Logo
image

কাজিৰঙাত প্ৰকাণ্ড গঁড়ৰ আক্ৰমণত বনকৰ্মী আহত

'আমাৰ অসম'ৰ কাজিৰঙাৰ প্ৰতিবেদক, ৫ ফেব্ৰুৱাৰীঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেওবাৰে সন্ধিয়া এটা গঁড়ৰ আক্ৰমণত দুজনকৈ বনকৰ্মী গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে, ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ অধীনত বৰাকটা বন শিবিৰৰ বনকৰ্মী অনুজ বৰা আৰু জয়ন্ত হাজৰিকাই উদ্যানৰ বাহিৰত খাদ্য সামগ্ৰী ক্ৰয় কৰি শিবিৰলৈ উভতি যাওঁতে হঠাৎ এটা প্ৰকাণ্ড গঁড়ৰ মুখামুখি হয়। বনকৰ্মী দুজনে নিজকে ৰক্ষা কৰিবলৈ চেষ্টা কৰোতেই গঁড়টোৰ আক্ৰমণ কৰাত হাত, ভৰি, মূৰত আঘাতপ্ৰাপ্ত হয়। আহত দুই বনকৰ্মীয়ে প্ৰাণৰ মমতাত চিঞৰ বাখৰ কৰাত গঁড়টো কিছু আতৰি যোৱাতহে দুয়ো কোনোমতে ৰক্ষা পৰে। 

ইফালে আহত অৱস্থাতেই কাৰ্যালয়ত খবৰ দিয়াত দুয়োকে আন সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰি জখলাবন্ধা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰাই উন্নত চিকিৎসাৰ বাবে নিশাই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি কৰায়। আনহাতে বনকৰ্মী জয়ন্ত হাজৰিকাৰ আঘাত গুৰুতৰ হোৱাত নিশাই গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন বিশ্ব প্ৰকৃতি নিধি চমুকৈ ডব্লিউ ডব্লিউ এফৰ সহযোগত গুৱাহাটী এপল' চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আহত বনকৰ্মী জয়ন্ত হাজৰিকাক। 

উল্লেখ্য যে বিগত কিছুদিনৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া ৰাইজৰ লগতে বনকৰ্মীক গঁড়, হাতী, ম'হ আদি বন্যপ্ৰাণীয়ে আক্ৰমণ কৰাৰ ঘটনা বৃদ্ধি পাইছে। ইতিমধ্যে হাতী, ম'হ আদি বন্যপ্ৰাণীৰ আক্ৰমণত দুজনকৈ গঞাৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হ'বলগা হৈছে। প্ৰতিটো মুহূৰ্ততে সজাগ থকাৰ পিছতো কাজিৰঙাৰ বনকৰ্মী বন্যপ্ৰাণীৰ আক্ৰমণত পৰিবলগা ঘটনাই উদ্যান কৰ্তৃপক্ষক চিন্তন কৰি তুলিছে। দুৰ্ভাগ্যজনক যে দিনে-নিশাই পৰিয়ালৰ পৰা নিলগত থাকি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ স্বাৰ্থত অটব্য অৰণ্যৰ মাজত জীৱনৰ নিৰাপত্তা নোহোৱাকৈ নিষ্ঠা সহকাৰে কৰ্তব্য কৰি থাকোতে বন্যপ্ৰাণীৰ আক্ৰমণত আহত হোৱাৰ পিছতো বন বিভাগৰ নাই নিজাববীয়া কোনো চিকিৎসাৰ ব্যৱস্থা।  বৰ্তমান আহত বনকৰ্মীৰ চিকিৎসাৰ বাবে বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ ওপৰত নিৰ্ভৰ  কৰিবলগা পৰিস্থিতি হৈ থকাটো অতি দুৰ্ভাগ্যজনক বুলি প্ৰকৃতিপ্ৰেমীয়ে মত প্ৰকাশ কৰিছে ।