিপ’ৰ ব্যৱহাৰ আৰু কাৰ্যকাৰিতাৰ বিষয়ে ব্যাখ্যা কৰিবলৈ গৈ এলন মাস্কৰ কোম্পানী ‘নিউৰ’লিংকে’ এই উদাহৰণ দাঙি ধৰিছে৷