Logo
image

বিশ্বৰ শক্তিশালী দেশৰ শীৰ্ষত আমেৰিকাঃ তালিকাৰ দ্বাদশ স্থানত ভাৰত

নিয়ৰ্ক, ৪ ফেব্ৰুৱাৰীঃ সমগ্ৰ বিশ্বৰ শক্তিশালী দেশসমূহৰ তালিকাৰ শীৰ্ষ স্থান পুনৰ দখল কৰিবলৈ সক্ষম হৈছে আমেৰিকাই৷ ইউ এছ নিউজ পাৱাৰৰ ৰেংকিং অনুসৰি চলিত বৰ্ষৰ শক্তিশালী দেশৰ তালিকাৰ শীৰ্ষ স্থানত উল্লেখ হৈছে আমেৰিকাৰ নাম৷ একেদৰে তালিকখনৰ দ্বিতীয় স্থানত আছে চীন৷ প্ৰযুক্তিগত আৰু আৰ্থিক অগ্ৰগতিৰ বাবে চীনে তালিকাখনৰ দ্বিতীয় স্থান লাভ কৰে৷ আনহাতে, তৃতীয় স্থানত উল্লেখ হৈছে ৰাছিয়াৰ নাম৷ তাৎপৰ্যপূৰ্ণ যে এই মুহূৰ্তত জিডিপিৰ হাৰ অনুসৰি বিশ্বৰ ভিতৰত ভাৰতৰ স্থান পঞ্চম হ’লেও শক্তিশালী দেশৰ তালিকাৰ প্ৰথম দহখনৰ দেশৰ ভিতৰত অন্তৰ্ভুক্ত হ’ব পৰা নাই ভাৰত৷ শেহতীয়া তালিকা অনুসৰি ভাৰত বিশ্বৰ শক্তিশালী দেশসমূহৰ দ্বাদশ স্থানতহে  আছে৷ আনহাতে, চতুৰ্থ স্থানত উল্লেখ হৈছে জাৰ্মানীৰ নাম৷ পঞ্চম আৰু ষষ্ঠ স্থানত আছে ক্ৰমে ব্ৰিটেইন আৰু দক্ষিণ কোৰিয়া৷ সপ্তম স্থানত আছে ফ্ৰান্স৷ উন্নত মানৰ ইলেক্ট্ৰনিক ছিপপ্ৰস্তুত কৰা আৰু এ আই তথা বৈদ্যুতিক যান-বাহন নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়োৱাৰ বাবে তালিকাখনৰ অষ্টম স্থানত উল্লেখ হৈছে জাপান৷ সেইদৰে নৱম স্থানত আছে চৌদি আৰৱ৷