Logo
image

কলেষ্টেৰল বাঢ়িছে? শুই উঠি এইকেইটা অভ্যাস কৰক

আজিকালি প্ৰায়েই বিভিন্নজনৰ মুখত কলেষ্টেৰলৰ সমস্যাৰ বিষয়ে শুনিবলৈ পোৱা যায়৷ বয়সৰ লগে লগে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পোৱা বুলি বহুতে ধাৰণা কৰে৷ পিছে সেই ধাৰণা ভুল৷ কম বয়সীয়া সকলৰ মাজতো কলেষ্টেৰলৰ সমস্যাই দেখা দিব পাৰে৷ নিদ্ৰাহীনতা, বাহিৰৰ খাদ্য খোৱাৰ অভ্যাস আদিয়ে শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বঢ়ায়৷ কলেষ্টেৰল বাঢ়িলে হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ সেয়ে যিমান পৰা যায় এই সমস্যাৰ পৰা আঁতৰত থকাৰ চেষ্টা কৰক৷ কিছুমান নিয়ম মানি চলিলে কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিব পৰা যায়৷ উল্লেখ কৰা হ’ল তেনে কেইটামান নিয়ম–
 - পুৱাই শুই উঠি খালি পেটত নেমুপানী খোৱাৰ অভ্যাস কৰক৷ নেমুত থকা ভিটামিন ‘চি’য়ে তেজত বাইলেৰ নামৰ উপাদানবিধৰ ক্ষৰণ বৃদ্ধি কৰাত সহায় কৰে৷ এইবিধ উপাদানে  লো ডেনচিটি লাইপো প্ৰটিনৰ সৈতে যুঁজি দেহত কলেষ্টেৰলৰ মাত্ৰা কমোৱাত সহায় কৰে৷
- প্ৰাতঃকৰ্ম নকৰাকৈ ঘৰৰ পৰা ওলাই নাযাব৷ কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ হ’লে পুৱা ফাইবাৰযুক্ত খাদ্য বেছিকৈ খাওক৷ এইক্ষেত্ৰত গোটা শস্য, ফল আৰু পাছলি খাব পাৰে৷ কলেষ্টেৰল নিয়ন্ত্ৰণত ৰখাৰ ক্ষেত্ৰত আটাইতকৈ উত্তম খাদ্য হৈছে ওটছ আৰু কাঠবাদাম৷ অত্যধিক মিঠা খাদ্য বা পানীয় ব্ৰেকফাষ্টত নাৰাখিব৷ গাখীৰ চাহৰ সলনি গ্ৰীণ টি খোৱাৰ অভ্যাস কৰক৷
- নিতৌ শৰীৰ চৰ্চা কৰিও কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পৰা যায়৷ শৰীৰ চৰ্চা বুলি ক’লে অকল জিম কৰাকে নুবুজায়৷ নিয়মিতভাৱে খোজ কাঢ়ি, চাইকেল চলাই বা সাঁতোৰা অভ্যাসে কলেষ্টেৰল নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ দৈনিক পুৱা অন্ততঃ আধাঘণ্টা সময় খোজ কাঢ়ক৷ 
- বহুতে শুই উঠিয়েই ধুমপান কৰে৷ ধুমপান কৰাৰ অভ্যাসে কেৱল যে হাওফাওৰে ক্ষতি কৰে তেনে নহয়৷ ধুমপানে দেহত ক্ষতিকাৰক কলেষ্টেৰলৰ মাত্ৰা বঢ়ায়৷ গতিকে শুই উঠি ধুমপান কৰাৰ অভ্যাস ত্যাগ কৰক৷
- মানসিক চাপ বাঢ়িলেও দেহত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়৷ সেয়ে পুৱা শুই উঠি কিছুসময় যোগাসন কৰক৷ নিয়ম মানি এই অভ্যাস কৰিলে মানসিক চাপৰ পৰা মুক্তি পোৱা যায়৷