Logo
image

নিজৰ মৃত্যু-সংবাদেৰে মাৰ্কেটিং!

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৪ ফেব্ৰুৱাৰীঃ বাঘে খালে, বাঘে খালে বুলি প্ৰায়ে মিছা কথা কৈ গাঁওবাসীক ঠগোৱা এজন তৰুণৰ সাধুটো সমগ্ৰ দেশতে মোটামুটিভাৱে পৰিচিত৷ কেৱল সাধুটো কোৱাৰ ধৰণৰ অলপ ইফাল-সিফাল৷ সঁচাকৈ যিদিনা তৰুণজনক বাঘে ধৰিলে, সেইদিনা সকলোৱে কথাটো মিছা বুলি ভাবিলে৷ পৰিণতি যি হ’ল, সেয়া স্বাভাৱিক আছিল৷ তৰুণৰ মিথ্যাচাৰৰ অভ্যাসৰ লগতে উদ্দেশ্য আছিল নিজৰ নাম প্ৰচাৰো৷ ঠিক প্ৰায় একেই কৌশল অৱলম্বন কৰিলে এখন মাত্ৰ মেইনষ্ট্ৰীম ছবি আৰু সম্প্ৰতি কেৱল নীলাছবিত অভিনয় কৰি জীৱিকা অৰ্জন কৰিবলৈ বাধ্য হোৱা ‘ইৰ’টিক মডেল’ পুনম পাণ্ডেই৷ কৃত্ৰিমভাৱে উন্নীত কৰা বক্ষৰ ছবি আৰু প্ৰাপ্তবয়স্কৰ ছবিৰে ৰোজগাৰ কৰা পুনম পাণ্ডে বিগত দশকৰ সিংহভাগ সময়েই প্ৰচাৰৰ আলোকৰ তললৈ আহিব পৰা নাছিল, যিমান প্ৰচাৰ পাইছিল ২০১১ চনত টীম ইণ্ডিয়া বিশ্বকাপ ক্ৰিকেটত চেম্পিয়ন হ’লে ৰাজহুৱা স্থানত বিৱসনা হ’ব বুলি মুকলি ঘোষণা কৰি৷ ছ’চিয়েল মিডিয়াত পুনম পাণ্ডেৰ স্বল্পবসনা ফটোৰ একঘেয়ামিত যিদৰে অনুৰাগীৰ আমনি লাগি আহিছিল, সেইদৰে দেশতে নিৰ্মিত ‘ছফ্‌টপৰ্ন’ ছবিৰো পুনমৰ অনুৰাগী ক্ৰমাৎ সীমিত হৈ পৰিছিল৷ বলীউডৰ বজাৰত উত্তাপ সিঁচি মেইনষ্ট্ৰীম ছবিতে জঁপিয়াই পৰিছিল মাৰ্কিন পৰ্ন ছবিৰ জনপ্ৰিয় ভাৰত বংশোদ্ভৱ নায়িকা ছানী লিয়নি৷ এনে পৰিস্থিতিত প্ৰচাৰৰ আলোকৰ মাজলৈ আহিবলৈ পুনম পাণ্ডেই মিডিয়াত ৰটিলে নিজৰ মৃত্যুৰ খবৰ, যিটো পন্থা দেশৰ কুৎসিৎতম প্ৰচাৰ ষ্টাণ্ট হিচাপে পৰিগণিত হৈছে আৰু তাৰ স্থায়িত্বও অতি বেছি ২৪ ঘণ্টাহে হ’ব বুলি অনুমান কৰা হৈছে৷ শনিবাৰে পুৱাৰ ভাগতে যেতিয়া পুনম পাণ্ডেই নিজমুখে তেওঁৰ মৃত্যুৰ খবৰ মিছা বুলি প্ৰকাশ কৰিলে, তেতিয়াৰ পৰা তেওঁৰ এই নিকৃষ্টতম প্ৰচাৰ কৌশলক লৈ গালিৰ বৰ্ষণ আৰম্ভ হ’ল ছ’চিয়েল মিডিয়াত৷ মেইনষ্ট্ৰীম মিডিয়াই বিয়লিৰ পৰা আঁতৰাই ৰাখিলে পুনম পাণ্ডেৰ খবৰ৷
নীলাছবিৰ অভিনেত্ৰী পুনম পাণ্ডেৰ কি দায়িত্ববোধ! নিজৰ প্ৰচাৰৰ বাবে নহয়, চাৰ্ভিকেল কেঞ্চাৰৰ (জৰায়ু মুখৰ কৰ্কট) সজাগতা সৃষ্টিৰ বাবেহে তেওঁ লৈছিল এই কৌশল৷ অন্ততঃ এটা ভিডিঅ’ বাৰ্তাত পুনম পাণ্ডেই সেইবুলিয়েই দাবী কৰিছে৷ অনুৰাগী-সংবাদ মাধ্যমক উদ্দেশ্যি প্ৰচাৰ কৰা ভিডিঅ’ বাৰ্তাটোত পুনম পাণ্ডেই ক’লে– ‘মই ইয়াতে আছোঁ৷ মই জীৱিত আছোঁ৷ মই প্ৰথমেই সকলোৰে পৰা ক্ষমা বিচাৰি ল’ম৷ মই এই পন্থা অৱলম্বন কৰিবলৈ বাধ্য হ’লোঁ৷ যি মোক সমালোচনা কৰিব, তেওঁলোকক নকৰিবলৈ নকওঁ৷ সমগ্ৰ বিশ্বত চাৰ্ভাইকেল কেঞ্চাৰে ব্যাধিৰ আকাৰ ধাৰণ কৰিছে৷ এইটো এটা গুৰুতৰ বিষয়৷ তথাপি এতিয়াও সচেতনতা নাই সাধাৰণ মানুহৰ মাজত৷ সেইবাবেই এনে পদক্ষেপ ল’বলৈ বাধ্য হ’লোঁ৷ অন্তৰ্ৱৰ্তী বাজেট দাখিলৰ দিনা বিত্তমন্ত্ৰীয়ে চাৰ্ভাইকেল কেঞ্চাৰৰ টিকাকৰণৰ কথা ঘোষণা কৰিলেও বিষয়টো সংবাদ মাধ্যমে জনচক্ষুৰ সন্মুখলৈ আনিবলৈ সক্ষম নহ’ল৷ শেষত মই ভাবিলোঁ, মোৰ মৃত্যুৰ খবৰে হয়তো অৱস্থাৰ পৰিৱৰ্তন ঘটাব পাৰে৷ সেয়ে এই কাম কৰিলোঁ৷ এতিয়া দেখিছোঁ মোৰ মৃত্যুৰ খবৰ প্ৰকাশ হোৱাৰ পাছত ৫০০১ অধিক প্ৰতিবেদন প্ৰকাশ পাইছে৷ মানে মই উদ্দেশ্যত সফল হৈছোঁ৷ মই সুখী৷’
প্ৰসংগতঃ শুকুৰবাৰে এটা ছ’চিয়েল মিডিয়াৰ পোষ্টৰ জৰিয়তে পুনম পাণ্ডেৰ মেনেজাৰে অভিনেত্ৰীগৰাকীৰ চাৰ্ভাইকেল কেঞ্চাৰত বৃহস্পতিবাৰে মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছিল৷ কিন্তু খবৰ প্ৰকাশৰ ১২ ঘণ্টাৰ পাছতো তেওঁৰ অন্তেষ্টিক্ৰিয়া সন্দৰ্ভত কোনো খবৰ নোলোৱাত সন্দেহৰ সৃষ্টি হয়৷ তদুপৰি শুকুৰবাৰে পুনম পাণ্ডেৰ পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ তথা মেনেজাৰৰ ফোন বন্ধ হৈ আছিল৷ ফলত সন্দেহৰ মাত্ৰা বাঢ়ি আহিছিল আৰু অৱশেষত সন্দেহেই সঁচা হ’ল৷ পুনম পাণ্ডে জীয়াই থাকিল, প্ৰচাৰৰ পোহৰ পালে; কিন্তু সেয়া অৱশ্যেই ক্ষণস্থায়ী৷ 
পুনঃশ্চঃ ২০১১ চনত এম এছ ধোনিৰ নেতৃত্বত টীম ইণ্ডিয়া বিশ্বচেম্পিয়ন হৈছিল৷ কিন্তু প্ৰতিশ্ৰুতি পালন কৰা নাছিল পুনম পাণ্ডেই৷ ৰাজহুৱা স্থানত তেওঁ নিৰাভৰণ হোৱা নাছিল তেওঁ৷ সেয়ে আজিও অনুৰাগীয়ে পুনম পাণ্ডেক ‘বিশ্বাসঘাটক’ বুলিয়েই অভিহিত কৰে৷