Logo
image

উক্তি-বক্ৰোক্তি

সৰ্বোচ্ছ কৃতজ্ঞতা আৰু পূৰ্ণ মানৱতাৰ সৈতে মই ‘ভাৰতৰত্ন’ সন্মান গ্ৰহণ কৰিছোঁ৷ ব্যক্তি হিচাপে এয়া কেৱল মোৰ প্ৰতি সন্মানেই নহয়, এয়া মই সমগ্ৰ জীৱন ধৰি যি পথ আৰু ভাবাদৰ্শ অনুসৰণ কৰি আছোঁ তাৰ প্ৰতিও স্বীকৃতি৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য হিচাপে যোগদান কৰাৰ পৰা দেশৰ প্ৰতি নিস্বাৰ্থ সেৱা আগবঢ়োৱাটোৱেই পণ হিচাপে গ্ৰহণ কৰিছোঁ৷ 
– বিজেপিৰ বৰ্ষীয়ান নেতা লালকৃষ্ণ আদৱানী

‘কা’ আমি কোনোপধ্যেই মানি ল’ব নোৱাৰোঁ৷ ‘কা’ গৃহীত হ’লে অসমত থকা ২০ লাখ বিদেশীয়ে নাগৰিকত্ব পাব৷ 
– বিধায়ক অখিল গগৈ

লালকৃষ্ণ আদৱানীজীক ‘ভাৰতৰত্ন’ প্ৰদান কৰাৰ খবৰটো জনাবলৈ পাই মই সুখী হৈছোঁ৷ মই এই সন্দৰ্ভত তেওঁৰ সৈতে কথা পাতিছোঁ আৰু সাক্ষাৎ কৰি অভিনন্দনো জ্ঞাপন কৰিছোঁ৷ জীৱনৰ আৰম্ভণিৰ পৰা দেশসেৱা কৰা আদৱানীজী দেশৰ উপ-প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল আৰু এতিয়াও তেওঁ দেশৰ প্ৰতি সেৱা আগবঢ়াই আছে৷ 
– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

nতিনিটা বস্তু থাকিলে পলিটিক্সত তিষ্ঠি থাকিব পাৰি৷ মূৰত বৰফ, মুখত চেনি আৰু ভৰিত চকা৷ 
– বিধায়ক প্ৰশান্ত ফুকন

মই ইয়াতে আছোঁ, মই জীয়াই আছোঁ৷ চাৰ্ভাইকেল কেঞ্চাৰে মোৰ জীৱন কাঢ়ি নিব পৰা নাই৷ কিন্তু এই দুৰাৰোগ্য ৰোগে বহুতৰে জীৱন কাঢ়ি নিছিল৷ এই গুৰুতৰ ৰোগটোৰ বিষয়ে অনেকেই নাজানে৷ সেয়ে মই চাৰ্ভাইকেল কেঞ্চাৰৰ বিষয়ে সজাগতা অনাৰ বাবেই এনে উপায় অৱলম্বন কৰিবলৈ  বাধ্য হ’লোঁ৷ আশা কৰোঁ অনুৰাগীসকলে মোক ক্ষমা কৰিব৷ 
– বিতৰ্কিত অভিনেত্ৰী পুনম পাণ্ডে

গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ বুলি কথা নাই৷ নগাঁও লোকসভা সমষ্টিৰ পৰা ৰাহুল গান্ধীয়ে নিৰ্বাচন খেলিলেও কংগ্ৰেছ তৃতীয় স্থানত থাকিব৷ 
– বিধায়ক আমিনুল ইছলাম

কংগ্ৰেছে এইবাৰ সমগ্ৰ দেশত ৪০খনমান আসন পায় নে নাপায় তাৰ ঠিকনা নাই৷ এতিয়া আকৌ এজনে দেশজুৰি ফটোশ্বুট কৰি ফুৰিছে৷ এটা নতুন ফেশ্বন হৈছে৷ জীৱনত কেতিয়াবা বিড়ি বান্ধি পাইছে? শিশু কি বস্তু চিনি পায়? পাৰিলে আগতে গৈ বাৰাণসীত বিজেপিক পৰাস্ত কৰা৷ তাৰ পাছত আনক পথ দেখুৱাবা৷
– পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

মোক খেলপথাৰত নমাৰ আগতেই পিতৃয়ে কৈছিল– অলপ চম্ভালি খেলিবা৷ তেওঁৰ কথা মই মনত ৰাখি বেটিং কৰিছিলোঁ৷ সেয়ে মই হয়তো সফল এটা ইনিংছ খেলি দ্বি-শতৰাণ কৰিবলৈ সমৰ্থ হ’লোঁ৷ 
–ভাৰতৰ টেষ্ট ক্ৰিকেটাৰ যশস্বী জয়ছোৱাল

আপোনালোকে নিজৰ সন্তানৰ পৰা ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ বাবে যি ক্ষতিৰ সন্মুখীন হৈছে সেয়া মই উপলব্ধি কৰিছোঁ আৰু তাৰ বাবে ক্ষমা বিচাৰিছোঁ৷ আমাৰ কোম্পানীয়ে শিশুসকলক  ছ’চিয়েল মিডিয়াৰ ক্ষতিৰ পৰা নিৰাপত্তা দিবৰ বাবে বিশ্বজুৰি প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু তাৰ বাবে বৃহৎ বিনিয়োগো কৰা হৈছে৷ 
– ফেচবুকৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গ