Logo
image

বিজয় বিষ্ণই গুৱাহাটী হাইক’ৰ্টৰ মুখ্য ন্যায়াধীশ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ ফেব্ৰুৱাৰীঃ ন্যায়াধীশ বিজয় বিষ্ণইক গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ ন্যায় মন্ত্ৰণালয়ে ২ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ন্যয়াধীশ বিজয় বিষ্ণইক গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰে৷ উল্লেখ্য, গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া বিজয় বিষ্ণই ইয়াৰ পূৰ্বে ৰাজস্থানৰ উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতাক উচ্ছতম ন্যায়ালয়লৈ পদোন্নীত কৰাৰ পাছত খালী হৈ পৰা গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদত ন্যায়াধীশ বিজয় বিষ্ণইক নিযুক্তি দিয়াৰ পৰামৰ্শ আগবঢ়াইছিল উচ্ছতম ন্যায়ালয়ৰ কলেজিয়ামে৷ মুখ্য ন্যায়াধীশ নিৰ্বাচনৰ ক্ষেত্ৰত বিভিন্ন উচ্ছ ন্যায়ালয়ৰ ন্যায্য প্ৰতিনিধিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা কাৰ্যবিধিৰ স্মাৰকপত্ৰ অনুসৰি এই পৰামৰ্শ দিয়া হৈছিল৷ উচ্ছতম ন্যায়ালয়ৰ কলেজিয়ামে ন্যায়াধীশ বিষ্ণইৰ সকলো দিশ পৰ্যালোচনা কৰি ন্যায়াধীশ ৰূপে নিযুক্তিত অনুমোদন জনাইছিল৷ ৰাজস্থান উচ্ছ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ন্যায়াধীশ বিষ্ণয়ে পূৰ্বে ৰাজস্থান উচ্ছ ন্যায়ালয় আৰু যোধপুৰৰ কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণত দেৱানী, অপৰাধমূলক, সাংবিধানিক, সেৱা আৰু নিৰ্বাচনী গোচৰত গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছিল৷ তেওঁক নিযুক্তিৰ পৰামৰ্শ দিয়াৰ আনুষ্ঠানিক প্ৰস্তাৱ কলেজিয়ামে দিছিল, য’ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ বি আৰ গাভাই আছিল৷ শীৰ্ষ ন্যায়ালয়ৰ ৱেবছাইটত প্ৰকাশিত এক বিবৃতিত এছ চি কলেজিয়ামে উল্লেখ কৰিছিল– উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে তেওঁৰ প্ৰায় এঘাৰ বছৰৰ কাৰ্যকালত ৬৫২টা ৰায় প্ৰদান কৰিছে৷