Logo
image

ছলমানৰ বডীগাৰ্ড ছেৰাৰ সৈতে অভিনেত্ৰী জেকলিনৰ সম্পৰ্কৰ ফটো ভাইৰেল

বলীউডৰ 'কিক্‌' খ্যাত অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ স্বপ্নৰ পুৰুষ আছিল সুকেশ চন্দ্ৰশেখৰ৷ তেওঁৰ লগত বিবাহ পাশত আৱদ্ধ হোৱাৰ পৰিকল্পনা কৰিছিল সিংহলী কন্যাই৷ কিন্তু সপোন পূৰণ নহ’ল জেকলিনৰ৷ বিত্তীয় জালিয়াতিৰ বাবে বৰ্তমান সুকেশ তিহাৰ জে’লত কাৰাবন্দী৷ ২০০ কোটি ভাৰতীয় টকাৰ বিত্তীয় অপৰাধত অপৰাধী সুকেশ৷ অভিনেত্ৰী জেকলিনক ৫ কোটি ৭১ লাখ ১১ হাজাৰ ৯৪২ টকাৰ উপহাৰ দিছিল সুকেশে৷ তদুপৰি বিদেশী বেংক একাউণ্টযোগে ধন লেনদেন কৰাকে ধৰি একাধিক অভিযোগ আছে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে৷ ছলমানখানৰ 'কিক' ছবিৰ যোগেদি জনমানসত লাইমলাইটলৈ অহা অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ ছলমানখানৰ বডীগাৰ্ড ছেৰাৰ লগত মধুৰ সম্পৰ্ক গঢ়ি তোলা বুলি বাতৰি প্ৰকাশ পাইছে৷ দুয়োৰে নিবিড় সম্পৰ্কৰ ফটো ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত৷ জেকলিন আৰু ছলমানৰ বডীগাৰ্ড ছেৰাৰ মধুৰ সম্পৰ্কই তোলপাৰ লগাইছে বি-টাউনত৷ দুয়ো একেটা কোঠাত সহবাস কৰা ফটো শ্বেয়াৰ কৰাৰ পাছত সেই ফটো পলকতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷ দুয়োকে লৈ বলীউডৰ ভিতৰ চ’ৰাত বহু গল্প-গুজব সৃষ্টি হৈছে৷ পৰস্পৰৰ সম্পৰ্কক লৈ ছলমান খানে কি পদক্ষেপ গ্ৰহণ কৰে তাক লৈ নেটিজেনে দৃষ্টি ৰাখিছে৷