Logo
image

প্ৰেছাৰ কুকাৰত এই পাঁচবিধ খাদ্য ৰন্ধাৰ পৰা বিৰত থাকক

সাধাৰণতে খুব কম সময়তে যিকোনো খাদ্য সিদ্ধ হোৱাৰ বাবে বহুতে প্ৰেছাৰ কুকাৰ বেছিকৈ ব্যৱহাৰ কৰে৷ কিন্তু কিছুমান খাদ্য প্ৰেছাৰ কুকাৰত সিদ্ধ কৰিলে খাদ্যগুণ নষ্ট হোৱাৰ আশংকা থাকে৷ সেয়েহে সকলো খাদ্য প্ৰেছাৰ কুকাৰত ৰান্ধিব নালাগে 
সামুদ্ৰিক খাদ্যঃ সামুদ্ৰিক খাদ্য খুব নৰম হয়৷ সেইবাবে প্ৰেছাৰ কুকাৰত  সাগৰীয় মাছ আদি সিদ্ধ কৰাৰ পৰা বিৰত থাকিব লাগে৷ কুকাৰত সাগৰীয় মাছ সিদ্ধ কৰিলে ইয়াৰ স্বাভাৱিক স্বাদ নষ্ট হয়৷ 
পাষ্টাঃ পাষ্টা বা নুডল্‌ছ ময়দাৰে প্ৰস্তুত কৰা হয়৷ প্ৰেছাৰ কুকাৰত এইধৰণৰ খাদ্য প্ৰস্তুত কৰিলে ইয়াৰ খাদ্যগুণত বিসংগতি ঘটে৷ 
দুগ্ধজাত খাদ্যঃ দুগ্ধজাত খাদ্য প্ৰেছাৰ কুকাৰত প্ৰস্তুত কৰিব নালাগে৷ হোৱাইট ছছ, মেয়’নিজ অথবা ক্ৰীম আদি প্ৰেছাৰ কুকাৰত দিব নালাগে৷ 
চাউলঃ কম সময়তে সিদ্ধ হোৱাৰ বাবে সাধাৰণতে সকলোৱে প্ৰেছাৰ কুকাৰত ভাত ৰান্ধে৷ কিন্তু ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ প্ৰেছাৰ কুকাৰত ভাত ৰান্ধিলে ভাতৰ মাড় কঢ়া নহয়৷ যিটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ 
শাক-পাচলিঃ যিকোনো ধৰণৰ শাক-পাচলি প্ৰেছাৰ কুকাৰত ৰান্ধিব নালাগে৷ প্ৰেছাৰ কুকাৰত শাক-পাচলি সিজালে ইয়াৰ পুষ্টিগুণ হ্ৰাস পায়৷