Logo
image

কলেষ্টেৰল বাঢ়িছে? এই পাঁচটা নিয়ম মানি চলক

বয়স বৃদ্ধিৰ সৈতে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধিৰ কোনো সম্পৰ্ক নাই৷ কম বয়সীয়া লোকৰো কলেষ্টেৰল বৃদ্ধি পাব পাৰে৷ বিশেষকৈ কলেষ্টেৰল বৃদ্ধি জীৱন শৈলীৰ ওপৰত নিৰ্ভৰ কৰে৷ ৰাতি বহু দেৰিলৈকে কাম কৰাৰ অভ্যাস আৰু দিনত ঘৰৰ বাহিৰত খাদ্যগ্ৰহণ আদিৰ ফলতো কেতিয়াবা কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি পাব পাৰে৷ কলেষ্টেৰল বৃদ্ধি পোৱাৰ লগে লগে শৰীৰত নানা  সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ মাত্ৰাধিক কলেষ্টেৰলে হৃদৰোগৰ আশংকা বৃদ্ধি কৰে৷ সেয়েহে বিশেষ কেইটামান নিয়ম মানি চলিলে মাত্ৰাধিক কলেষ্টেৰলৰ পৰা হাত সাৰি থাকিব পাৰি৷ 
- পুৱা উঠাৰ পাছতে খালী পেটতে নেমু পানী খোৱাৰ অভ্যাস কৰিব লাগে৷ নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায়৷ নিয়মীয়াকৈ খালী পেটতে নেমুৰ ৰস খালে কলেষ্টেৰল নিয়ন্ত্ৰণত থাকে৷ 
- কলেষ্টেৰল নিয়ন্ত্ৰণত থকাৰ বাবে পুৱাৰ খাদ্যৰ তালিকাত ফাইবাৰযুক্ত খাদ্য ৰাখিব লাগে৷ ফল আৰু সেউজীয়া শাক-পাচলি খাদ্য তালিকাত ৰাখিলে কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিব পাৰি৷ অতিৰিক্ত চেনিযুক্ত খাদ্য ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে৷ গাখীৰ চাহৰ পৰিৱৰ্তে গ্ৰীণ টি খোৱাৰ অভ্যাস কৰিলেও সুফল পোৱা যায়৷ 
- নিয়মীয়াকৈ শৰীৰ চৰ্চা কৰিব লাগে কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিবলৈ ফাইবাৰযুক্ত খাদ্যগ্ৰহণৰ লগতে নিয়মীয়াকৈ শৰীৰ চৰ্চা কৰিব লাগে৷ এই ক্ষেত্ৰত পুৱা গধূলি খোজ কঢ়া, চাইকেল চলোৱা আদি উত্তম৷ 
- পুৱাতে বিছনা এৰাৰ পাছতেই  বহুতৰে ধূমপান কৰাৰ অভ্যাস থাকে ধূমপানে কেৱল হাওঁফাওঁৰে ক্ষতি নকৰে ই শৰীৰত কলেষ্টেৰলৰ বৃদ্ধি কৰিব পাৰে৷ সেয়ে এনে অভ্যাস এৰাই চলিব লাগে৷ 
- মানসিক চাপ বাঢ়িলে শৰীৰত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি পায়৷ সেই বাবে চাপমুক্ত হৈ থাকিবলৈ চেষ্টা কৰিব লাগে৷ এই ক্ষেত্ৰত পুৱাতে উঠি যোগাসন, ধ্যান, আদি কৰাৰ অভ্যাস কৰিলে মানসিক চাপৰ পৰা হাত সাৰি থাকিব পাৰি৷