Logo
image

বাজেট কম, আত্মশ্লাঘা বেছি

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২ ফেব্ৰুৱাৰীঃ বিত্তমন্ত্ৰী হিচাপে অভিলেখসংখ্যক ষষ্ঠ আৰু মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিম বাজেট দাখিল কৰি নিৰ্মলা সীতাৰমণে প্ৰত্যাশিতভাৱেই দেশৰ কৃষক, মহিলা, তৰুণ আৰু দৰিদ্ৰৰ সবলীকৰণত সৰ্বাত্মক গুৰুত্ব আৰোপ কৰিলে৷ ৰে’লৱে, বিমানখণ্ড আৰু বন্দৰৰ আন্তঃগাঠনি উন্নয়নত গুৰুত্ব প্ৰদান কৰা এইবাৰৰ অন্তৰ্ৱৰ্তী বাজেটত প্ৰত্যাশাৰ বিপৰীতে প্ৰত্যক্ষ কৰ অৰ্থাৎ আয়কৰৰ ক্ষেত্ৰত কোনো সালসলনি নঘটাই বেছ সাহস প্ৰদৰ্শন কৰিলে বিত্তমন্ত্ৰীয়ে৷ এক অৰ্থত কেৱল ৪ মাহৰ বাবে নিৰ্বাচনৰ পূৰ্বে দাখিল কৰা এই অন্তৰ্ৱৰ্তী বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ইমানেই আত্মবিশ্বাস প্ৰদৰ্শন কৰিছে, য’ত বাজেট ভাষণত নিৰ্মলা সীতাৰমণে দাবী কৰিছে পুনৰ চৰকাৰ গঠন কৰি অহা জুলাইত তেওঁলোকে পূৰ্ণাংগ বাজেট দাখিল কৰিব আৰু সেই পূৰ্ণাংগ বাজেটতে দেশৰ নাগৰিকৰ বাবে আঁচনি আৰু সকাহৰ ব্যৱস্থা থাকিব৷ মোদী চৰকাৰ পুনৰ উভতি আহিব বুলি আত্মবিশ্বাস প্ৰদৰ্শন কৰি বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত কয়–‘অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে বিকশিত ভাৰতৰ এখন পূৰ্ণাংগ বাজেট ২০২৪ চনৰ জুলাইত দাখিল কৰিব৷ সেয়ে মই অন্তিম মুহূৰ্তত প্ৰলোভন দিবলগীয়া ঘোষণাৰ পৰা বিৰত থাকিলো৷ পূূৰ্বৰ শক্তিৰ লেখেৰেই পূৰ্ণাংগ বাজেটত দেশৰ জনসাধাৰণৰ বাবে সকলো থাকিব৷ ২০৪৭ চনৰ ভিতৰত আত্মনিৰ্ভৰ ভাৰতৰ পৰা বিকশিত ভাৰত হোৱাৰ বাবে প্ৰয়োজনীয় ‘ৰোড মেপ’ থাকিবলগীয়া বাজেট আমি অহা জুলাইত দাখিল কৰিম৷ অন্তৰ্ৱৰ্তী বাজেটত আমি মহিলা, দৰিদ্ৰ, তৰুণ আৰু অন্নদাতাৰ উন্নয়নৰ পথ প্ৰশস্ত কৰি ৰাখিছো৷ একে সময়তে ৰে’ল, বিমান, বন্দৰখণ্ডৰ আন্তঃগাঠনিৰ উন্নয়ন ব্যাপক হাৰত আগবঢ়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ চনত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ যি লক্ষ্য লৈছে, সেই দিশত আগুৱাই যোৱাৰ ব্যৱস্থা এই বাজেটত ৰাখিছো৷’
নিৰ্বাচন সন্মুখত থাকোতে এখন অন্তৰ্ৱৰ্তী বাজেটৰ চৰিত্ৰ ঠিক যেনেধৰণৰ হ’ব লাগে, নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে দাখিল কৰা বাজেট ঠিক সেইধৰণৰ৷ এইখন অন্তৰ্ৱৰ্তী বাজেটত দেশৰ জনসাধাৰণৰ বাবে বাজেট কম, ইয়াৰ বিপৰীতে বিগত ১০ বছৰত মোদী চৰকাৰে কৰা সাফল্যৰ গুণগান বেছি৷ অৰ্থাৎ আত্মশ্লাঘাৰেই ভৰি থাকিল অন্তৰ্ৱত¹ বাজেট আৰু বিত্তমন্ত্ৰীৰ ভাষণ৷ অৱশ্যে নিৰ্বাচন সন্মুখত থাকোতেও আক্ষৰিক অৰ্থতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অন্তৰ্ৱৰ্তী বাজেটত সাহস প্ৰদৰ্শন কৰিছে জনমোহিনী কিছুমান ঘোষণাৰ পৰা বিৰত থাকি৷ তাৎপৰ্যপূৰ্ণভাৱে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বৃহস্পতিবাৰৰ বাজেট ভাষণ আছিল দেশৰ ইতিহাসৰ সবাটোকৈ চমু বাজেট ভাষণ৷ বিত্তমন্ত্ৰীয়ে মুঠেই ৫৬ মিনিট ১০ চেকেণ্ডত বাজেট ভাষণ সম্পূৰ্ণ কৰিলে৷ তাৰে বাজেটৰ মূল হিচাপ-নিকাচৰ বাবে ব্যয় কৰিলে মাথোঁ ৬ মিনিট সময়৷ এই ৬ মিনিটৰ ভাষণত তেওঁ অন্তৰ্ৱৰ্তী বাজেটত কি কি আছে, সেয়া তেনেই সীমিতভাৱে বৰ্ণনা কৰি বাকীখিনি তথ্য হিচাপে বাজেটৰ কাগজতে এৰি দিলে৷ বাকী ৫০ মিনিট বিত্তমন্ত্ৰীয়ে ব্যয় কৰিলে বিগত ১০ বছৰত মোদী চৰকাৰৰ সাফল্যৰ বৰ্ণনাত৷ নিৰ্মলা সীতাৰমণৰ বাজেট ভাষণত ভৱিষ্যতৰ আঁচনিৰ কোনো নাম বা পৰিকল্পনাৰ কথা বিশেষভাৱে তেনেকৈ উল্লেখ নাছিল৷ সামগ্ৰিকভাৱে তেওঁ বাৰম্বাৰ উচ্ছাৰণ কৰিছিল ‘বিকশিত ভাৰত’, ‘অমৃতকাল’, ‘আত্মনিৰ্ভৰ ভাৰত’ শব্দ বন্ধ, যি শব্দ দেশৰ জনতাই অন্তিম ২-৩ বছৰত প্ৰধানমন্ত্ৰী মোদীৰ মুখেৰে বাৰম্বাৰ শুনি একপ্ৰকাৰ ‘হৃদয়ংগম’ কৰি লৈছে৷ অৱশ্যে এঘণ্টাৰো কম সময়ৰ বাজেট ভাষণত তেওঁ দুই-এটা ঘোষণা কৰিলেও তাৰ কোনো স্পষ্ট ‘ৰোডমেপ’ বৰ্ণনা কৰা নাছিল৷ বিত্তমন্ত্ৰীয়ে স্বনিৰ্ভৰ মহিলাক আগুৱাই নিয়াৰ কথা ক’লে, কিন্তু সেই সন্দৰ্ভত বিশদ কোনো কথা নক’লে৷ ৯-১৪ বছৰৰ বালিকাৰ ‘ছাৰ্ভাইকেল কেন্সাৰ’ৰ প্ৰতিষেধক প্ৰদানৰ কথা ক’লে, কিন্তু কেতিয়াৰ পৰা দিব নজনালে৷ পৰ্যটন লৈ, মুলতঃ লাক্ষাদ্বীপক লৈ বৃহৎ পৰ্যটন উদ্যোগৰ কথা ক’লে, কিন্তু তাৰবাবে কিমান অৰ্থ আৱণ্টন দিব তাৰ কোনো উল্লেখ নকৰিলে৷ কোৱা হয়, অন্তৰ্ৱৰ্তী বাজেটত বিশদভাৱে সকলো বৰ্ণনা কৰিব নোৱাৰি৷ নিৰ্মলা সীতাৰমণে সেই প্ৰথা মানিছে বুলিয়েই বিশ্বাস কৰা হৈছে৷ সেয়ে হয়তো নিৰ্মলা সীতাৰমণৰ বাজেট ভাষণৰ অধিকাংশ আছিল ‘অতীতক নাযাবা পাহৰি’–যি লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ প্ৰচাৰৰ কামো বহু পৰিমাণে সম্পন্ন কৰিছে৷
অন্তৰ্ৱৰ্তী বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মুলধনী ব্যয় ধাৰ্য কৰিছে ৪৭.৬৬ লাখ কোটি টকা৷ ইয়াৰে ঋণ বাদ দি ৰাজহ সংগ্ৰহ হ’ব ৩০.৮০ লাখ কোটি টকা৷ য’ৰ কৰৰ জৰিয়তে ৰাজহ সংগ্ৰহ হ’ব ২৬.০২ লাখ কোটি টকা৷ অন্তৰ্ৱৰ্তী বাজেটত বিত্তীয় ঘাটি ধৰা হৈছে জিডিপিৰ ৫.১ শতাংশ৷ ইপিনে ২০২২-২৩ বিত্তীয় বৰ্ষৰ পুনৰ নিৰ্ধাৰিত ৰাজহ সংগ্ৰহ ২২.৫৬ লাখ কোটি টকা বুলি হিচাপ দিছে বিত্তমন্ত্ৰীয়ে, য’ৰ ২৩.২৪ লাখ কোটি টকা কৰৰ জৰিয়তে সংগ্ৰহ হৈছে৷ অন্তৰ্ৱৰ্তী বাজেটৰ ক্ষেত্ৰত কৰৰ জৰিয়তে ৰাজহ ১৯ শতাংশ, কৰ্প’ৰেট কৰৰ জৰিয়তে ১৭ শতাংশ, জি এছ টিৰ জৰিয়তে ১৮ শতাংশ আৰু ঋণৰ জৰিয়তে ২৮ শতাংশ সংগ্ৰহ হ’ব বুলি ধাৰ্য কৰা হৈছে৷
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০৪৭ চনত আমাৰ দেশ বিকশিত ভাৰত অৰ্থাৎ উন্নত ৰাষ্ট্ৰত পৰিণত হোৱাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা বুলি ঘোষণা কৰিছে৷ তেওঁ কয় যে, চৰকাৰে মহিলা, তৰুণ, দৰিদ্ৰ আৰু কৃষকৰ উন্নতিৰ বাবে অহৰ্নিশে কাম কৰি যাব আৰু অন্তৰ্ৱৰ্তী বাজেটতো তাৰ প্ৰতিফলন আছে৷ কৃষকৰ কল্যাণৰ বাবে শইচৰ ন্যূনতম সমৰ্থিত মূল্য বৃদ্ধি কৰাৰ প্ৰস্তাৱ ৰখা হৈছে বাজেটত৷ তেওঁ কয়–‘আমাৰ অন্নদাতাৰ কল্যাণৰ বাবে প্ৰধানমন্ত্ৰী কিষাণ সন্মান যোজনাৰ অধীনত পোনপটীয়াকৈ ১১.৮ কোটি কৃষকক আৰ্থিক সাহায্য প্ৰদান কৰি থকা হৈছে৷ ৪ কোটি কৃষকক আৰ্থিক সাহায্য প্ৰদান কৰি থকা হৈছে৷ চ্ছ্ৰ কোটি কৃষকক পি এম ফচল বীমা যোজনাৰ অধীনত বীমাৰ ধন প্ৰদান কৰি থকা হৈছে৷ সেয়া অব্যাহত থাকিব৷’ আনহাতে ৰে’ল, বিমান আৰু বন্দৰৰ আন্তঃগাঠনি নিৰ্মাণত ১১.১ শতাংশ বৃদ্ধি কৰি ধনৰ আৱণ্টন ১১.১১ লাখ কোটি টকা ধাৰ্য কৰা হৈছে৷ ইয়াৰ বাবে ৰে’লৰ তিনিটা বৃহৎ কৰিডৰ নিৰ্মাণ কৰা হ’ব আৰু ৪০,০০০ ডবা বন্দে ভাৰতৰ সমপৰ্যায়ৰ কৰা হ’ব৷ ইপিনে দৰিদ্ৰৰ বাবে পি এম আৱাস যোজনাৰ অধীনত আৰু ২ কোটি বাসগৃহ নিৰ্মাণৰ ঘোষণা কৰা হৈছে অন্তৰ্ৱৰ্তী বাজেটত৷ তদুপৰি পূৰ্বৰে পৰা থকা আঁচনি ‘লাখপতি দিদি’ৰ অধীনত মুঠতে ৩ কোটি মহিলাক সামৰি লোৱা হ’ব৷ বিত্তমন্ত্ৰীৰ ঘোষণা অনুসৰি সৌৰশক্তিৰ জৰিয়তে ‘ৰুফটপ ছ’লাৰাইজেচন’ আঁচনিত ১ কোটি ঘৰক বিনামুলীয়া বিদ্যুৎ প্ৰদান কৰা হ’ব৷ বিত্তমন্ত্ৰীয়ে তেওঁৰ ভাষণত দেশৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে চৰকাৰে লক্ষ্য লোৱা বুলি ঘোষণা কৰিছে৷ অন্তৰ্ৱত¹ বাজেটত দেশত অধিক মেডিকেল কলেজ স্থাপনৰ পৰিকল্পনা, ভাৰাঘৰ, চহৰৰ বস্তিত বাস কৰা লোকৰ বাবে বাসগৃহ প্ৰদানৰ কথাও ঘোষণা কৰা হৈছে৷
আনহাতে অন্তৰ্ৱৰ্তী বাজেটত আয়কৰৰ হাৰৰ কোনো পৰিৱৰ্তন সাধন নকৰিলেও ১৯৬২ চনৰ পৰা ২০২১-২২ বিত্তীয় বৰ্ষলৈ থকা বিবাদপূৰ্ণ সৰ্বোচ্ছ ২৫,০০০ টকাৰ আয়কৰ আৰু ২০২২-২৩ত থকা ১০,০০০ টকাৰ আয়কৰ মাফ কৰা হৈছে৷ ইয়াৰ ফলত দেশৰ ৰ কোটি আয়কৰদাতা লাভাম্বিত হ’ব৷ উল্লেখ্য, সম্প্ৰতি দেশত আয়কৰৰ দুটা ব্যৱস্থা আছে–পুৰণি আৰু নতুন৷ পুৰণি আয়কৰ ব্যৱস্থা অনুসৰি ২.৫০ লাখ টকা বাৰ্ষিক আয়কৰ ওপৰৰ পৰা সৰ্বনিম্ন আয়কৰ প্ৰদান কৰিব লাগে, য’ত কৰ ৰেহাইৰ একাধিক সুযোগ আছে৷ নতুন আয়কৰ নিয়ম অনুসৰি ৭ লাখ টকালৈকে আয়কৰ শূন্য, য’ত ৰেহাইৰ কোনো সুযোগ নাই৷ আয়কৰ হ্ৰাসৰ জৰিয়তে দেশৰ মধ্যবিত্ত, ঘাইকৈ চাকৰিজীৱিক সকাহ দিয়াৰ বিকল্প আছিল যদিও বিত্তমন্ত্ৰী সেই পথেৰে আগনাবাঢ়িল৷ ইয়াৰ পৰিৱৰ্তে মহিলা, তৰুণ, দৰিদ্ৰ, কৃষকক সুযোগ দি আৰু ১০ বছৰৰ সাফল্যৰ গুণ-গৰিমা বখানিয়েই নিৰ্বাচনত বাজীমাৎ কৰাৰ লক্ষ্য ল’লে নিৰ্মলা সীতাৰমণে৷